সমলিংগ বিবাহক বৈধতা প্রদান জাপানৰ আদালতৰ
নিয়মীয়া বাৰ্তা, ১৮ মার্চঃ জাপানত সমকামী লোকৰ মাজত বিবাহৰ বৈধতা প্রদান কৰিছে এখন আদালতে৷ দীর্ঘদিন ধৰি সমকামী লোকসকলে দেশখনত বিবাহৰ বাবে দাবী জনাই আহিছিল৷ কিন্তু সমলিংগ বিবাহত অনুমতি প্রদান কৰা নাছিল দেশখনে৷
স্মর্তব্য যে জি–৭ গোষ্ঠীৰ ভিতৰত জাপান হৈছে একমাত্র দেশ, যিয়ে সমলিংগ বিবাহক বৈধতা প্রদান কৰা নাছিল৷ কিন্তু আজি আদালতে এক গোচৰৰ ৰায়দান কৰি কৈছে যে সমলিংগ বিবাহক বৈধতা প্রদান নকৰাটো অ–সাংবিধানিক কার্য৷ গতিকে দেশখনত সমলিংগ বিবাহৰ ক্ষেত্রত কোনোধৰণৰ বাধা থাকিব নোৱাৰে বুলি আদালতখনে স্পষ্ট কৰি দিছে৷
সংবাদ সংস্থা বি বি চিৰ প্রতিবেদন অনুসৰি একাংশ সমকামী লোকে জাপানত আজিৰ দিনটোক ঐতিহাসিক দিন বুলি আখ্যা দিছে৷ আদালতৰ ৰায়ৰ জৰিয়তে জাপানে আধুনিক বিশ্বৰ দিশত এটা পদক্ষেপ আগবঢ়ালে বুলিও উল্লেখ কৰিছে আই নাকাজিমা নামৰ এগৰাকী লোকে৷ অৱশ্যে আদালতে বৈধতা প্রদান কৰিলেও চৰকাৰে ইয়াক আইনত পৰিণত কৰিবলৈ এতিয়াও বাকী আছে৷