নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমবাসীলৈ অখিল গগৈৰ পত্র, ইভিএম ৰখা ষ্ট্রং ৰুমত নজৰ ৰাখক

নিয়মীয়া বাৰ্তা, ৩০ মার্চঃ ৰাজ্যত বিধানসভা নির্বাচনৰ প্রথম পর্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈ যোৱাৰ পিছত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে পুনৰ ৰাইজলৈ চিঠি লিখি ই ভি এম থকা ষ্ট্রং ৰুমত নজৰ দিবলৈ আহ্বান জনাইছে৷ অখিল গগৈয়ে নিজৰ সমষ্টি তথা দলৰ হৈ প্রচাৰ চলাব নোৱৰাত এনেদৰে চিঠি লিখি নিজৰ স্থিতি প্রকাশ কৰি আহিছে৷

আজি লিখা চিঠিখনৰ জৰিয়তে কয়– ই ভি এম জালিয়াতিৰে যাতে বিজেপিয়ে ফলাফল সলনি কৰিব নোৱাৰে আৰু দুষ্কৃতিকাৰীয়ে যাতে ৰাইজৰ দলৰ কর্মীৰ কেইবা মাহজোৰা শ্রম আৰু জনতাৰ সাধনা পণ্ড কৰি দিব নোৱাৰে তাৰ বাবে ৰাইজৰ দলৰ কর্মীসকলৰ লগতে ৰাইজো সতর্ক হৈ থাকিব লাগে৷

নাগৰিকসকলেও ই ভি এম ৰখা ষ্ট্রং ৰুমত চকু ৰাখক৷ মনত ৰাখিব, আমাৰ প্রতিপক্ষ ভয়ানকভাৱে দুষ্ট৷ এইদৰে চিঠিখনত কৃষক নেতাজনে উল্লেখ কৰে৷ আনহাতে, বাতৰিকাকতৰ প্রথম পৃষ্ঠাৰ শীর্ষত প্রকাশ পোৱা বিজেপিৰ বিজ্ঞাপনটোৰ বিষয়েও গগৈয়ে চিঠিখনত উল্লেখ কৰে৷ তেওঁ কয়– প্রথম পৃষ্ঠাৰ বাতৰিৰ নিচিনাকৈ প্রকাশ কৰা এই প্রৱঞ্চনামূলক, মিছা আৰু অনৈতিক বিজ্ঞাপন প্রকাশ কৰি বিজেপি দলে গণতান্ত্রিক প্রমূল্যক প্রত্যাহ্বান জনাইছে৷

সেয়ে ৰাইজে বিজেপিৰ অপপ্রচাৰত ভোল যাব নালাগে৷ ইফালে, বিজেপিবিৰোধী চৰকাৰ গঠনৰ বাবে উদ্বাউল হৈ থকা বুলি উল্লেখ কৰি গগৈয়ে কয়– প্রথম পর্যায়ৰ ভোটগ্রহণত ৰাইজৰ দলে কেইবাখনো আসন লাভ কৰিব৷

You might also like