যুৱশক্তিয়েই ভাৰতৰ ভৱিষ্যৎ
দেশ এখনৰ প্রগতিত যুৱ সমাজৰ গুৰুত্ব তথা ভূমিকা কি, কথাটো দুনাই কোৱাৰ প্রয়োজন নাই৷ সমগ্র বিশ্ব আজি ব্যস্ত যুৱ সমাজৰ শক্তি–সম্ভাৱনাক নিজ নিজ দেশৰ প্রগতিৰ হকে কিদৰে ব্যৱহাৰ কৰিব পাৰি, সেই ডপায় ডদ্ভাৱনত৷ শিক্ষাৰ পৰা শেহতীয়া প্রযুক্তিলৈকে, সকলো ক্ষেত্রতে যুৱ সমাজক জড়িত কৰি প্রতিযোগিতামূলক পৃথিৱীখনত নিজৰ স্থান ওপৰৰ পৰা অধিক ওপৰলৈ কিদৰে নিব পাৰি, তাৰ বাবে দেশে দেশে লৈ থকা হৈছে বিভিন্ন ধৰণৰ আঁচনি, পৰিকল্পনা৷ মুঠৰ ওপৰত যুৱ সমাজেই হৈছে আজিৰ বিশ্বৰ প্রধান লক্ষ্য আৰু আশা–ভৰসাৰ থলী৷ এই প্রতিযোগিতা তথা সম্ভাৱনাৰ ক্ষেত্রখনত ভাৰতৰ স্থান আজিৰ তাৰিখত সবাতোকৈ ওপৰত৷ সৰল কথাত ক’বলৈ হ’লে, বিশ্বৰ সবাতোকৈ বৃহৎ গণতান্ত্রিক ৰাষ্ট্রখন এতিয়া বিশ্বৰ সবাতোকৈ অধিক যুৱ সমাজৰো বসতিস্থল৷ দেশখনত যুৱশক্তিৰ সংখ্যা হ’ল ৬০ কোটি৷ ইয়ে দেশৰ বাসিন্দাসকলৰ গড আয়ু মাত্র ২৮ বছৰত সীমিত কৰি ৰাখিছে৷ এখন ৰাষ্ট্রৰ জনসাধাৰণ গড আয়ু যদি মাথোঁ ২৮ বছৰ হয়, তেন্তে দেশখনৰ সম্ভাৱনা তথা ভৱিষ্যতৰ কথাটো ভাবি বহুতোৰে মনত অবুজ শিহৰণ জগাটো স্বাভাৱিক৷ ইয়াৰ বিপৰীতে বিশ্বৰ দুই প্রধান মহাশক্তি আমেৰিকা আৰু চীনৰ গড আয়ু ৩৮ বছৰ৷ জাপানৰ গড আয়ুস ৪৭ বছৰ আৰু ইডৰোপীয় সংঘৰ গড আয়ু ৪৩ বছৰ৷ অর্থাৎ ভাৰত নামৰ এই বিশাল জনবহুল দেশখন আজি সোণালী ক্ষণত অৱস্থান কৰি আছে৷ দেশখনত থকা ৬০ কোটি যুৱশক্তিক যদি সঠিক দিশলৈ লৈ যোৱা হয়, ভাৰতে বিশ্বত প্রগতিৰ নতুন যুগৰ সুচনা কৰিব পাৰিব৷ এনেয়েও একবিংশ শতিকাটোক এছিয়াৰ বুলি কোৱা হৈছে৷ এছিয়া বুলি কওঁতে মূলতঃ চীন আৰু ভাৰতক কোৱা হয়৷ এই দুখন দেশ মাথোঁ আথিক প্রগতিতে সীমাবদ্ধ হৈ থকা নাই৷ মহাকাশকে ধৰি বিজ্ঞান–প্রযুক্তিৰ সকলো ক্ষেত্রতে দেশ দুখনে ইতিমধ্যে বিশ্বত নিজৰ বাবে এটা মর্যাদাপূর্ণ স্থান দখল কৰি লৈছে৷ কিন্তু শেহতীয়াকৈ ভাৰতৰ বিভিন্ন প্রান্তত যুৱ সমাজৰ মাজত অসন্তুষ্টিৰ বাতাৱৰণ এটা দেখা গৈছে৷ কাৰণ যিয়েই নহওক, যুৱ সমাজৰ মাজত বিৰাজমান ক্ষোভ–সন্তুষ্টিৰ শীঘ্রেই নিৰাময় হোৱাটো জৰুৰী৷ ই সময়ৰো দাবী৷ দেশখনক শাসন কৰি থকা নেতৃত্বই এইক্ষেত্রত স্বেচ্ছাই আগবাঢ়ি অহা ডচিত৷ কোনোৱে কৈছে, যুৱশক্তিৰ অসন্তুষ্টিৰ আঁৰত ৰাজনৈতিক শক্তি বা অপশক্তিৰ ডচটনি আছে৷ ইয়াৰ সত্যতা নিশ্চয় অনুসন্ধানৰ জৰিয়তে ওলাই পৰিব৷ ক’ৰবাত ক’ৰবাত তেনে স্বার্থজডিত মহলৰ পৰিচয়ো ওলোৱা বুলি সংবাদ মাধ্যমৰ বাতৰিত সম্প্রচাৰ হৈছে৷ কিন্তু যুৱ সমাজৰ অসন্তুষ্টি–ক্ষোভক মাথোঁ সেইখন তুলাচনীত তুলিলেই নহ’ব৷ দেশৰ প্রায় দুকুৰি বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রী মাথোঁ কোনো অপশক্তি বা ৰাজনৈতিক শক্তিৰ চক্রান্তৰ বাবে ৰাজপথলৈ ওলাই আহিছে বুলি যদি ভবা হয়, বাস্তৱক আওকাণ কৰা হ’ব৷ দেশখনৰ যুৱশক্তিক ভুল মূল্যায়ন কৰা হ’ব৷
দেশখনে শেহতীয়াকৈ কেইবাটাও যুগান্তকাৰী ঘটনাৰ সাক্ষী হৈছে৷ ইয়াৰ অন্যতম হ’ল, সংবিধানৰ পৰা ৩৭০নং অনুচ্ছদৰ বিলুপ্তি আৰু জম্মু–কাশ্মীৰৰ বিভাজন, বাবৰি মছজিদ–ৰাম মন্দিৰ বিবাদৰ চূডান্ত ৰায়৷ দুয়োটা বিবদমান বিষয়ে দেশখনত জুই জ্বলাব পাৰে চৌদিশে শংকা আৰু সংশয় দেখা দিছিল৷ চৰকাৰেও যথাসম্ভৱ ব্যৱস্থা গ্রহণ কৰিছিল৷ লক্ষণীয় আৰু আশাৰ কথাটো হ’ল, দুয়োটাই দেশখনত কোনোধৰণৰ অশান্তিৰ সৃষ্টি নকৰিলে৷ দেশখনৰ জনসাধাৰণে জম্মু–কাশ্মীৰ আৰু মন্দিৰ–মছজিদৰ বিষয়টোক ভবাতকৈও অধিক সহজভাৱে গ্রহণ কৰি ল’লে৷ কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্রত কথাটো ওলোটা হ’ল৷ প্রথমে অসমত হাজাৰ হাজাৰ ছাত্র–ছাত্রী ৰাজপথলৈ ওলাই আহিল৷ পৰৱর্তীত দিল্লীত ইয়াৰ অনুৰণন শুনা গ’ল৷ লাহে লাহে প্রায় সমগ্র দেশখনত প্রতিবাদৰ জুই জ্বলি ডঠিল৷ ঠায়ে ঠায়ে হিংসাত্মক ঘটনাও সংঘটিত হ’ল৷ হিংসাক দেশবাসীয়ে গ্রহণ নকৰে৷ কিন্তু অহিংসাত্মক পদ্ধতিৰে আজিও দেশৰ প্রান্তে প্রান্তে ছাত্র সমাজে প্রতিবাদ কৰিয়েই আছে৷ সকলোতে প্রতিবাদৰ কাৰণ একে নহয়৷ অসম, ত্রিপুৰাসহ ডত্তৰ–পূবৰ সৈতে দেশৰ আন অংশৰ প্রতিবাদৰ কাৰণ একে নহয়৷ আনকি, কোনো কোনো স্থানত যুৱ সমাজ সংশোধিত আইনখনৰ সমর্থনতো ৰাজপথলৈ ওলাই আহিছে৷ সি যি নহওক, বাস্তৱ সত্যটো হ’ল, দেশখনত যুৱ সমাজ, ছাত্র সমাজৰ এটা বৃহৎ অংশ আজি ৰাজপথত৷ চৰকাৰে এইসকলৰ মনত ডদয় হোৱা ক্ষোভ, অসন্তুষ্টি নিৰাময়ৰ দিহা সোনকালে কৰিব লাগিব৷ দেশখনৰ সম্ভাৱনাময় যুৱশক্তি যে মূল্যৱান সম্পদ, সেই কথাটো চৰকাৰে সকলোকে ডপলব্ধি কৰিব পৰাকৈ ব্যৱস্থা হাতত লওক৷ এয়া সময়ৰ দাবী৷ ২৬ ডিচেম্বৰত ৰাজ্য চৰকাৰে ১,৫৪৬গৰাকী ছাত্র–ছাত্রীক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে৷ শিক্ষাৰ বাবে বেংকৰ ঋণ লোৱাৰ ক্ষেত্রত ‘অভিনন্দন’ অনুষ্ঠানৰ জৰিয়তে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপটোকো এই দিশত এটা আদৰণীয় পদক্ষেপ বুলি ক’ব পাৰি৷