নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ ভাৰতীয় নির্বাচন আয়োগৰ তত্ত্বাৱধানত অসম বিধানসভাৰ নির্বাচন স্বচ্ছ, নিকা আৰু সুৰক্ষিত ৰূপে অনুষ্ঠিত কৰিবলৈ নির্বাচনী ব্যয় নির্দেশনা বলৱৎ কৰাৰ ক্ষেত্রত অহৰহ চোকা দৃষ্টি ৰখা হৈছে৷ যোৱা ২৬ ফেব্রুৱাৰীত নির্বাচন ঘোষণা কৰা দিনৰ পৰা অসম আৰক্ষী, আবকাৰী বিভাগ, আয়কৰ বিভাগ, ৰাজহ, চোৰাংচোৱা সঞ্চালকালয়, নার্কোটিকছ কণ্ড্রোল ব্যুৰ’, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু অন্যান্য নিয়ন্ত্রক সংস্থাসমূহে ৰাজ্যখনত নগদ ধন আৰু সা–সামগ্রীৰ সন্দেহজনক সৰবৰাহ ধৰা পেলোৱাৰ অর্থে ২৪ ঘণ্টীয়া তৎপৰতা অব্যাহত ৰাখিছে৷ যোৱা ২৬ ফেব্রুৱাৰীৰ পৰা ১১ মার্চ পর্যন্ত ৮.৮০ কোটি টকাৰ নগদ ধন আৰু ৭.৬৮ কোটি টকা মূল্যৰ সুৰা জব্দ কৰা হৈছে৷ ১.৪৬ কোটি টকা মূল্যৰ সোণ–ৰূপৰ আ–লংকাৰো জব্দ কৰা হৈছে৷ প্রায় ১০.১৮ কোটি টকা বজাৰ মূল্যৰ হেৰ’ইন, ভাং আৰু ব্রাডন ছুগাৰ আদিৰ দৰে নিচাযুক্ত দ্রব্য জব্দ কৰা হয়৷ তদুপৰি ৩.৬৯ কোটি টকা মূল্যৰ বিদেশী চিগাৰেট, আফুগুটি আৰু নিচাযুক্ত টেবলেটো এই সময়ছোৱাত জব্দ কৰা হয়৷ এনেদৰে নগদ ধন, সুৰা আৰু অন্যান্য সা–সমগ্রী মিলি ২৬ মার্চৰ পৰা ১১ মার্চ পর্যন্ত মুঠ ৩১.৮১ কোটি টকা জব্দ কৰা হৈছে৷
বঙাইগাঁৱত জব্দ বাৰ লক্ষাধিক টকা
নির্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়তে বঙাইগাঁৱত আজি বৃহৎ পৰিমাণৰ ধন আৰক্ষীয়ে জব্দ কৰে৷ নিউ বঙাইগাঁও আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া শিৱপ্রসাদ কলিতাৰ নেতৃত্বত নিউ বঙাইগাঁও–ডাংতল পথত জব্দ কৰা হয় ১২,৮৬,২০০ টকা৷ বঙাইগাঁৱৰ বিভাস বৰুৱা নামৰ ৰে’ল কর্মচাৰীৰ এএছ–১৯ ই–৩১৮৪নং চাৰিচকীয়া বাহনৰ পৰা এই টকাখিনি জব্দ কৰে আৰক্ষীয়ে৷ লোকজনে বাসুগাঁও অভিমুখে গৈ থকা সময়তে আৰক্ষীয়ে জব্দ কৰে এই ধন৷ লোকজনে মাটিৰ ধন আদায় দিয়াৰ বাবে টকাখিনি নিয়াৰ সময়তে আৰক্ষীয়ে কৰায়ত্ত কৰে৷ আৰক্ষীয়ে ধনৰ উৎস পৰীক্ষা কৰি আছে৷
কঠীয়াতলীত টকাৰ উজান, ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ তালাচীত উদ্ধাৰ টকাৰ বাণ্ডিল
নির্বাচনী অধিসূচনা জাৰি কৰাৰ পাছৰ পৰাই কঠীয়াতলী অঞ্চলত ঠায়ে ঠায়ে ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ তালাচীত ধন জব্দ হৈ আহিছে৷ আজি কঠীয়াতলী আৰক্ষী পহৰা চকীৰ আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে চলোৱা তালাচী অভিযানত প্রকাশ প্রহ্লাদ নামৰ লোকজনে এ এছ–০১ বি জি–৮৮৮৮ নম্বৰৰ বাহনখনত ডিমাপুৰৰ পৰা গুৱাহাটীলৈ অনা ১ লাখ টকা আৰু শংকৰ আচার্যী নামৰ লোকজনে লামডিৰ পৰা গুৱাহাটীলৈ বুলি এ এছ–০১ বি টি–০২৪৯ নম্বৰ বাহনখনত অনা ৮৫ হাজাৰ টকা জব্দ হয়৷ কঠীয়াতলী আৰক্ষীয়ে ধনসহ তেওঁলোকক আৰক্ষী চকীলৈ আনি সোধা–পোছা অব্যাহত ৰাখিছে৷