নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ সশস্ত্র বাহিনীত নিযুক্তি দিয়াৰ বাবে উৎকোচ গ্রহণ কৰাৰ অভিযোগত অভিযুক্ত হৈছে সাতগৰাকী সেনা বিষয়া৷ কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে চলোৱা তদন্তত পাঁচগৰাকী লেফটেনেণ্ট কর্নেল, এগৰাকী মেজৰ আৰু এগৰাকী লেফটেনেণ্টসহ মুঠ ২৩গৰাকী লোকক অভিযুক্ত কৰা হৈছে৷
উল্লেখনীয় যে কালি ১৩খন চহৰত ৩০টা স্থানত এই গোচৰটো সন্দর্ভত তালাচী চলাইছিল চি বি আয়ে৷ স্থলসেনাৰ মুঠ ১৭গৰাকী লোকে নিযুক্তি দিয়াৰ বিনিময়ত উৎকোচ গ্রহণ কৰিছিল বুলি অভিযোগ আনিছে তদন্তকাৰী সংস্থাটোৱে৷
স্মর্তব্য যে সেনাৰ অভিযোগৰ ভিত্তিতেই এক গোচৰ ৰুজু কৰা হৈছিল৷ যোৱা মাহত চি বি আয়ে অভিযোগ লাভ কৰাৰ পিছত গোচৰটোৰ তদন্ত আৰম্ভ কৰে৷ তদন্তত পোৱা তথ্য অনুসৰি নতুন দিল্লী বেছ হাস্পতালত চাকৰিপ্রত্যাশী প্রার্থীক উৎকোচ গ্রহণ কৰি বিভিন্ন ধৰণে সহায় কৰিছিল স্থলসেনাৰ ১৭ বিষয়া–কর্মী তথা অন্য ৬গৰাকী লোকে৷
উল্লেখনীয় যে এই নিযুক্তি চক্রৰ মাষ্টাৰমাইণ্ড হিচাপে চিনাক্ত কৰা হৈছে লেফটেনেণ্ট কর্নেল এম ভি এছ এন এ ভগৱানক৷ ভগৱান হৈছে আর্মী এয়াৰ ডিফেন্স ক’পছৰ বিষয়া৷