আপুনি প্ৰসাধন সামগ্রী কিনোতে এইকেইটা কথা মন কৰেনে ?
দৈনিক ছালৰ যতন লোৱা প্রয়োজন৷ এনে কৰোঁতে ছালৰ প্রকাৰ আৰু চৌপাশৰ ভৌগোলিক স্থানৰ ওপৰতো বহুখিনি নির্ভৰ কৰে৷ প্রসাধন সামগ্রী ক্রয় কৰোঁতেও কিছুমান কথা মন কৰিব লাগে–
১) ব্যক্তিজনৰ ‘স্কিন টাইপ’ জনাটো প্রথম আৰু প্রধান কাম৷
২) মইশ্বৰাইজাৰ, ফাউণ্ডেচন আদি বাছনিৰ ক্ষেত্রত সেইবোৰৰ উপাদান আৰু নির্দিষ্ট ছালৰ বাবে উপযোগী হয় নে নহয় পৰীক্ষা কৰি ল’ব লাগে৷
৩) প্রসাধন সামগ্রী বাছনিৰ ক্ষেত্রত ইয়াৰ ৰিজাল্ট দিনৰ উজ্জ্বল পোহৰত চাই ল’ব লাগে৷
৪) সামগ্রীৰ দাম আৰু উৎপাদন কোম্পানী ভাল হ’লেই যে ব্যৱহাৰৰ উপযোগী সামগ্রী পাব তেনে ধাৰণা শুদ্ধ নহয়৷
৫) নমুনা উপলব্ধ হ’লে কাণৰ পিছফালে লগাই চাব লাগে৷ যদিহে কোনো অসুবিধা হোৱা নাই, তেন্তে সামগ্রীবিধ ব্যৱহাৰ কৰিব পাৰে৷ আনহাতে খজুৱালে, ৰঙা পৰিলে, জ্বলন অনুভৱ কৰিলে তেনে সামগ্রী ক্রয় নকৰিব৷