নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দলক বিজেপিৰ দল আখ্যা বদৰুদ্দিনৰ

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ ৮৩নং ধিং বিধানসভা সমষ্টিৰ অন্তর্গত মৈৰাবাৰীৰ কাষৰীয়া নিজ ধিং মার্কেটিং খেলপথাৰত বুধবাৰে দিনৰ ২ বজাত মহাজেজাটৰ মনোনীত প্রার্থী বিধায়ক আমিনুল ইছলামৰ এখন নির্বাচনী সভাত শক্তি প্রদর্শন কৰে বদৰুদ্দিন আজমলে৷ মৈৰাবাৰী ব্লক কংগ্রেছৰ সভাপতি শ্বৰীফ উদ্দিনে আঁত ধৰা সভাখনত অসম প্রদেশ কংগ্রেছ কমিটীৰ সম্পাদক আনোৱাৰ হুছেইন, নগাঁও জিলা পৰিষদৰ প্রাক্তন সভাপতি হাইদৰ আলী, বিধায়ক আঃ ৰহিম আজমল আৰু মহাজেজাটৰ হৈ সমষ্টিটোত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা বিধায়ক আমিনুল ইছলামকে ধৰি বর্তমানৰ ৰাজ্য চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰে৷

আনহাতে, বিধায়ক আমিনুলে সমষ্টিটোত ৰাইজৰ দলৰ সমর্থিত প্রার্থী মেহবুব মুক্তাৰকো তীব্র সমালোচনা কৰে৷ ৩০ সহস্রাধিক লোক উপস্থিত থকা নির্বাচনী সভাখনত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে দলটোৰ কেন্দ্রীয় নেতা ড০ আদিত্য লাংথাছাক লগত লৈ আবেলি প্রায় ৫ বজাত হেলিকপ্ঢাৰেৰে উপস্থিত হৈ ভাষণ প্রসংগত ৰাইজৰ দলক সমালোচনা কৰি কয়– ‘ৰাইজৰ দল বিজেপিৰ দল, এইবাৰৰ নির্বাচনত আমিনুলক ভোট দিয়ক আৰু আমাৰ মহাজেজাটক চৰকাৰ গঠনত সহায় কৰক৷’ আনহাতে, ভাষণ প্রসংগত বিধায়ক আমিনুল ইছলামৰ প্রয়াত পিতৃ মুফতি খাইৰুল ইছলামৰ মাগফেৰাতৰ বাবেও সমৱেত ৰাইজৰ পৰা দোৱা ভিক্ষা কৰে৷ আনহাতে, নির্বাচনী সভাখনৰ বাবে নিজ ধিঙৰ নগাঁও–ভূৰাগাঁও গডকাপ্ঢানী পথত প্রায় ৩ ঘণ্টা তীব্র জান–জঁট হয়৷

You might also like