নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫২ বছৰে এটা মন্দিৰ চোৱাচিতা কৰিছে মুছলমানে

ধিঙৰ ব্রহ্মপুত্র চাপৰিত সম্প্রীতিৰ উজ্জ্বল নিদর্শন

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ যি সময়ত ৰাজ্যত সাম্প্রদায়িক শক্তিয়ে জাতি–ধর্মৰ নামত মানুহক ভাগ ভাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে, তেনে সময়তে এটা মন্দিৰৰ বাস্তৱ কাহিনীয়ে দাঙি ধৰিছে সম্প্রীতিৰ উজ্জ্বল নিদর্শন৷ স্থান নগাঁও জিলাৰ ধিঙৰ সর্বদিশতে পিছপৰা ব্রহ্মপুত্রৰ এটা চাপৰি৷ এই চাপৰিটোৰ নাম তিনিটেকীয়া চাপৰি৷ ধিঙৰ পৰা প্রায় বিশ কিলোমিটাৰ নিলগত থকা এই চাপৰিটোত বসবাস কৰে কেৱল মুছলমান সম্প্রদায়ৰ লোকে৷ চাপৰিটোৰ চৌদশে আছে কেৱল মুছলমান সম্প্রদায়ৰ লোক৷ কিন্তু এই চাপৰিটোত আছে এটা বহু পুৰণি শিৱ মন্দিৰ৷ পিছে এঘৰো হিন্দু সম্প্রদায়ৰ লোক নথকা এই শিৱ মন্দিৰটো চোৱাচিতা কৰে কোনে? শুনি আচৰিত হ’লেও সঁচা যে আজি ৫২ বছৰে মুছলমান সম্প্রদায়ৰ লোকসকলে এই মন্দিৰটো চোৱাচিতা কৰে৷ পৱিত্র শিৱৰাত্রিৰ দিনা এই চৰাঞ্চলৰ মুছলমান লোকসকলে দাঙি ধৰিলে সম্প্রীতিৰ এই উজ্জ্বল নিদর্শন৷ নগাঁও–মৰিগাঁৱৰ পৰা গৈ উপস্থিত হোৱা হিন্দু ধর্মাৱলম্বী লোকসকলৰ লগতে মুছলমান সম্প্রদায়ৰ লোকসকলেও একেলগে উদ্যাপন কৰিলে মহাশিৱৰাত্রি৷ হিন্দু–মুছলমানে একেলগে অংশগ্রহণ কৰিলে শিৱ মন্দিৰৰ ধর্মীয় কাম–কাজতো৷ সকলোৱে একেলগে গ্রহণ কৰিলে মহাশিৱৰাত্রিৰ ভোগ–প্রসাদ৷

উল্লেখ্য যে ১৯৬৯ চনত তিনিটেকীয়া চৰৰ মুছলমান লোকসকলৰ সহযোগত স্থাপন কৰা হৈছিল এই শিৱ মন্দিৰটো৷ কিন্তু বান, গৰাখহনীয়া আৰু অনান্য কাৰণত হিন্দু সম্প্রদায়ৰ লোকসকলে সেই সময়তেই উক্ত স্থান এৰি বেলেগ বেলেগ স্থানলৈ গুচি যায়৷ কিন্তু সেই সময়ৰ পৰাই এই মন্দিৰটো চোৱাচিতা কৰি আহিছে মুছলমান সম্প্রদায়ৰ লোকসকলে৷ বর্তমান এই শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদকজনো এজন মুছলমান সম্প্রদায়ৰ লোক৷ বছৰে বছৰে হৈ অহা বানপানী আৰু বিভিন্ন সমস্যৰ বাবে বিগত সময়ছোৱাত এই মন্দিৰটোৰ অৱস্থা কিছু জৰাজীর্ণ হৈছিল যদিও বর্তমান এই ঠাইৰ মুছলমান লোকৰ প্রচেষ্টাতেই এই শিৱ মন্দিৰটো পুনৰ প্রাণ পাই উঠিছে৷ অসমৰ সাম্প্রতিক পৰিস্থিতিৰ সময়ত চৰাঞ্চলত বসবাস কৰা এইসকল লোকে দাঙি ধৰা সম্প্রীতিয়ে কঢ়িয়াই আনিছে এক শুভবার্তা৷ উল্লেখ্য যে তিনিটেকীয়া চাপৰিৰ চৌদিশে প্রায় দহ কিলোমিটাৰ এলেকাত হিন্দু সম্প্রদায়ৰ কোনো লোকৰ বসতি নাই যদিও চৰাঞ্চলৰ এইসকল মুছলমান লোকে শিৱ মন্দিৰটোৰ চোৱাচিতাৰ ক্ষেত্রত কৰা নাই অকণো কৃপণালি৷

You might also like