বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতা: ফাইনেলত বিদ্যুৎ পৰিষদ–অইল
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প’টছ ক্লাব আৰু দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডে ৬৭সংখ্যক ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈ ট্রফী ফুটবল প্রতিযোগিতাৰ খিতাপৰ বাবে যুঁজিব৷ গুৱাহাটীৰ জজ খেলপথাৰত বৃহস্পতিবাৰে অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে বডৌছা স্প’টছ ক্লাবক ১–০ গ’লত পৰাস্ত কৰে৷ বিজয়ী দলটোৰ হৈ জৌগবলা ব্রহ্মই ৪৫ মিনিটত পেনাল্টীৰ সহায়ত একমাত্র গ’লটো কৰিবলৈ সক্ষম হয়৷
ইফালে, জজ খেলপথাৰতে নৈশালোকত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী টাউন ক্লাবক ৪–১ গ’লত হৰুৱাই ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ অইলৰ হৈ অক্রাং নার্জাৰীয়ে ১২ আৰু ২৪ মিনিটত দুটাকৈ গ’ল কৰে৷ একেদৰে ৰাহুল দাসে ১৭ আৰু উইলিয়াম গাংটেই ৬৭ মিনিটত আন দুটা গ’ল কৰিবলৈ সক্ষম হয়৷
আনহাতে জি টি চিৰ হৈ ৮৫ মিনিটত পেনাল্টীৰ সহায়ত কাকেভি আছুমিয়ে একমাত্র গ’লটো কৰে৷ অহা ২০ মার্চত জজ খেলপথাৰত প্রতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব৷