নির্বাচনী প্রচাৰ অভিযানৰ সমান্তৰালকৈ উলংঘা হৈছে আচৰণবিধিঃ ৰাজ্যৰ ৰাজপথত উঠিছে ধনৰ উজান–জব্দ কোটি কোটি টকা
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ শাসক–বিৰোধী উভয় শিবিৰে প্রচাৰ অভিযান তুংগত ৰখাৰ সমান্তৰালভাৱে একাংশ ৰাজনৈতিক দল আৰু প্রার্থীৰ বিৰুদ্ধে নির্বাচন আয়োগত দাখিল হৈছে আদর্শ নির্বাচনী আচৰণবিধি ভংগৰ অভিযোগ৷ যোৱা ২৬ ফেব্রুৱাৰীত ৰাজ্যত নির্বাচনী আচৰণবিধি বলৱৎ হৈছিল৷ তেতিয়াৰে পৰা কালিৰ দিনটোলৈকেcVIGIL এপযোগে নির্বাচন আয়োগে মুঠ ৪৪৭টা নির্বাচনী আচৰণবিধি ভংগৰ অভিযোগ লাভ কৰিছে৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি এই অভিযোগসমূহৰ ভিতৰত ২৪৭টাৰ সত্যতা নিৰূপণ কৰি তৎপৰতাৰে বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বিপৰীতে বিবেচনাধীন হৈ আছে দুটাকৈ অভিযোগ৷ উল্লেখ্য যে নির্বাচনী আচৰণবিধি সঠিক আৰু ফলপ্রসূভাৱে বলৱৎ কৰাৰ উদ্দেশ্যে জনসাধাৰণৰ অংশগ্রহণ নিশ্চিত কৰিবলৈ সহজতে ম’বাইল ফোনৰ জৰিয়তে অভিযোগ দিয়াৰ সুবিধার্থে নির্বাচন আয়োগেcVIGIL এপ মুকলি কৰিছে৷ এই এপটোৰ বিশেষত্ব হ’ল– জনসাধাৰণে নির্বাচনী আচৰণবিধিবিৰোধী কার্যকলাপ চলি থকা সময়ৰ ফটো–ভিডি’ আপলোড কৰিব পাৰে আৰু সেয়া কৰোঁতে সংশ্লিষ্ট ঠাইৰ ভৌগোলিক স্থানৰ নির্দেশনাও স্বয়ংক্রিয়ভাৱে আপলোড হয়৷ ইফালে ৰাজ্যত নির্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ মাজতে প্রতিদিনে ৰাজপথত নগদ ধনৰ উজান উঠিছে৷ নির্বাচনী আচৰণবিধি বলৱৎ কৰাৰ দিনৰে পৰা অসম আৰক্ষী, আবকাৰী বিভাগ, ৰাজহ চোৰাংচোৱা সঞ্চালকালয়, নাৰক’টিক্ছ কণ্ড্র’ল ব্যুৰ’, ফ্লাইং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু অন্যান্য নিয়ন্ত্রক সংস্থাসমূহে কোটি কোটি টকাৰ লগতে সুৰা, সোণ–ৰূপৰ আ–লংকাৰ, হেৰ’ইন, ভাং, ব্রাউন ছুগাৰ, বিদেশী চিগাৰেট আদি জব্দ কৰিছে৷ এই সম্পর্কত নির্বাচন আয়োগে দিয়া তথ্য অনুসৰি কালিৰ দিনটো পর্যন্ত অসমত সর্বমুঠ ৬৩.৭৫ কোটিৰ নগদ ধন আৰু উল্লিখিত সামগ্রী জব্দ হৈছে৷ ইয়াৰ ভিতৰত ১১.৭৩ কোটি নগদ টকা, ১৭.২৫ কোটিৰ সুৰা, ২৭.০৯ কোটিৰ ড্রাগ্ছ আৰু ২.৮২ কোটিৰ মূল্যৱান ধাতু৷
গড়চুক–জালুকবাৰীত্ প্রায় ৫০ লাখ টকা জব্দ
মহানগৰীৰ গড়চুক আৰক্ষীয়ে আজি গড়চুক চাৰিআলিৰ পৰা পৃথকে পৃথকে অভিযান চলাই সর্বমুঠ ৪৫ লাখ ৬৮ হাজাৰ ৬০০ টকা জব্দ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, আহোমগাঁৱৰ মুকুল পাঠক নামৰ এজন লোকে আজি নির্বাচনী বিধি উলংঘা কৰি তামুলপুৰৰ পৰা গড়চুকলৈ ২০,৯৮,৬০০ টকা কঢ়িয়াই অনাত আৰক্ষীয়ে জব্দ কৰে৷ ইপিনে, বঙাইগাঁৱৰ পৰা নলবাৰীৰ বেলশৰৰ ভূপেন কুমাৰ বর্মন নামৰ লোকজনে ১৬,২৫,০০০ টকা গুৱাহাটীলৈ অনাৰ সময়তে গড়চুক আৰক্ষীয়ে জব্দ কৰে৷ একেদৰে দতালপাৰাৰ পৰা গড়চুকলৈ ৮৪,৫০০ টকা লৈ অহাৰ সময়তে আৰক্ষীয়ে লখিমপুৰৰ শিমলুগুৰিৰ সত্যজিৎ ব্রহ্ম নামৰ লোকজনৰ পৰা এই ধনৰাশি জব্দ কৰে৷ আৰক্ষীয়ে টকাখিনি জব্দ কৰি ফ্লায়িং স্কোৱাডক গতাই দিয়ে৷ তদুপৰি জালুকবাৰী আৰক্ষীয়ে আজি বিয়লি প্রায় ৫ বজাত শৰাইঘাট দলঙৰ সমীপৰ পৰা অভিযান চলাই মণিপুৰৰ পেবাম বিকানন্দাৰ পৰা চাৰি লাখ টকা জব্দ কৰে৷
বৰপেটা জিলাত ৪৯.২৫ লাখ টকা জব্দ
বৰপেটা জিলাৰ বিভিন্ন স্থানত আজি ফ্লাইং স্কোৱাড আৰু স্থিৰ নিৰীক্ষণকাৰী দলে অভিযান চলাই মুঠ ৪৯.২৫ লাখ টকা জব্দ কৰে৷ কালি সন্ধিয়া ৪.২১ লাখ টকা জব্দ কৰিবলৈ সক্ষম হোৱাৰ পাছত আজি পুৱা সৰভোগ বিধানসভা সমষ্টিৰ অন্তর্গত বৰপেটাৰোড–শিমলা পথেৰে এখন বাহনত গৈ থকা এজন স্থানীয় ব্যৱসায়ীৰ পৰা উদ্ধাৰ হয় ২২,৬৭,৫০০ টকা৷ সেইদৰে বৰপেটা বিধানসভা সমষ্টিৰ কেওটপাৰাত এখন বাছত অভিযান চলাই হান্নান আলী নামৰ লোকজনৰ পৰা জব্দ কৰে ৪,৫৬,৫০০ টকা৷ বিয়লি চেঙা সমষ্টিৰ কেইবাটাও স্থানত চলোৱা তালাচীত মুঠ ১৪,৩১,৭৬০ টকা উদ্ধাৰ হয়৷ ইফালে নিশা কঞাকুছিত এখন বাহনৰ ইঞ্জিনৰ কাষত লুকুৱাই অনা ৭.৭০ লাখ টকাও জব্দ কৰা হৈছে৷
দলগাঁৱত ফ্লাইং স্কোৱাডে জব্দ কৰিলে ২৬ লাখ টকা
দলগাঁৱৰ ৰাজপথত ফ্লাইং স্কোৱাডে তালাচী চলাই থকাৰ সময়তে আজি দিনৰ প্রায় ১২.৩০ বজাত এ এছ–০১ এ কে–২৩৪৪ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰৰ পৰা নগদ ২৬ লাখ টকা জব্দ কৰে৷ দলগাঁৱৰ কার্যবাহী দণ্ডাধীশ শৰৎ গগৈয়ে জানিবলৈ দিয়া মতে, বেছিমাৰীৰ পৰা খাৰুপেটীয়া অভিমুখী বাহনখনত ৰাজস্থানৰ চিকাৰ জিলাৰ এজন ব্যক্তিয়ে জব্দ কৰা ধনখিনি লৈ আহিছিল৷