নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ মঙলবাৰে পুৱাই এক মর্মান্তিক দুর্ঘটনাত ১৩ জনৰ মৃত্যু হয় মধ্যপ্রদেশৰ গুৱালিয়ৰত। এই দুৰ্ঘটনাটো পুৱা প্ৰায় ৭ বজাত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। যাত্ৰীবাহী বাছ আৰু অটোৰ সংঘৰ্ষত ঘটনাস্থলিতে অটোখনৰ চালকসহ সকলো যাত্রীৰেই মৃত্যু ঘটে।
গুৱালিয়ৰৰ আৰক্ষী অধীক্ষক অমিত সাংহিয়ে জনাইছে যে, ওল্ড চাওনি অঞ্চলত পুৱাই প্ৰায় ৭ বজাত মুখামুখি সংঘৰ্ষ লাগে বাছ আৰু অটোৰ মাজত। অটোখনত আছিল আঠজন অংগনৱাড়ী কর্মী। দুর্ঘটনাত সেই সকলো মহিলাৰেই মৃত্যু ঘটিছে। সকলো মিলি ১৩ জনৰ মৃত্যু হৈছে। যাৰ ভিতৰত ১২ গৰাকীয়েই মহিলা।
ইপিনে মধ্যপ্রদেশ চৰকাৰে ইতিমধ্যে নিহতসকলৰ পৰিয়ালক ৪ লাখ টকা ক্ষতিপূৰণ দিয়া হ’ব বুলি ঘোষণা কৰিছে।
Madhya Pradesh: 10 dead and 4 injured after a bus collided with an auto in Purani Chhawani area of Gwalior, earlier today.
— ANI (@ANI) March 23, 2021