নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ কেন্দ্রীয় চৰকাৰে পেট্র’ল আৰু ডিজেলৰ পৰা ২০২০–২১ বিত্তীয় বর্ষটোৰ প্রথম ১০ মাহত কৰ হিচাপে সংগ্রহ কৰিছে ২.৯৪ লাখ কোটি টকা৷ এক লিখিত প্রশ্নৰ উত্তৰ দি আজি এই কথা লোকসভাত সদৰী কৰিছে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী অনুৰাগ সিং ঠাকুৰে৷ উল্লেখনীয় যে যোৱা ছটা বছৰত কেন্দ্রীয় চৰকাৰৰ ৩০০ শতাংশতকৈ অধিক বৃদ্ধি পাইছে পেট্র’ল আৰু ডিজেলৰ পৰা কৰ সংগ্রহ৷
লক্ষণীয়ভাৱে দুয়োবিধ ইন্ধনত আবকাৰী শুল্ক বৃদ্ধি পাইছে৷ মোদী চৰকাৰৰ প্রথমটো কার্যকালৰ প্রথম বছৰত পেট্র’লৰ পৰা আবকাৰী শুল্ক হিচাপে ২৯,২৭৯ কোটি টকা সংগ্রহ কৰাৰ বিপৰীতে ডিজেলৰ পৰা সংগ্রহ কৰা হৈছিল ৪২,৮৮১ কোটি টকা৷ প্রাকৃতিক গেছ, পেট্র’ল আৰু ডিজেলৰ পৰা ২০১৪–১৫ বিত্তীয় বর্ষত মোদী চৰকাৰে আবকাৰী শুল্ক হিচাপে সংগ্রহ কৰিছিল ৭৪,১৫৮ কোটি টকা৷ কিন্তু ২০২০ৰ এপ্রিলৰ পৰা ২০২১ৰ জানুৱাৰীলৈকে ২.৯৪ লাখ কোটি টকালৈ দুয়োবিধ ইন্ধনৰ পৰা কৰ হিচাপে চৰকাৰে সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷