নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙহৰ যুঁজে কঁকাল ভাঙিছে মহাজোঁট–মিত্রজোঁট

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: মঙলবাৰে সন্ধিয়া ৬ বজাৰ লগে লগে দ্বিতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৩৯টা বিধানসভা সমষ্টিত নির্বাচনী প্রচাৰৰ অন্ত পৰিল৷ মঙলবাৰে প্রচাৰৰ অন্তিম দিনা প্রতিটো দল আৰু প্রার্থীয়ে নিজৰ শক্তি প্রদর্শনৰ বাবে নিজ নিজ সমষ্টিত হাইভ’ল্টেজ প্রচাৰ চলায়৷ ‘নেডা’ৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে মঙলদৈত এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰাৰ লগতে নলবাৰী, কলাইগাঁও, মাজবাট, ওদালগুৰি, লামডিং আৰু জাগীৰোডত বিজেপি মিত্রজোঁটৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ সেইদৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ধর্মপুৰ, বিলাসীপাৰা আৰু পশ্চিম গুৱাহাটীত, কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে নলবাৰী, গৌৰীপুৰ আৰু ধুবুৰীত নির্বাচনী প্রচাৰ চলায়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু অগপৰ সভাপতি অতুল বৰাই  বৰাক উপত্যকাত নির্বাচনী প্রচাৰত অংশগ্রহণ কৰে৷

কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ হৈ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বৰাক উপত্যকাত, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই জাগীৰোড, নলবাৰী আৰু মুছলপুৰত আজি তিনিখনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ অংশীদাৰ দল এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল, বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰী আৰু আঞ্চলিক গণ মর্চাৰ মুখ্য আহ্বায়ক অজিত কুমাৰ ভূঞায়ো দ্বিতীয় পর্যায়ৰ নির্বাচনী প্রচাৰৰ অন্তিম দিনটোত বিভিন্ন স্থানত জোৰদাৰ প্রচাৰ চলোৱা পৰিলক্ষিত হয়৷

মন কৰিবলগীয়া এয়ে যে দ্বিতীয় পর্যায়ৰ নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফ দলে কাটলিচেৰা আৰু দলগাঁও সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷ সেইদৰে লাহৰীঘাট সমষ্টিটো এআইইউডিএফে কংগ্রেছক এৰি দিছে যদিও দলীয় সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰি প্রাক্তন এআইইউডিএফ নেতা ছিদ্দিক আহমেদে সমষ্টিটোৰ পৰা কংগ্রেছৰ বিৰুদ্ধে নির্দলীয় ৰূপত নির্বাচনী ৰণত অৱতীর্ণ হৈছে৷ একেদৰে মিত্রজোঁটৰ অংশীদাৰ দুই দল বিজেপি আৰু ইউপিপিএলে কলাইগাঁও আৰু মাজবাট সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে৷

আনহাতে বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা শিলচৰৰ বিধায়ক তথা অসম বিধানসভাৰ প্রাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পালে এইবাৰ নির্দলীয় হিচাপে সমষ্টিটোত অৱতীর্ণ হৈছে৷ একেদৰে কংগ্রেছৰ টিকটৰ পৰা বঞ্চিত হোৱা সোণাইৰ প্রাক্তন বিধায়ক এনামুল হকেও এই নির্বাচনত নির্দলীয় হিচাপে যুঁজত নামিছে৷ এত কথাত ক’বলৈ লাগিলে বঙহৰ যুঁজে মিত্রজোঁট আৰু মহাজোঁট উভয় শিবিৰৰে কঁকাল ভাঙিছে৷ ইপিনে বৰাকৰ ৰজা ৰূপে পৰিচিত প্রাক্তন মন্ত্রী গৌতম ৰয় এইবাৰ বিজেপিৰ টিকটত কাটিগড়া সমষ্টিত নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ ৰয়ৰ পুত্র ৰাহুল ৰয় উদাৰবন্দ সমষ্টিত নির্দলীয় হিচাপে আৰু বোৱাৰী ডেইজী ৰয় আলগাপুৰ সমষ্টিৰ পৰা নির্দলীয় হিচাপে নির্বাচনী যুঁজত নামিছে৷

সেইদৰে এইবাৰ বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা মন্ত্রী ছুম ৰংহাং ডিফু সমষ্টিৰ পৰা কংগ্রেছ প্রার্থী হিচাপে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ অহা এক এপ্রিলত ভোটগ্রহণ হ’বলগীয়া দ্বিতীয় পর্যায়ৰ নির্বাচনৰ উল্লেখযোগ্য ৰথী–মহাৰথীসকল হৈছে– বিজেপিৰ মন্ত্রী পৰিমল শুক্লবৈদ্য, পীয়ূষ হাজৰিকা, ভৱেশ কলিতা, অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, বিধায়ক বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, মিহিৰকান্তি সোম, নোমল মমিন, গুৰুজ্যোতি দাস, ৰমাকান্ত দেউৰী, ৰূপক শর্মা, শিবু মিশ্র, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্রাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিদ্যাছিং ইংলেং, বিজেপি নেতা জিতু গোস্বামী, দিগন্ত কলিতা, বিশ্বৰূপ ভট্টাচার্য, দ্বিপায়ন চক্রৱর্তী, মিত্রদল অগপৰ ছাবিৰ আহমেদ, আজিজ আহমেদ খান, আফতাবুদ্দিন লস্কৰ, বিষ্ণু দাস, ছাদিক উল্লা ভূঞা, মিত্রদল ইউপিপিএলৰ গোবিন্দ বসুমতাৰী আদি৷

সেইদৰে মহাজোঁটৰ ৰথী–মহাৰথীসকল হৈছে– কংগ্রেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, ইলিয়াছ আলী, প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদ, অজিত সিং, মিছবাহুল ইছলাম লস্কৰ, বসন্ত দাস, ছুম ৰংহাং, প্রাক্তন বিধায়ক স্বপন কৰ, শম্ভু সিং মাল্লা, কংগ্রেছ নেতা নির্মল লাংথাছা, কিশোৰ ভট্টাচার্য, প্রদ্যুৎ ভূঞা, কুলদীপ বৰুৱা, আছিফ মহম্মদ নজৰ, শান্তনু শর্মা, শশীকান্ত দাস, সুৰেশ বৰা, অংশীদাৰ দল এআইইউডিএফৰ আব্দুল আজিজ, জাকিৰ হুছেইন লস্কৰ, সুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, কৰিমউদ্দিন বৰভূঞা, মজিবুৰ ৰহমান, চিপিআইৰ মুনিন মহন্ত, চিপিআই (এম)ৰ ভগৱান দেৱমিশ্র, বিপিএফৰ মন্ত্রী ৰিহণ দৈমাৰী, চৰণ বড়ো, কৰুণাকান্ত স্বর্গীয়াৰী, দুর্গাদাস বড়ো আদি৷

ইফালে দ্বিতীয় পর্যায়ত ভোটগ্রহণ অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত কালি সন্ধিয়া ৬ বজাৰ পৰা অহা ১ এপ্রিলৰ সন্ধিয়া ৬ বজা পর্যন্ত আবকাৰী বিভাগে সুৰাৰ প্রচলন নির্বাচন আয়োগৰ নির্দেশমর্মে নিষিদ্ধ কৰিছে৷ এই সময়ছোৱাত সেই অঞ্চলত সকলো বণ্ডেড ৱেৰহাউছ, দেশীয় আৰু বিলাতী সুৰাৰ বিপণী, বাৰ আদি বন্ধ ঘোষণা কৰাৰ লগতে এই সময়ছোৱাত সুৰাৰ সৰবৰাহ, সুৰা মজুতকৰণ নিষিদ্ধ কৰা হৈছে৷

ইফালে, নির্বাচন আয়োগে জনোৱা অনুসৰি দ্বিতীয় পর্যায়ত নির্বাচনী যুঁজত অৱতীর্ণ হোৱা ৩৪৫গৰাকী প্রার্থীৰ ভিতৰত ৩১৯জন পুৰুষ আৰু ২৬গৰাকী মহিলা প্রার্থী৷ আলগাপুৰত সর্বাধিক ১৯গৰাকী আৰু ওদালগুৰিত সর্বনিম্ন দুগৰাকী প্রার্থী এই নির্বাচনত অৱতীর্ণ হৈছে৷ নির্দলীয় হিচাপে অৱতীর্ণ হোৱা ৮২ বছৰীয়া দুলাল সূত্রধৰ আটাইতকৈ বয়োজ্যেষ্ঠ প্রার্থী৷ সেইদৰে চাৰিগৰাকী ২৫ বছৰীয়া সর্বকনিষ্ঠ প্রার্থী এই নির্বাচনত অৱতীর্ণ হৈছে৷ দ্বিতীয় পর্যায়ৰ নির্বাচনত ৩৯ সমষ্টিৰ ভিতৰত হোজাইত সর্বাধিক ২,৬৫,৮৮৬গৰাকী ভোটাৰ থকাৰ বিপৰীতে হাওৰাঘাটত আটাইতকৈ কম ১,৩২,৩৩৯গৰাকী ভোটাৰ আছে৷ মুঠ ১০,৫৯২টা ভোটগ্রহণ কেন্দ্রত দ্বিতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’ব৷ নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৩১০টা নিৰাপত্তাৰক্ষী কোম্পানী মোতায়েন কৰিছে৷ নির্বাচনী কাম–কাজ পৰিচালনাৰ বাবে মুঠ ৪২,৩৬৮গৰাকী বিষয়া–কর্মচাৰী নিয়োজিত কৰা হৈছে৷

You might also like