প্রথম পর্যায়ৰ নির্বাচনৰ ৪১ প্রার্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ
নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা প্রার্থীসকলৰ ভিতৰত ৪১গৰাকী প্রার্থীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷ অর্থাৎ প্রথম পর্যায়ৰ নির্বাচনৰ প্রার্থীসকলৰ ১৬ শতাংশ প্রার্থীৰ বিৰুদ্ধে আছে বিভিন্ন অপৰাধৰ অভিযোগ৷ ইয়াৰে ভিতৰত ৩৪গৰাকী প্রার্থীয়েই হৈছে গুৰুতৰ অপৰাধমূলক গোচৰত অভিযুক্ত৷ এই তথ্য সদৰী কৰিছে এ ডি আৰে৷ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে দাখিল কৰা প্রার্থীসকলৰ শপতনামা বিশ্লেষণ কৰি এ ডি আৰে প্রকাশ কৰা তথ্য অনুসৰি অপৰাধমূলক গোচৰ থকা ৪১গৰাকী প্রার্থীৰ ১০গৰাকীয়েই হৈছে কংগ্রেছৰ৷ আনহাতে, অসম জাতীয় পৰিষদৰ ৮গৰাকী, বিজেপিৰ ৩গৰাকী আৰু এন চি পি, অগপ আৰু এছ ইউ চি আই (চি) দলৰ এগৰাকীকৈ প্রার্থীৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধমূলক গোচৰ৷ গুৰুতৰ গোচৰত অভিযুক্তসকলৰ ভিতৰত আছে কংগ্রেছৰ ৯গৰাকী প্রার্থী৷ মুঠ ৫গৰাকী প্রার্থীৰ বিৰুদ্ধে আছে মহিলাৰ ওপৰত অপৰাধৰ অভিযোগ৷ ইয়াৰে এজন প্রার্থী ধর্ষণৰ গোচৰত অভিযুক্ত৷ আনহাতে, দুজন প্রার্থীৰ বিৰুদ্ধে আছে হত্যাত জড়িত থকাৰ অভিযোগ৷ তিনিজন অথবা তাতোকৈ বেছি প্রার্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ থকা সমষ্টি আছে তিনিটা৷ এই তিনিটা ৰেড এলার্ট সমষ্টি হৈছে বোকাখাত, মার্ঘেৰিটা আৰু বিহালী৷ বোকাখাতৰ মুঠ ১১গৰাকী প্রার্থীৰ ভিতৰত ৫গৰাকী, মার্ঘেৰিটাৰ ৬গৰাকী প্রার্থীৰ ভিতৰত ৩গৰাকী আৰু বিহালীৰ ৪গৰাকী প্রার্থীৰ ভিতৰত ৩গৰাকীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷
উল্লেখ্য যে প্রথম পর্যায়ৰ প্রার্থীসকলৰ ভিতৰত ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ প্রার্থী অখিল গগৈৰ বিৰুদ্ধে আছে সর্বাধিক গোচৰ৷ শপতনামাত উল্লেখ কৰা অনুসৰি গগৈৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ৰুজু হৈ আছে ৫২টা গোচৰ৷ এই গোচৰসমূহৰ ২৭টা গুৰুতৰ ধাৰা সংযোজিত হৈ আছে৷ অখিল গগৈৰ পাছতে সর্বাধিক গোচৰ ৰুজু হৈ আছে বোকাখাতৰ নির্দলীয় প্রার্থী দুলাল বৰাৰ বিৰুদ্ধে৷ বৰাৰ বিৰুদ্ধে ২৫টা গোচৰ ৰুজু হৈ আছে৷ ইফালে, নগাঁৱৰ ধিং সমষ্টিৰ বর্তমানৰ বিধায়ক তথা প্রার্থী আমিনুল ইছলামৰ বিৰুদ্ধে ৰুজু হৈ আছে চাৰিটা গোচৰ৷ ইফালে, মহিলাৰ ওপৰত অপৰাধমূলক ঘটনাত জড়িত থকাৰ অভিযোগ আছে অসম জাতীয় পৰিষদৰ বিহপুৰীয়াৰ প্রার্থী অচ্যুত শইকীয়া, ধিঙৰ প্রার্থী আঞ্জাৰ হুছেইন, তেজপুৰৰ প্রার্থী জানমণি বৰাৰ বিৰুদ্ধে৷ সেইদৰে বিজেপিৰ মানৱ ডেকা আৰু বোকাখাতৰ নির্দলীয় প্রার্থী দুলাল বৰাৰ বিৰুদ্ধেও আছে মহিলাৰ ওপৰত অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ অভিযোগ৷ হত্যাকাণ্ডৰ গোচৰত নাম সাঙোৰ খাই আছে থাওৰা সমষ্টিৰ বিজেপি প্রার্থী কুশল দুৱৰী আৰু গহপুৰৰ কংগ্রেছ প্রার্থী তথা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে৷ একেদৰে বিজেপিৰ লখিমপুৰ সমষ্টিৰ প্রার্থী মানৱ ডেকা, থাওৰা সমষ্টিৰ বিজেপি প্রার্থী কুশল দুৱৰী, শিৱসাগৰৰ ৰাইজৰ দলৰ প্রার্থী অখিল গগৈ আৰু বোকাখাত সমষ্টিৰ নির্দলীয় প্রার্থী প্রণৱ দলেৰ বিৰুদ্ধেও আছে হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ৷