বিটিআৰত উদ্ধাৰ এম ছিৰিজৰ ৰাইফলসহ ৰিভলভাৰ
নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ আৰক্ষীয়ে আজি বাগসা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত মেদাঘাট অঞ্চলৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ।
জংঘলৰ মাজত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা অস্ত্ৰৰ ভিতৰত আছে এটা এম ছিৰিজৰ ৰাইফল, এটা ৰিভলভাৰ আৰু এটা মেগজিনসহ ৪২ জাঁই সক্ৰিয় গুলী।
আগন্তুক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বাগসা জিলাত অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই কাৰ্যতঃ আশংকাৰ সৃষ্টি কৰিছে।
উল্লেখ্য, যোৱা বৰ্ষৰ বি টি আৰৰ নিৰ্বাচনৰ সময়তো বিটিআৰ অঞ্চলৰ পৰা বহুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছিল।
@BaksaPol recovered one M Series Rifle and one revolver from Medhaghat area of BARAMA PS District Baksa with some ammunition early@morning of March 23rd 2021 @DGPAssamPolice @assampolice @HMOIndia Mission – Free,fair & peaceful Assam Legislative Assembly (ALA) Elections 2021 pic.twitter.com/oLuo7c1Gkb
— GP Singh (@gpsinghassam) March 23, 2021