নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰঃ মহাৰাষ্ট্রত এদিনতে ২৫,৮৩৩জন আক্রান্ত

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ দেশজুৰি ঘাতক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে শংকিত কৰিছে জনগণক৷ প্রায় স্তিমিত হৈ পৰা মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ বিগত কেইবাদিন ধৰি দ্রুতগতিত বৃদ্ধি পাই আছে৷

চলিত বর্ষত এদিনতে সর্বাধিক ক’ভিড–১৯ত আক্রান্ত হৈছে ৩৯,৭২৯জন আৰু বিগত ২৪ ঘণ্টাত প্রাণহানি হৈছে ১৭৪জনৰ৷ বিগত ২৪ ঘণ্টাত ৪০ সহস্রাধিক লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ ফলত দেশত মুঠ আক্রান্তৰ সংখ্যা ১.১৫ কোটিৰো অধিক হৈছে৷ তেনেদৰে ২৪ ঘণ্টাত ১৭৪জন লোকে প্রাণ হেৰুওৱাত মুঠ মৃতকৰ সংখ্যা ১,৫৯,৩৭০লৈ বৃদ্ধি পাইছে৷

ঘাতক ক’ভিড–১৯ত আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা মহাৰাষ্ট্রত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে ভয়াৱহ ৰূপ লৈছে৷ ৰাজ্যখনত বিগত সময়ছোৱাত সকলো অভিলেখ ভংগ কৰি এদিনতে ২৫ সহস্রাধিক লোক আক্রান্ত হৈছে৷ যোৱা ২৪ ঘণ্টাত মহাৰাষ্ট্রত ২৫,৮৩৩জন আক্রান্ত হোৱাত ৰাজ্যখনত এতিয়ালৈকে এদিনত সর্বাধিক আক্রান্ত হ’ল৷ ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্রান্তৰ সংখ্যা ২৩,৯৬,৩৪০জনলৈ বৃদ্ধি পাইছে৷ যোৱা ২৪ ঘণ্টাত ৫৮জন লোকৰ মৃত্যু ঘটাত ৰাজ্যখনত মুঠ মৃতকৰ সংখ্যা ৫৩,১৩৮জনলৈ বৃদ্ধি পাইছে৷ অর্থাৎ ৰাজ্যখনত মৃতকৰ হাৰ ২.২০ শতাংশ৷

লক্ষণীয় যে মহাৰাষ্ট্রত ভয়াৱহ ৰূপত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ইতিমধ্যে কেইবাখনো জিলাত নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ লগতে সপ্তাহান্তিক লকডাউনৰ বলৱৎ হৈ আছে৷ বাণিজ্যিক ৰাজধানী হিচাপে খ্যাত মুম্বাইত পূর্বৰ সকলো অভিলেখ ভংগ কৰি এদিনত সর্বাধিক ২,৭৮৮জন আক্রান্ত হৈছে৷ ইয়াকে লৈ মুম্বাইত আক্রান্তৰ সংখ্যা ৩,৫২,৮৫১লৈ বৃদ্ধি পাইছে৷ মুম্বাইত মৃতকৰ সংখ্যা ১১,৫৫৯জন৷ নাগপুৰ, চলাপুৰ, ছাটাৰা, পিম্প্রি চিন্সৱাৰতো দ্রুতগতিত বর্ধিত হৈ আছে আক্রান্তৰ সংখ্যা৷

মহাৰাষ্ট্রত শুকৰবাৰৰে পৰা ৰাজহুৱা কার্যসূচী, থিয়েটাৰ আদিত ৫০ শতাংশ আসনেৰে পৰিচালনা কৰিবলৈ নির্দেশ দিছে৷

আনপিনে মধ্যপ্রদেশ, পঞ্জাব, গুজৰাট আদি ৰাজ্যৰ কেইবাখনো চহৰত ইতিমধ্যে নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ পঞ্জাবত অহা ৩১ মার্চলৈকে বিদ্যালয়–মহাবিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে৷ ৰাজ্যখনৰ কেইবাখনো চহৰত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে৷ ৰাজধানী নতুন দিল্লীতো আক্রান্তৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ বিগত তিনি মাহৰ পাছত ৰাজধানী চহৰখনত যোৱা ২৪ ঘণ্টাত ৬০৭জন লোক আক্রান্ত হৈছে৷

মন কৰিবলগীয়া যে অসম, তামিলনাডু, পশ্চিমবংগ আৰু কেৰালাত বিধানসভা নির্বাচনৰ প্রক্রিয়া চলি থকাৰ পৰিপ্রেক্ষিতত ৰাজ্যখনকেইখন ক’ভিড–১৯ৰ সংক্রমণ বর্ধিত হোৱাৰ সম্ভাৱনা আছে৷

ইতিমধ্যে তামিলনাডুত সংক্রমণ বৃদ্ধি হৈছে৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৯৮৯জন লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ তাৎপর্যপূর্ণ যে ভাৰতবর্ষত বিশেষকৈ মহাৰাষ্ট্রত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে ভয়াৱহ ৰূপ লোৱাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত মুখ্যমন্ত্রীৰ সৈতে যোৱা বুধবাৰে ভিডিঅ’ কনফাৰেঞ্চযোগে বৈঠকত মিলিত হৈছে৷ এই বৈঠকত প্রধানমন্ত্রী মোদীয়ে মুখ্যমন্ত্রীসকলক ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ প্রতিহত কৰাৰ বাবে শীঘ্রে নির্ণায়ক পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়৷ এই নির্ণায়ক পদক্ষেপসমূহৰ ভিতৰত ক্ষুদ্র ক্ষুদ্র কনটেইনমেণ্ট জ’ন, পৰীক্ষণ বৃদ্ধি আৰু সমাজিক দূৰত্ব, মাস্ক পৰিধানৰ লেখীয়া ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে বলৱতৰ আহ্বান জনায়৷

You might also like