নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ মার্চত জিলাই জিলাই ‘কা’ৰ বিৰুদ্ধে অনশন

নিয়মীয়া বাৰ্তা ২৩ মাৰ্চঃ  নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি আন্দোলনৰ কার্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে সদৌ অসম ছাত্র সন্থাই (আছু)৷ ‘কা’ বাতিলৰ দাবীৰে ২৪ মার্চত প্রতিখন জিলাত আছুৰ উদ্যোগত ১১ ঘণ্টীয়া অনশনৰ কার্যসূচী ৰূপায়ণ কৰিব৷ তদুপৰি মূল্যবৃদ্ধিৰ প্রতিবাদত অহা ৩ এপ্রিলত সমগ্র ৰাজ্যত ছাত্র সন্থাই পদযাত্রা কৰিব৷ আজি অনুষ্ঠিত আছুৰ প্রতিনিধি সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ছাত্র সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিবৃতিত কয় যে কেন্দ্রীয় চৰকাৰে অসম চুক্তি উলংঘা কৰি ‘কা’ বলৱৎ কৰি অসমৰ খিলঞ্জীয়া মানুহৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে৷ অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৪ মার্চৰ পাছত অহা অনুপ্রৱেশকাৰীক চিনাক্তকৰণেৰে বিতাড়নৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে ছবছৰীয়া অসম আন্দোলনৰ শ্বহীদক চূড়ান্ত অপমান কৰি ২০১৪ চনলৈকে অবৈধ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিছে৷ এয়া অসমৰ প্রতি চূড়ান্ত বিশ্বাসঘাতকতা৷ অসম চৰকাৰেও দিল্লীৰ কথাত সহমত প্রকাশ কৰি অসম আন্দোলনক চূড়ান্ত অপমান কৰিছে বুলি বৰুৱাই কয়– ‘অসম আন্দোলনৰ পটভূমিত জন্মলাভ কৰা অসম গণ পৰিষদ দলে ২০১৪ চনলৈ অহা হিন্দু বাংলাদেশীক সংস্থাপনৰ দিহা কৰা আইনখনৰ সপক্ষে সংসদত ভোটদান কৰিছে৷ এয়া জাতিৰ প্রতি চূড়ান্ত অপমান আৰু বিশ্বাসঘাতকতা৷ সেয়েহে বিজেপি আৰু অসম গণ পৰিষদে হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ বাবে যি সিদ্ধান্ত গ্রহণ কৰিলে, তাৰ যোগ্য প্রত্যুত্তৰ দিয়াৰ সময় সমাগত৷ দীর্ঘদিন ধৰি অসমৰ শাসনৰ গাদীত থকা কংগ্রেছে সময়ে সময়ে বাংলাদেশী ৰক্ষকৰ ভূমিকা পালন কৰি আহিছে৷ প্রয়াত তৰুণ গগৈৰ শাসনকালত ২০১৪ চনলৈকে অহা বাংলাদেশীক সংস্থাপনৰ বাবে শপতনামা দাখিল কৰিছিল৷’ ইফালে এ আই ইউ ডি এফক সাম্প্রদায়িক ৰাজনৈতিক দল বুলি অভিহিত কৰি ছাত্র সন্থাই প্রকৃত আঞ্চলিকতাবাদ একমাত্র পথ বুলি উল্লেখ কৰে৷

You might also like