নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঞ্চলিক দলসমূহ ঐক্যবদ্ধ নহ’লে মূলসুঁতিৰ অসমীয়া সুৰক্ষিত নহ’ব

সাক্ষাৎগ্রহণ- পুলক কুমাৰ ডেকা

আপুনি শিল্প সংস্কৃতিৰ ক্ষেত্রত জডিত লোক৷ ৰাজনীতিত জডিত নাছিল৷ কিন্তু হঠাৎ কিয় নির্বাচনত অৱতীর্ণ হ’ল?
ঃ মই নির্বাচনী ৰাজনীতিত জডিত হোৱা নাছিলোঁ যদিও অসমৰ সামাজিক–ৰাজনৈতিক ক্ষেত্রখনৰ সৈতে ছাত্র অৱস্থাৰ পৰাই প্রত্যক্ষভাৱে জডিত হৈ আহিছেছা৷ যিবোৰ অসমৰ সমস্যা, সেইবোৰৰ সৈতে মই জডিত হৈ আছিলোঁ৷ মাধ্যম আন্দোলনত মই জডিত হৈ পিছত খাদ্য আন্দোলন আৰু বিশেষকৈ অসমৰ বিদেশী বিতাডন আন্দোলনত প্রত্যক্ষভাৱে জডিত হৈ পৰিছিলোঁ৷ ছাত্র সন্থাৰ সেই সময়ৰ গণ আন্দোলনত আমি প্রত্যক্ষভাৱে জডিত হৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিলোঁ৷ অৱশ্যে মই অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদত আছিলোঁ৷ তথাপি ছাত্র সন্থাৰ লগত একেলগে কাম কৰিছিলোঁ৷ সেই সময়ত মানুহৰ সৈতে নিবিড সম্পর্ক গঢ়ি উঠিছিল৷ অসমৰ সামাজিক–ৰাজনৈতিক দৃশ্যপটৰ সৈতে পৰিচিত হৈছিলোঁ৷ প্রকৃততে মই আছিলোঁ নাটক–গানৰ মানুহ৷ নাটক কৰি ভাল পাওঁ, গান গাই ভাল পাওঁ, চিনেমাত অভিনয় কৰি ভাল পাওঁ৷ সেইবাবেই সামাজিক আৰু সাংসৃকতিক ক্ষেত্রখনতেই মই জডিত হৈ আহিছেছা৷ কিন্তু ৰাজনৈতিক চিন্তাচর্চা, ধ্যান–ধাৰণাৰ পৰা আঁতৰি থকা নাছিলোঁ৷ এইবাৰ নির্বাচনত অৱতীর্ণ হোৱা ঘটনাটো আকস্মিকভাৱে হোৱাৰ দৰেই হ’ল৷ বিভিন্ন সময়ত বহুতেই মোক কৈছিল– মই নির্বাচন খেলিব লাগে৷ কিন্তু নির্বাচন খেলিবলৈ এখন মঞ্চ লাগিব আৰু সেই মঞ্চখন অসমৰ জনগণৰ মনত প্রতিষ্ঠিত হ’ব লাগিব৷ তেনে এখন মঞ্চ অবিহনে নির্বাচনত অৱতীর্ণ হোৱাৰ কথা ভাবিব নোৱাৰি৷ তেতিয়া মোৰ মনত প্রশ্ণ হ’ল– নির্বাচন মই কোন দলৰ পৰা খেলিম৷ মোৰ শুভাকাংক্ষীসকলৰ অধিকাংশই অসম গণ পৰিষদ দলৰ সৈতে প্রত্যক্ষ অথবা পৰোক্ষভাৱে জডিত৷ সেয়েহে তেওঁলোকে মোক এই দলটোৰ পৰাই নির্বাচনত অৱতীর্ণ হোৱাৰ পৰামর্শ দিলে৷ অসমৰ এটা শক্তিশালী আঞ্চলিক দল অসম গণ পৰিষদ৷ এই মঞ্চখনেই মোৰ বাবে ডপযুক্ত হ’ব বুলি বিবেচনা কৰিলোঁ৷ ইফালে, মোৰ সৈতে দলটোৰ নেতা–কম্ৰ যোগাযোগ চলিল আৰু হঠাতে মই দলত যোগদান কৰিলোঁ৷ আপোনালোকে নাভাবিব যে মই কোনোবা দলৰ পৰা নির্বাচিত হ’লেও ৰাইজৰ হৈ মাত নামাতিম৷ আপোনালোকে জানে যে ৰাইজৰ হৈ কথা কোৱা আটাইতকৈ শক্তিশালী মঞ্চখনেই হ’ল অসম বিধানসভাৰ মজিয়া৷ গতিকে বিধানসভাৰ মজিয়াত ৰাইজৰ কথা কোৱাৰ সুযোগ পাম৷ বহুতেই হয়তো জানে আৰু বহুতেই এটা কথা নাজানে যে মোৰ দেডতা যেতিয়া ১৯৬৭ চনত বিধানসভালৈ নির্বাচিত হৈছিল আৰু ১৯৬৮ চনত বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যপালে ভাষণ দি থকাৰ সময়তে আধাতে ভাষণ ৰখাই মোৰ দেডতা বিষুপ্রসাদ ৰাভাই প্রশ্ণ কৰিছিল৷ দেডতাই ৰাজ্যপালক কৈছিল– আপোনাৰ ভাষণ আধৰুৱা হৈ আছে৷ চিনেমা জগতৰ কাৰণে, চিনেমাত কাম কৰা মানুহৰ বাবে, অসমীয়া চিনেমাৰ বাবে এটা ৰেকর্ডিং ষ্টুডি’ হ’ব লাগে৷ গুৱাহাটীত এখন অত্যাধুনিক ৰংগমঞ্চ হ’ব লাগে৷ ইয়াৰ পিছত ৰবীন্দ্র ভৱনৰ দৰে ৰংগমঞ্চ গুৱাহাটীত হৈছিল৷ আনকি তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে সভা–সমিতিত কয়– ‘মই কৰিব নোৱাৰা কাম বিষুপ্রসাদ ৰাভাই দুবছৰীয়া কার্যকালতে কৰি দেখুৱাইছিল৷’ দেডতাই দুবছৰতকৈ কম সময় প্রতিনিধিত্ব কৰি যি কাম কৰিলে, সেই কথা আজিও মানুহে কয়৷

মহান শিল্পীৰ পুত্র আপুনি৷ শিল্পী হিচাপে চিৰনমস্য বিষুপ্রসাদ ৰাভাই জনপ্রতিনিধিৰূপেও মানুহৰ মনত জীয়াই আছে৷ গতিকে তেওঁৰ পুত্রৰ প্রতিও মানুহৰ যথেষ্ট প্রত্যাশা থাকিব৷ আপুনি কি কয়?
ঃ প্রত্যাশাতো মানুহৰ থাকে আৰু থাকিবই৷ কিন্তু কথা হ’ল, কিছুমান আশা–আকাংক্ষা ব্যক্তিগত, যেনে– ল’ৰাটোৰ চাকৰি হোৱা নাই, ছোৱালীজনীৰ সংস্থাপন নাই ইত্যাদি৷ কথা হ’ল, আমি এই ব্যক্তিগত সমস্যা সমাধানৰ বাবে বহু কাম কৰিব পাৰোঁ৷ চৰকাৰী চাকৰি এটা নিয়মৰ মাজেৰে হয় আৰু বিজ্ঞাপন প্রকাশৰ পিছত পৰীক্ষাত অৱতীর্ণ হৈ একাংশ ল’ৰা–ছোৱালীয়ে লাভ কৰিব৷ ইয়াৰ দ্বাৰা নিবনুৱা সমস্যা সমাধান সম্ভৱ নহয়৷ কিন্তু ব্যৱসায়–বাণিজ্য, কৃষিকর্ম, মৎস্যপালন, দুগ্ধ ডৎপাদন আদিৰ জৰিয়তে বৃহৎসংখ্যক নিবনুৱাৰ কর্মসংস্থাপনৰ বাট মুকলি কৰিব পৰা যায়৷ মোৰ ঘৰত পমুৱা মুছলমানসকল আহিছিল৷ তেওঁলোকেও বহু সমস্যাৰ কথা অৱগত কৰিছিল৷ মই তেতিয়া কৈছিলোঁ যে এই সমস্যা সমাধান কৰিব পৰা যায়৷ সম্প্রতি কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বহু অভিলাষী আঁচনি আৰম্ভ হৈছে৷ এই আঁচনিসমূহ আনিব পাৰিলে আৰু সঠিক ৰূপায়ণ কৰিব পাৰিলে যথেষ্ট পৰিমাণে জনসাধাৰণে সকাহ লাভ কৰিব৷ দ্বিতীয়টো সমস্যা হ’ল ৰাজহুৱা সমস্যা৷ যেনে– বানপানী, গৰাখহনীয়া, জলসিঞ্চনৰ অভাৱ, কৃষিক্ষেত্রৰ সমস্যা ইত্যাদি৷ এই ক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ আঁচনি ৰূপায়ণৰ বাবেও চেষ্টা কৰিব লাগিব৷ ক্রীডাৰ ক্ষেত্রত তেজপুৰখনৰ এটা সময়ত নাম আছিল৷ আমি যদি ক্রীডাৰ আন্তঃগাঁথনি ডন্নয়ন কৰি গাঁৱে–ভূঞে থকা ল’ৰা–ছোৱালীক জডিত কৰিব পাৰোঁ, তেন্তে শাৰীৰিক–মানসিক ডৎকর্ষ সাধনৰ লগতে এটা ডজ্জ্বল ভৱিষ্যতৰ দিশে আগবঢ়াই নিব পাৰিম৷ তেজপুৰত এটা মাল্টি স্প’টছ কমপ্লেক্স স্থাপনৰ পৰিকল্পনা কৰিছোঁ৷ য’ত ছুইমিং পুলৰ পৰা ফুটবল গ্রাডণ্ডলৈ, দৌৰৰ ড্রেকৰ পৰা বিভিন্ন ইনড’ৰ গেমছৰ সুবিধা ডপলব্ধ হ’ব৷ একেদৰে সকলোৱে জানো যে তেজপুৰখন এখন সাংসৃকতিক নগৰী৷ ইয়াতেই কলাগুৰু বিষুপ্রসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা, নটসূর্য ফণী শর্মা, ভাৰতৰত্ন ভূপেন হাজৰিকাৰ দৰে মহান শিল্পীয়ে শিল্পচর্চা কৰিছিল৷ এনে অনেক শিল্পীক জন্ম দিয়া তেজপুৰত এই পৰিৱেশৰ সৃষ্টি হৈছিল বাণ থিয়েটাৰৰ দৰে পুৰণি অনুষ্ঠানবোৰৰ প্রেৰণাত৷ তেজপুৰৰ কলিবাৰীৰ বাণ ৰংগমঞ্চৰ পৰা আৰম্ভ কৰি বাঁহবাৰীৰ ঊষা নাট্য মন্দিৰ, ডেকাৰগাঁও, মাজগাঁও আদিৰ নাট্যানুষ্ঠান ৰংগমঞ্চৰ অভূতপূর্ব বৰঙণি আছে৷ কিন্তু এতিয়া প্রায়বোৰ পুৰণি ৰংগমঞ্চৰ অৱস্থা বৰ ভাল নহয়৷ গতিকে এনেবোৰ অনুষ্ঠানত প্রাণ সঞ্চাৰ কৰি আন্তঃগাঁথনি ডন্নয়ন আৰু সাংসৃকতিক চর্চাৰ প্রাণকেন্দ্রৰূপে গঢ়ি তোলাৰ মোৰ পৰিকল্পনা আছে৷ শিৱৰাত্রিৰ দিনা হেংগুলেশ্বৰ দেৱালয় খহি পৰিছে৷ তেনেকুৱা বহু ঐতিহাসিক মন্দিৰ–দেৱালয় আছে তেজপুৰত৷ এই ঐতিহাসিক স্থানসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা আৰু তেজপুৰক পর্যটন ক্ষেত্র ৰূপে গঢ়ি তোলাৰ বাবেও কৰণীয় আছে৷ তেজপুৰ পর্যটন ক্ষেত্রৰ প্রাণকেন্দ্র হ’ব পাৰে৷ সুপৰিকল্পিত আঁচনিৰ জৰিয়তে এই কাম সম্ভৱ কৰি তুলিব পাৰি৷

জ্যেষ্ঠ অগপ নেতা বৃন্দাবন গোস্বামীয়ে নির্দলীয় প্রাথ্ৰূপে মনোনয়ন দাখিল কৰিছিল যদিও পিছত প্রত্যাহাৰ কৰে৷ কিন্তু গোস্বামীৰ ক্ষোভ ডপশম হোৱা নাই৷ বৃন্দাবন গোস্বামীৰ পৰা আপুনি সহযোগিতা লাভ কৰিবনে?
ঃ বৃন্দাবন গোস্বামী ডাঙৰীয়া মোৰ জ্যেষ্ঠ ককাইদেডৰ দৰে৷ তেওঁৰ সৈতে মোৰ আৰু পৰিয়ালৰ পুৰণি সম্পর্ক৷ তেওঁৰ অসমৰ সমাজ জীৱনৰ প্রতি যথেষ্ট অৰিহণা আছে৷ অসমৰ মাধ্যম আন্দোলন, খাদ্য আন্দোলনৰ পৰা বিদেশী বিতাডন আন্দোলনলৈকে বৃন্দাবন গোস্বামীৰ বিশেষ অৱদান আছে৷ মই তেওঁক শ্রদ্ধা কৰোঁ৷ কিন্তু শেহতীয়াকৈ দলে তেওঁক দলীয় প্রার্থিত্ব প্রদান নকৰাত স্বাভাৱিকতে ক্ষোভ আছে আৰু খং আছে৷ পূর্বতেও মই সংবাদ মাধ্যমৰ জৰিয়তে গোস্বামী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ আৰু আজিও পুনৰ কওঁ– ‘বৃন্দাবনদা আপুনি মোৰ লগত থাকক, মোক সহযোগিতা কৰক৷ আপুনি ক্ষোভ এৰি দিয়ক, আপুনি ওলাই আহক আৰু বৃন্দাবন গোস্বামী সদায় বৃন্দাবন গোস্বামীয়েই হৈ থাকক৷’

আঞ্চলিকতাবাদী দল অগপক শক্তিশালী কৰাৰ ক্ষেত্রত আপোনাৰ ভূমিকা কি হ’ব?
ঃ ময়ো দলটোত নতুন৷ দলৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশত মই বিশেষভাৱে জডিত নহয়৷ এটা কথাই জানো যে অসম গণ পৰিষদৰ জন্ম এটা ঐতিহাসিক ক্ষণত হৈছিল৷ দলৰ সক্রিয় সদস্য নাছিলোঁ যদিও দলটোৰ প্রতি আমাৰ সকলোৰে আনুগত্য পূর্বৰে পৰা আছিল৷ অসমৰ ৰাইজে দলটোৰ প্রতি আস্থা ৰাখি কেইবাবাৰো নির্বাচনত জয়ী কৰাইছিল৷ এতিয়া দলৰ সাংগঠনিক দিশটো অধিক আগবঢ়াই নিব লাগিব৷ মই অনুৰোধ কৰিম– অসমৰ যিসকল যুৱক–যুৱতীয়ে অসমক ভাল পায়, অসমৰ কৃষ্টি–সংসৃকতিক ভাল পায়, অসমখনৰ ডন্নতি বিচাৰে অথবা ৰাজনৈতিক ক্ষেত্রত জডিত হৈ নিজে অসমৰ কাৰণে কাম কৰিব বিচাৰে, তেওঁলোক আহক আৰু অসম গণ পৰিষদত যোগদান কৰি দলটোক পুুনৰুজ্জীৱিত কৰক৷ অসম গণ পৰিষদে নতুন লক্ষ্য, নতুন চিন্তা, নতুন সাজেৰে আগবাঢ়িছে৷ তাত যদি আমি লগ দিওঁ, অসম গণ পৰিষদ শক্তিশালী হ’ব আৰু অসমৰ আঞ্চলিকতাবাদো শক্তিশালী হ’ব৷

নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল সম্পর্কে আপোনাৰ মন্তব্য কি?
ঃ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ দল দুটা গঠনৰ পূর্বে অর্থাৎ যেতিয়া এই দলকেইটা অৰাজনৈতিক হৈ আছিল, তেতিয়া ময়ো তেওঁলোকৰ লগত জডিত আছিলোঁ৷ দল গঠনৰ পূর্বে মই স্পষ্টভাৱে কৈছিলোঁ যে অসমত অসমীয়া মানুহ বহুত কম৷ থলুৱা জাতি–জনগোষ্ঠী আৰু মূলসুঁতিৰ অসমীয়া মানুহ সকলো একত্রিত হৈ থাকিব লাগিব৷ একেলগে একেখন মঞ্চতে আগবাঢ়িব লাগিব৷ নহ’লে একো লাভ নহ’ব৷ কিন্তু তেওঁলোক একত্রিত হ’ব নোৱাৰিলে৷ একেখন মঞ্চত সকলোকে একত্রিত কৰিব নোৱাৰিলে অসমীয়া জাতি সুৰক্ষিত নহ’ব৷ আমি ঐক্যবদ্ধ হ’ব লাগিব৷ সেই কথা মই স্পষ্টভাৱে কৈছিলোঁ৷ কিন্তু তেওঁলোকে নামানিলে৷ বেলেগে বেলেগে দল খুলিলে৷ সকলোকে একত্রিত কৰিব নোৱাৰিলে৷ অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ তেওঁলোকৰ যি ভূমিকা, সেই ভূমিকা দুর্বল হিচাপে থাকি গ’ল আৰু দুর্বল হিচাপেই থাকি যাব৷

তেজপুৰত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্রাথ্ দুগৰাকীয়ে প্রভাৱ পেলাবনে?
ঃ তেজপুৰত তেওঁলোকে প্রভাৱ পেলোৱাটো সম্ভৱ নহ’ব৷ কাৰণ সংগঠন শক্তিশালী কৰিব পৰা নাই৷ তেওঁলোকৰ যি ডদ্দেশ্য–লক্ষ্য, সেই লক্ষ্য–ডদ্দেশ্য সাধনৰ বাবে বহু কৰণীয় বাকী আছে৷ মই নকওঁ যে অদূৰ ভৱিষ্যতে তেওঁলোকৰ প্রভাৱ নাথাকিব৷ হয়তো সাংগঠনিক ভেটি সুদৃঢ় কৰিলে পৰৱত্ সময়ত তেওঁলোকৰ স্থিতি সবল হ’ব৷ কিন্তু আজি এই সময়ত, এই নির্বাচনত এই দুটা দলে বিশেষ প্রভাৱ নেপেলায়৷

তেন্তে আপোনাৰ মূল প্রতিদ্বন্দ্বিতা কাৰ লগত হ’ব?
ঃ প্রতিদ্বন্দ্বিতা কংগ্রেছৰ লগতেই হ’ব৷ কিন্তু ৰাইজ মোৰ লগত থাকিব৷ কংগ্রেছৰ যিখিনি দলীয় সমর্থক আছে, তেওঁলোকে নিশ্চয় নিজৰ দলটোক সমর্থন কৰিব৷ সেয়া প্রতিটো ৰাজনৈতিক দলৰ ক্ষেত্রতেই হয়৷ কিন্তু সর্বসাধাৰণ ভোটাৰ ৰাইজে ভাবি–গুণিহে ভোটদান কৰিব৷ সাধাৰণ ভোটাৰ ৰাইজে অগপ–বিজেপি মিত্রজোঁটৰ প্রাথ্ হিচাপে মোক সমর্থন কৰিব বুলি দৃঢ় বিশ্বাস৷

এইবাৰ কংগ্রেছ আৰু এ আই ইড ডি এফ একত্রিত হৈছে৷ গতিকে আপোনাৰ বাবে প্রত্যাহ্বান হ’ব পাৰে নেকি?
ঃ মই কৈছোঁৱেই যে প্রতিটো ৰাজনৈতিক দলৰ কিছু সদস্য আৰু সমর্থক থাকে৷ গতিকে সেই সমর্থক–সদস্যসক্ নিজৰ দলক সমর্থন কৰাটো স্বাভাৱিক৷ কিন্তু অধিকাংশ নিৰপেক্ষ ভোটাৰে কংগ্রেছ মহাজোঁটক সমর্থন নকৰে৷ তদুপৰি সামাজিক–সাংসৃকতিক আৰু ৰাজনৈতিক ক্ষেত্রৰ বন্বুূ–বান্ধৱী, বিভিন্ন শ্রেণীৰ লোকে এইকেইদিন মোক ডৎসাহ আৰু প্রেৰণা যোগাইছে৷ হিন্দু–মুছলমান, অসমীয়া–বাঙালী– বিভিন্ন জাতি–বর্ণৰ লোকে স্বতঃস্ফূর্তভাৱে সমর্থন জনোৱাৰ প্রতি লক্ষ্য ৰাখি মোৰ বাবে কংগ্রেছ প্রত্যাহ্বান নহ’ব বুলি অনুভৱ কৰিছেছা৷

কংগ্রেছৰ প্রাথ্গৰাকী আপোনাৰ আত্মীয়৷ তেনেস্থলত এইবাৰ আত্মীয়ৰ সৈতে যুঁজ দিব পাৰিবনে?
ঃ অর্জুনে যেতিয়া যুদ্ধত নামিছিল, তেতিয়া সমুখ সমৰত আত্মীয়–স্বজনক দেখি অর্জুনে কৃষক কৈছিল– মই এই যুদ্ধ কৰিব নোৱাৰিম৷ সন্মুখত মোৰ মামা, ভাতৃ, আত্মীয়–স্বজন– কেনেকৈ যুদ্ধ কৰিম৷ তেতিয়া শ্রীকৃষই অর্জুনক কৈছিল– এই যুদ্ধ তোমাৰ আত্মীয়–স্বজনৰ বিৰুদ্ধে নহয়৷ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যুদ্ধ৷ যুদ্ধ নকৰিলে পৃথিৱীত অন্যায়ৰ ৰাজত্ব চলিব৷ গতিকে ন্যায়ৰ যুদ্ধত অৱতীর্ণ হ’বই লাগিব৷

You might also like