আজমল দিছপুৰলৈ আহিলে মূৰ দাঙি উঠিব নোৱাৰিব অসমীয়া জাতি
ধর্মপুৰ–বঢ়মপুৰ ড০ হিমন্ত বিশ্ব শর্মাৰ বিশাল ৰোড শ্ব’–জনসভা
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ আজমল যদি দিছপুৰলৈ আহে, মূৰ দাঙি উঠিব নোৱাৰিব অসমীয়া জাতিয়ে৷ –১০০ প্লাছ আসন দখলৰ লক্ষ্যৰে উজনি–নামনিত ব্যাপক প্রচাৰ অভিযানত নামি পৰা মন্ত্রী ড০ হিমন্ত বশ্ব শর্মাই আজি এই মন্তব্য কৰে৷ নগাঁও জিলাৰ বঢ়মপুৰ ৰাজহুৱা খেলপথাৰত আজি বিজেপি প্রার্থী জিতু গোস্বামীৰ সমর্থনত আয়োজন কৰা বিশাল সংকল্প সমাৰোহত ভাষণ প্রদান কৰি ড০ শর্মাই কয়– কোনো কাৰণতে আজমলে যাতে দিছপুৰৰ ওচৰ চাপিব নোৱাৰে, তাৰ বাবে ৰাইজে সংকল্প ল’ব লাগিব৷ এটা ভোটো যদি আজমলৰ সপক্ষে যায়, বিপদাপন্ন হ’ব অসমীয়া ৰাইজ, অসমীয়া সমাজ৷ তেওঁ দোহাৰে যে ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলে বাংলাদেশতহে মুখ্যমন্ত্রী হ’ব পাৰিব৷ ক্ষমতাৰ লালসাত ৰিপুণ বৰাই আজমলৰ বোকোচাত উঠিছে৷ কিন্তু অসমীয়া আজমলৰ ওচৰত বিক্রী যাব নোৱাৰে৷ আজমলক সমর্থন কৰিলে অসমীয়া জাতিয়ে কাকো ক্ষমা নকৰে৷ বিজেপিক ভোট দিয়াৰ অর্থ হ’ব সত্র সংস্কৃতি বচাই ৰখা৷ তেওঁ দৃঢ়তাৰে কয়– এইবাৰ অসমত নিশ্চিতভাৱে বিজেপিৰ চৰকাৰ হ’ব৷ অসমৰ বিভিন্ন ঠাইত মই নির্বাচনী সভাত অংশগ্রহণ কৰিছোঁ আৰু দেখিবলৈ পাইছোঁ ৰাইজৰ মৰম, স্নেহ৷ অসমত ১৫ বছৰ কংগ্রেছৰ চৰকাৰ আছিল৷ তেতিয়া কংগ্রেছৰ আঁচনি আছিল লুঙি, ধুতী আৰু সূতা৷ লুঙিৰ ক্ষেত্রত কংগ্রেছৰ মৰম অলপ বেছি আছিল৷ কিন্তু বিজেপি চৰকাৰে এই আঁচনি তথা ৰাজনীতিৰ পৰিৱর্তন ঘটাই দুখীয়া ৰাইজৰ সর্বাংগীণ উন্নয়নৰ বাবে পদক্ষেপ লৈছে৷ আমাৰ চৰকাৰে প্রতিবছৰে ৪ লাখ ছাত্র–ছাত্রীক বিনামূলীয়া নামভর্তি কৰোৱাৰ ব্যৱস্থা লৈছে, বিনামূলীয়া পাঠ্যপুথি প্রদান কৰিছে, ১,৫০০ টকাকৈ কিতাপ কিনিবলৈ অনুদান দিছে৷ সেয়াই নহয়, প্রতিগৰাকী বৃদ্ধ ব্যক্তি, বিধৱাই পেন্সন লাভ কৰিছে৷ ৰাজ্যৰ ৫৮ লাখ পৰিয়াললৈ মাহে ৩৫ কেজিকৈ বিনামূলীয়া চাউল দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ আজি উচ্চতৰ মাধ্যমিকত উত্তীর্ণ মেধাৱী ছাত্রীসকলক প্রদান কৰা হৈছে স্কুটী৷ গাঁৱে গাঁৱে ৰাস্তা–দলং পকী হোৱাৰ লগতে হাস্পতালো নির্মাণ হৈছে৷ চৰকাৰ গঠন হ’লে ২০২২ চনৰ মার্চ মাহৰ আগতে এক লাখ নিবনুৱা যুৱক–যুৱতীক চাকৰি দিয়া হ’ব৷ প্রতিবছৰে দুই লাখ ল’ৰা–ছোৱালীক ‘স্বয়ম’ আঁচনিৰ জৰিয়তে সামৰি লোৱা হ’ব৷ আনহাতে, মাইক্র’ফাইনেঞ্চৰ পৰা ঋণ লৈ যিসকল মহিলা ক্ষতিগ্রস্ত হৈছে, সেই মহিলাসকলৰ ঋণ ঘূৰাই দিয়াৰ দায়িত্ব চৰকাৰে ল’ব বুলি আশ্বাস দিয়ে মন্ত্রী ড০ শর্মাই৷
ধর্মপুৰ সমষ্টিৰ বাবে চন্দ্রমোহন পাটোৱাৰীৰ মনোনয়ন দাখিল
পুৰণি ৫০০ টকাৰ যিদৰে মূল্য নাই, সেইদৰে কংগ্রেছৰো এতিয়া মূল্য নাই৷ ধর্মপুৰতো কংগ্রেছৰ নাম–গোন্ধ নোহোৱা হৈছে৷ –আজি এইদৰে কংগ্রেছৰ সমালোচনাত সৰৱ হৈ পৰিল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ উল্লেখ্য যে আজি বিশাল সমদলেৰে ধর্মপুৰ সমষ্টিত চন্দ্রমোহন পাটোৱাৰীয়ে নলবাৰী জিলা উপায়ুক্তৰ ওচৰত মনোনয়ন দাখিল কৰে৷ মনোনয়ন দাখিলৰ পাছতে বিয়লি নলবাৰীৰ গর্ডন স্কুল খেলপথাৰত আয়োজন কৰা এখন বিশাল সভাত চন্দ্রমোহন পাটোৱাৰীক সংগ দিয়ে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই সভাতে ভাষণ প্রদান কৰি মন্ত্রী ড০ শর্মাই কয়– কংগ্রেছৰ পোষ্টাৰত গেৰাণ্ঢী লিখা আছে৷ মোৰ এনেকুৱা লাগিছে যে বস্তু বেচা–কিনাৰ বাবেহে গেৰাণ্ঢী দিছে৷ কোনো ৰাজনৈতিক দলৰ এনে শ্লোগান পূর্বে আমি দেখা নাই৷ আনহাতে, এইবাৰ ধর্মপুৰ সমষ্টিত চন্দ্রমোহন পাটোৱাৰীৰ বিজয় সু–নিশ্চিত বুলি উল্লেখ কৰি তেওঁ কয়– ধর্মপুৰ সমষ্টিৰ পৰা চন্দ্রমোহন পাটোৱাৰী জয়ী হ’লে পুনৰ মন্ত্রী হ’ব৷ গতিকে ৰাইজে বিচাৰ কৰক, মন্ত্রী হ’ব পৰা প্রার্থীক জয়যুক্ত কৰিব লাগে নে পিছফালে বহি হাত চাপৰি বজাই থকা প্রার্থীক জয়যুক্ত কৰিব লাগে৷ ধর্মপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা অসম জাতীয় পৰিষদৰ প্রার্থী ড০ শিখৰ শর্মাক কটাক্ষ কৰি কয়– শিখৰ শর্মাই বিশ্ববিদ্যালয়ত ছাত্র–ছাত্রীক পঢ়ুওৱাত ব্যস্ত থকা ভাল৷ ৰাজনীতিলৈ আহিব নালাগে৷ নির্বাচনত জয়ী হ’লে তেওঁ বিধানসভাৰ পিছফালে বহি হাততালি বজাইহে থাকিব লাগিব৷ উল্লেখ্য যে আজি বিয়লিৰ ভাগত ধর্মপুৰৰ পানীগাঁও মিলন হাইস্কুল খেলপথাৰৰ অস্থায়ী হেলিপেডত হেলিকপ্ঢাৰেৰে অৱতৰণ কৰা মন্ত্রী ড০ শর্মাই পোনে পোনে গর্ডন স্কুল খেলপথাৰত উপস্থিত হয়৷ আজিৰ সভাখনত নলবাৰীৰ বিজেপি প্রার্থী জয়ন্ত মল্ল বৰুৱা, অগপ নেতা কুমাৰ দীপক দাস, দিলীপ পাটগিৰি, বিজেপিৰ নেতা নায়াত ছাইনী উপস্থিত থাকে৷
ৰূপজ্যোতি কুর্মীৰ ভেটি কঁপাই মৰিয়নিত হিমন্ত বিশ্বৰ ৰোড শ্ব’
কংগ্রেছৰ তিনিবাৰৰ বিধায়ক ৰূপজ্যোতি কুর্মীৰ ভেটিত কঁপনি তুলি আজি মৰিয়নিত ৰোড শ্ব’ত অংশ লয় স্বাস্থ্য–বিত্ত–শিক্ষা আদি দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কংগ্রেছক মৰিয়নিৰ পৰা উৎখাত কৰাৰ উদ্দেশ্যে ড০ শর্মাই এই বিশাল ৰোড শ্ব’ত অংশ লয়৷ মৰিয়নিৰ ডকলংগীয়া চাহবাগিচাৰ খেলপথাৰত হেলিকপ্ঢাৰযোগে নামি কাটনিবাৰীলৈকে গাডীৰে আহে৷ কাটনিবাৰীৰ পৰা পদযাত্রা কৰি আগবাঢ়ে মন্ত্রী ড০ শর্মা৷ মৰিয়নিৰ বিজেপি প্রার্থী ৰমণী তাঁতীয়েও পদযাত্রাত অংশ লয় আৰু তেওঁলোকক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাই৷ কাটনিবাৰীৰ পৰা হোনোৱাল চাহ বাগিচালৈকে প্রায় চাৰি কিলোমিটাৰ দূৰত্বৰ সমগ্র পথছোৱাত হিমন্ত বিশ্বক চাবলৈ ৰাইজৰ হেতা–ওপৰা লাগে৷ ছেল্ফি লোৱাৰ পৰা গামোচা পিন্ধোৱালৈকে ৰাইজৰ পাৰ ভঙা উছাহৰ ধল৷ আনহাতে, ড০ শর্মায়ো যিমান পাৰে সিমানেই পথৰ দাঁতিত ৰৈ থকা লোকলৈকে হাত মিলাই যোৱা দেখা গ’ল৷ প্রিয় নেতাজনক এবাৰ ওচৰৰ পৰা চাবলৈ ৰাইজৰ ভিৰত অভূতপূর্ব পৰিস্থিতি সৃষ্টি হয়৷ দহ হাজাৰৰো অধিক লোকে আজি তেওঁলোকৰ আদৰৰ নেতাজনক আদৰণি জনায়৷ আজি চৌদিশে ফুল ছটিয়াই প্রিয় নেতাজনক আদৰা দেখা গ’ল৷ আনহাতে, মৰিয়নিৰ হোনোৱাল চাহ বাগিচাত ইয়াৰ পাছতেই এখন সভা অনুষ্ঠিত হয়৷
সভাত কংগ্রেছৰ প্রতি তীব্র বিষোদগাৰ প্রকাশ কৰি মন্ত্রী ড০ শর্মাই কয়– কংগ্রেছে দিয়া গেৰাণ্টী ৰাজনীতিত নাথাকে, দোকানীয়েহে গেৰাণ্টী দিয়ে৷ ৰাজনীতিত প্রতিশ্রুতি দিয়া হয়৷ কংগ্রেছৰ কোনো গেৰাণ্টীয়েই নিটিকে৷ তেওঁ কয়– কংগ্রেছৰ গেৰাণ্টীৰ বিপৰীতে আমি প্রতিশ্রুতি দিছোঁ৷ এইবাৰ বিজেপি চৰকাৰ হ’লে ২০২২ চনৰ মার্চ মাহৰ ভিতৰত ১ লাখ নিবনুৱাক চাকৰি দিয়া হ’ব৷ পাঁচ বছৰত দহ লাখ যুৱক–যুৱতীক স্বয়ম আঁচনিৰ যোগেদি উপকৃত কৰা হ’ব৷ অৰুণোদয় আঁচনিৰ যোগেদি ৩০ লাখ হিতাধিকাৰীলৈ বৰঙণি আগবঢ়োৱা হ’ব আৰু ৮৩০ টকাৰ পৰিৱর্তে ৩,০০০ টকালৈ অৰুণোদয়ৰ ধন বৃদ্ধি কৰা হ’ব বুলি তেওঁ প্রতিশ্রুতি দিয়ে৷ আত্মসহায়ক গোটসমূহলৈ দুই লাখ টকাকৈ আগবঢ়াব বুলিও ড০ শর্মাই উল্লেখ কৰে৷ মৰিয়নিৰ হোনোৱাল চাহ বাগিচাত অনুষ্ঠিত জনসভাত অংশগ্রহণ কৰি প্রিয়ংকা গান্ধীক আক্রমণ কৰি ড০ শর্মাই কয়– নির্বাচনৰ পূর্বে চাহ বাগিচাত পাত তুলি প্রিয়ংকা গান্ধীয়ে নাটক কৰিব নালাগে৷ যদি সাহস আছে মাত্র এসপ্তাহ হোনোৱাল চাহ বাগিচাত প্রিয়ংকা গান্ধীয়ে পাত তুলি দেখাওক৷ কংগ্রেছৰ বিধায়ক ৰূপজ্যোতি কুর্মীক আক্রমণ কৰি কয়– ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰা ৰূপজ্যোতিয়ে কেৱল নাটকেই কৰি থাকিল৷ মাটিত বহি ধর্ণা দিবলৈ যোৱা ৰূপজ্যোতি কুর্মীক এইবাৰ ৰাইজে মাটিতে বহুৱাই দিব৷ কংগ্রেছ–এ আই ইউ ডি এফক তীব্র সমালোচনা কৰি কয়– অসমৰ সভ্যতা–সংস্কৃতিত আঘাত হানিব খোজা বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফক অসমৰ ৰাইজে কেতিয়াও দিছপুৰত বহিবলৈ নিদিয়ে৷ কংগ্রেছৰ বোকোচাত উঠি দিছপুৰ দখলৰ সপোন দেখা বদৰুদ্দিন আজমলৰ সপোন কেতিয়াও পূর্ণ নহয়৷ মৰিয়নি সমষ্টিত এইবাৰ পদুম ফুলিব আৰু মৰিয়নিক লৈ এইবাৰ বিজেপি মিত্রজোঁটে ১০০ প্লাছ আসন লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে৷ ইফালে, ড০ হিমন্ত বিশ্ব শর্মাৰ ৰোড শ্ব’ৰ মাজতে মৰিয়নি নগৰৰ জুম্মা মছজিদৰ সমীপত এখন গাডী পার্কিঙক কেন্দ্র কৰি এক হতাহতিৰ ঘটনা সংঘটিত হয়৷ পথৰ দাঁতিত ৰখাই থোৱা এখন বাহন ৰোড শ্ব’ত যোৱা দুজনমান বিজেপি যুৱ কর্মীয়ে আঁতৰাই দিবলৈ কোৱাত তাত ৰৈ থকা আন এজন যুৱকে বাহনখনৰ গৰাকী নাই বাবে আঁতৰাই দিব নোৱাৰে বুলি কোৱাক লৈ দুয়োপক্ষৰ মাজত প্রথমে তর্কাতর্কি আৰু পাছত হতাহতি হয়৷ অৱশ্যে তাত উপস্থিত একাংশ লোকে পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ উল্লেখ্য যে বিজেপি যুৱ কর্মীকেইজনৰ সৈতে হতাহতি লগা যুৱকজন কংগ্রেছ কর্মী বুলি জানিব পৰা গৈছে৷
তৰুণ গগৈক সন্মান দিছে বিজেপিয়েঃ তিতাবৰত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
তিতাবৰত আজি নিশা বিজেপিৰ কার্যকতা সন্মিলনত ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ মৰিয়নিত বিজেপিৰ এক বিশাল পদযাত্রাত অংশগ্রহণ কৰি স্বাস্থ্য তথা বিত্তমন্ত্রীগৰাকী নিশা তিতাবৰ মাৰোৱাৰী বিবাহ ভৱনত উপস্থিত হয়৷ বিজেপিৰ প্রায় সহস্রাধিক কর্মী উপস্থিত থকা সভাখনত ড০ শর্মাই তিতাবৰৰ বিজেপিৰ প্রার্থী হেমন্ত কলিতাক জয়ী কৰাৰ ক্ষেত্রত দলীয় কর্মীসকলক সহযোগিতা কৰি বিজয়ী কৰাবলৈ আহ্বান জনায়৷ লগতে মন্ত্রীগৰাকীয়ে কয় যে তিতাবৰত হেমন্ত কলিতাৰ বিজয় নিশ্চিত৷ আজি এই সভাখনত ৰাইজৰ উপস্থিতিয়ে কয় তিতাবৰত এতিয়া বিজেপিৰ প্রার্থীগৰাকী যে বিজয়ী হ’ব৷ প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈক পদ্মভূষণ দি বিজেপিয়ে যথেষ্ট সন্মান জনাইছে৷ তেখেতে তিতাবৰত কি কৰিলে কি নকৰিলে এয়া এতিয়া সমালোচনা কৰিবৰ প্রয়োজন নাই৷ তেখেতৰ আধৰুৱা কামবোৰ আমি সম্পূর্ণ কৰিম৷ তিতাবৰত এখন অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন কৰিম৷ তিতাবৰত সকলো সন্তানে অভিযান্ত্রিক শিক্ষাত সুকলমে অধ্যয়ন কৰিব পাৰিব৷ মহিলাসকলৰ সবলীকৰণৰ কাৰণে আঁচনি গ্রহণ কৰিম৷ তিতাবৰত বহুত বাট–পথ বেয়া হৈছে৷ আমাৰ চৰকাৰ হোৱাৰ ওঠৰ মাহৰ ভিতৰত তিতাবৰৰ সকলো বাট–পথৰ লগতে চাহ বাগিচাৰ পথসমূহ নির্মাণ কৰিম৷ বিদ্যালয়–মহাবিদ্যাল্ যোৱা ছাত্র–ছাত্রীসকলক দৈনিক এশ টকাকৈ দিম৷ তিতাবৰৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰিম৷ ধন–জন মেলাৰ বাগিচাৰ শ্রমিক হিতাধিকাৰীসকলক মাহে এহেজাৰ টকাকৈ দিয়া হ’ব বুলি প্রতিশ্রুতি দিছে মন্ত্রী ড০ শর্মাই৷
গৌৰীপুৰত বনেন্দ্র কুমাৰ মুছাহাৰীক বিজেপিৰ প্রার্থিত্ব
গৌৰীপুৰ সমষ্টিৰ বাবে বিজেপিয়ে বনেন্দ্র কুমাৰ মুছাহাৰীক প্রার্থিত্ব প্রদান কৰিছে৷ আজি আনুষ্ঠানিকভাৱে এই প্রার্থিত্ব নিশ্চিত কৰিলে দলটোৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক অৰুণ সিঙে৷ উল্লেখ্য যে অসম বিধানসভালৈ ইতিপূর্বে দুবাৰকৈ নির্বাচিত হোৱা বনেন্দ্র কুমাৰ মুছাহাৰীয়ে শেহতীয়াকৈ বিজেপিত যোগ দিছিল৷ ১৯৯৬ চনত নির্দলীয় বিধায়ক হিচাপে গৌৰীপুৰৰ পৰা জয়লাভ কৰা বনেন্দ্র মুছাহাৰীয়ে ২০১১ চনত বি পি এফৰ প্রার্থী ৰূপে পুনৰ সমষ্টিটোৰ পৰা জয়ী হৈছিল৷