নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰাণত সাংবাদিক পূর্বজ্যোতি চুতীয়াৰ শেষকৃত্য সম্পন্ন, ৰহস্যজনক মৃত্যুৰ তদন্ত আৰম্ভ

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: জ্যেষ্ঠ সাংবাদিক, ‘নিয়মীয়া বার্তা’ৰ সহকাৰী সম্পাদক পূর্বজ্যোতি চুতীয়াৰ মৃত্যু ৰহস্য এতিয়াও উদ্ঘাটন হোৱা নাই৷ মঙলবাৰে পুৱা হাতীগাঁৱৰ লখিমী নগৰৰ নামঘৰ পথত এটি নলাত উদ্ধাৰ হৈছিল সাংবাদিকগৰাকীৰ মৃতদেহ৷ দেওবাৰে নিশাৰে পৰা নিখোজ হৈ থকা সাংবাদিক পূর্বজ্যোতি চুতীয়াক সোমবাৰে পুৱা বাসগৃহৰ পৰা কিছু আঁতৰত নলা এটাত তলমূৰকৈ পৰি থকা প্রত্যক্ষ কৰিছিল স্থানীয় লোকে৷ এই ঘটনাই জোকাৰি যায় সমগ্র মহানগৰ৷

পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰাত বিষয়টো অধিক ৰহস্যৰ আৱর্তত সোমাই পৰে৷ প্রয়াত সাংবাদিকগৰাকীক ধন বিচাৰি ভাবুকি প্রদান কৰা হাতীগাঁৱৰ জুলফিকৰ আলী নামৰ ব্যক্তিগৰাকীক আৰক্ষীয়ে কালি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷

আদালতে ধৃত জুলফিকৰ আলীক দুদিনৰ আৰক্ষী জিম্মালৈ প্রেৰণ কৰে৷ সম্প্রতি তেওঁক সোধা–পোছা অব্যাহত আছে৷

ইপিনে, মহানগৰ আৰক্ষীয়ে নামঘৰ পথৰ কেইবাটাও বাসগৃহৰ পৰা চিচি টিভি ফুটেজ সংগ্রহ কৰে৷ এটা চিচি টিভি ফুটেজত স্পষ্ট হৈ পৰিছে যে দেওবাৰে নিশা প্রায় ১০.২০ বজাত পূর্বজ্যোতি চুতীয়া বাসগৃহৰ পৰা পথলৈ ওলাই আহিছিল৷ পথত কিছু সময় ইফাল–সিফাল কৰাৰ দৃশ্যও দেখা যায়৷ কিন্তু তাৰ পিছত ঘৰৰ সন্মুখৰ পথটোত তেওঁৰ কোনো আহ–যাহ দেখা পোৱা নগ’ল৷ ইয়াৰ পিছদিনা পুৱাই নলাত উদ্ধাৰ হয় সাংবাদিকগৰাকীৰ মৃতদেহ৷ এয়া আর্থিক লেনদেন সম্পর্কীয় হত্যাকাণ্ড নে অন্য কোনো কাৰণত ঘাতকে তেওঁক আক্রমণৰ লক্ষ্য কৰি ল’লে, এই সন্দর্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে৷

ইফালে, প্রয়াত সংবাদিকগৰাকীৰ নশ্বৰদেহ সোমবাৰে নিশাই লৈ যোৱা হয় তেওঁৰ জন্মস্থান মৰাণলৈ৷ মঙলবাৰে পুৱা মৰাণ ঊষাপুৰস্থিত সাংবাদিকগৰাকীৰ পিতৃগৃহত বিভিন্ন দল–সংগঠনে শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰীয়ে আঁত ধৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানত মৰাণ মহকুমা সাংবাদিক মঞ্চ, মৰাণ প্রেছ ক্লাব, এলপাইন বয়জ ক্লাব, মৰাণ জিলা ক্রীডা সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, মিলিত শিল্পী সমাজ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰাণ শাখা, চুতীয়া উন্নয়ন সমিতি, চুতীয়া জাতি সন্মিলন আদি অনুষ্ঠান–প্রতিষ্ঠানে মৃতদেহত পুষ্পাঞ্জলিৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে উচিত তদন্ত কৰি দোষীৰ দৃষ্টান্তমূলক শাস্তি দাবী কৰে৷

অনুষ্ঠানত সাংবাদিকগৰাকীৰ কর্ম আৰু জীৱনৰ বিষয়ে আলোকপাত কৰে জ্যেষ্ঠ সাংবাদিক, মৰাণ প্রেছ ক্লাবৰ মুখ্য উপদেষ্টা শোভিত কুমাৰ ছেত্রীয়ে৷ ইয়াৰ পিছতে সাংবাদিকগৰাকীৰ মৃতদেহ জন্মস্থান মৰাণৰ ডোমৰদলং গাঁৱলৈ নিয়া হয় আৰু তাতেই একমাত্র জীয়াৰী ৰিয়াই মুখাগ্নিৰে শেষকৃত্য সম্পন্ন কৰে৷ মৰাণ সমষ্টিৰ প্রাক্তন বিধায়ক প্রয়াত তৰুণ চুতীয়াৰ পুত্র পূর্বজ্যোতিয়ে পত্নী, একমাত্র কন্যা, জ্যেষ্ঠ ভাতৃ, কেইবাগৰাকীও ভগ্নীসহ আত্মীয়–স্বজনক এৰি গৈছে৷

You might also like