মার্চৰ দৰমহা–পেন্সনৰ বিল ২৩ মার্চৰ পৰা গ্রহণৰ নির্দেশ কোষাগাৰক
নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ চলিত বিত্তীয় বর্ষ শেষ হ’বলৈ মাজত মাত্র কেইটামান দিন বাকী থকাৰ পৰিপ্রেক্ষিতত অন্তিম সময়ত যাতে কোষাগাৰত বিলৰ হেঁচা নপৰে, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে আজি এক নির্দেশযোগে কোষাগাৰসমূহক ৰাজ্যিক কর্মচাৰীৰ মার্চ মাহৰ দৰমহা আৰু পেন্সনৰ বিলসমূহৰ লগতে অনুদান আদি অহা ২৩ মার্চৰ পৰা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷ সেইদৰে কণ্টিজেঞ্চী আৰু দৰমহাবহির্ভূত শিতানৰ বিলসমূহ গ্রহণৰ দিন ২৬ মার্চ ধার্য কৰিছে৷ কোষাগাৰ বিষয়াসকলে এই চৰম সীমা কঠোৰভাৱে মানিবলৈ নির্দেশ দিয়া হৈছে৷ তদুপৰি অহা ২৭ আৰু ২৮ মার্চ অর্থাৎ চতুর্থ শনিবাৰ আৰু দেওবাৰৰ দিন দুটা খোলা ৰাখিবলৈ নির্দেশটোত কোৱা হৈছে৷