দেৱব্রত শইকীয়াৰ গুৰুতৰ অভিযোগঃ কার্বি আংলঙৰ জলসিঞ্চনত ১২৫৫.৪৩ কোটিৰ কেলেংকাৰি
নিয়মীয়া বাৰ্তা, ৩১ মার্চ: কার্বি আংলং স্বায়ত্বশাসিত পৰিষদত যোৱা পাঁচ বছৰত ৫,০০০ কোটি টকাৰ দুর্নীতি হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্রেছ বিধায়িনী দলৰ দলপতি দেৱব্রত শইকীয়াই৷ এক বিবৃতিত দেৱব্রত শইকীয়াই কয় যে শেহতীয়াকৈ পশ্চিম কার্বি আংলং জিলা কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা মুখপাত্র মোহন ৰংপিয়ে তথ্য দাখিল কৰিছে যে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত যোৱা পাঁচ বছৰত প্রায় ৫,০০০ কোটি টকাৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ আৰু হৰলুকী হৈছে আৰু সেই দুর্নীতিত স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং জড়িত আছে৷
প্রকাশিত তথ্য অনুসৰি কেৱল জলসিঞ্চন বিভাগতে ১২৫৫.৪৩ কোটি টকাৰ দুর্নীতি হৈছে৷ এই পুঁজি আত্মসাৎ কৰাৰ অর্থে পূর্বতে সম্পন্ন হৈ থকা প্রকল্পত নতুনকৈ চূণ–তেল সানি বিল আদায় কৰা হৈছে৷ যি দুই এটা নতুন প্রকল্প নির্মাণ কৰা হৈছে সেইসমূহত পানীৰ কোনো স্থায়ী উৎস নাই৷ গুৰুত্বপূর্ণ কথাটো হ’ল এই দুই নম্বৰী ঠিকাসমূহ তুলিৰাম ৰংহাঙৰ পৰিয়ালৰ সদস্যক দিয়া হৈছে৷
উল্লেখ্য যে এছ অ’ পি ডিৰ অধীনত ২০১৬–১৭ বিত্তীয় বর্ষৰ পৰা ২০২০–২১ বিত্তীয় বর্ষলৈকে চৰকাৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদত ২৮৩৮.২৩ কোটি টকা আবণ্টন কৰিছিল৷ ইয়াৰ ভিতৰত মুখ্যমন্ত্রীৰ ১০০ কোটি টকীয়া ৰাস্তা উন্নীতকৰণ পেকেজ আৰু বিত্তমন্ত্রীৰ ১৫০ কোটি টকীয়া বিশেষ পেকেজ তথা এককালীন বিশেষ অনুদান অন্তর্ভুক্ত আছে৷
অভিযোগ অনুসৰি জলসিঞ্চন বিভাগৰ দৰে এই পুঁজিসমূহৰ ক্ষেত্রতো আধৰুৱা কাম অথবা পুৰণি কামকে নতুন কাম হিচাপে দেখুৱাই চৰকাৰী ধন আত্মসাৎ কৰা হৈছে৷ উদাহৰণস্বৰূপে ডিফুৰ আমোলাপট্টিৰ পৰা ফুডমার্টলৈ ৮০০ মিটাৰ পথছোৱাৰ উন্নীতকৰণৰ কাম বিত্তমন্ত্রীৰ বিশেষ অনুদানৰ ২ কোটি ৭৭ লাখ ১ হাজাৰ টকা ব্যয়েৰে ২০১৭–১৮ বিত্তীয় বর্ষত সম্পন্ন কৰা হৈছিল আৰু এই কামটো মুখ্যমন্ত্রীয়ে ২৩–০৬–২০১৮ তাৰিখে উদ্বোধন কৰিছিল৷ কিন্তু এই একে কামৰ বাবে মুখ্যমন্ত্রীৰ পথ উন্নীতকৰণ পেকেজৰ অধীনত পুনৰ ৭ কোটি ১৮ লাখ ৭৩ হাজাৰ টকা বিত্ত বিভাগৰFOC নংFIN/DPU/KAC/001/2018/268যোগে ২৬–০৩–২০১৯ তাৰিখে মোকলাই দিয়া হ’ল৷ অনুৰূপ ধৰণে ডিফু অসামৰিক চিকিৎসালয়ৰ পৰা ডিফু থানা হৈ লুৰুলাংছ’লৈ পথছোৱা মুখ্যমন্ত্রীৰ ৰাস্তা উন্নীতকৰণ পেকেজৰ অধীনত ২০১৮–১৯ বিত্তীয় বর্ষত ১৬ কোটি ৭৮ লাখ ৬৯ হাজাৰ টকাৰ ব্যয়েৰে সম্পন্ন কৰা হৈছিল৷ কিন্তু এই একে কামৰ বাবে বিত্তমন্ত্রীৰ বিশেষ পেকেজৰ অধীনত ২০১৯–২০ বিত্তীয় বর্ষত ২৬–০২–২০২০ তাৰিখে পুনৰ ৬ কোটি ৭৬ লাখ টকা মোকলাই দিয়া হ’ল৷ এই ঠিকা লাভ কৰা ঠিকাদাৰজন আছিল তুলিৰাম ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাং৷
আশ্চর্যজনকভাৱে এই কামটোৰ বাবে বিত্তমন্ত্রীৰ বিশেষ পেকেজৰ অধীনত ২০১৯–২০ বিত্তীয় বর্ষত অতিৰিক্তভাৱে ৫ কোটি ৪০ লাখ ৮০ হাজাৰ টকা অসম বিধানসভাৰ দ্বাৰা ২০১৯ চনৰ নৱেম্বৰ মাহত পৰিপূৰক দাবী হিচাপে (অনুদান নং ৭৬) মঞ্জুৰী কৰোৱা হ’ল আৰু বিত্ত বিভাগে ২৯–০৩–২০১৯ তাৰিখৰFOC নংFIN/DPU/KAC/001/2019/1488ৰ দ্বাৰা পুঁজি মোকলাই দিয়ে৷
কার্বি আংলং স্বায়ত্ত পৰিষদৰ দ্বাৰা চৰকাৰী ধন আত্মসাতৰ বিষয়ে সচেতন স্থানীয় লোকে যোৱা ৫ বছৰে একাধিক চৰকাৰৰ ওচৰত লিখিতভাৱে অভিযোগ দাখিল কৰিলে৷ কিন্তু এই অভিযোগসমূহৰ ভিত্তিত সোণোৱাল মন্ত্রীসভাই অভিযুক্ত তুলিৰাম ৰংহাং বাহিনীক উদাৰ হাতেৰে লুণ্ঠনৰ বাবে নতুন নতুন পুঁজি আবণ্টন দিলে৷ অনাগত সময়ত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ চৰকাৰ গঠন হ’লে এইসমূহ বিত্তীয় কেলেংকাৰিৰ তদন্ত কৰাৰ লগতে লুণ্ঠনকাৰী ব্যক্তিসকলক আইনী প্রক্রিয়াৰ দ্বাৰা শাস্তি প্রদান কৰাৰ ব্যৱস্থা কৰা হ’ব৷