সাতাৱন সাল–আঠাৱন সাল আৰু মণিৰামৰ ‘কবৰ’
অব্ আগে’৷ ব্রিটিশ্ ৰাজশক্তি আৰু বণিয়া ঈস্ত্ (‘ইষ্ট’–ISHT? নহয়) ইণ্ডিয়া কাম্প্নিয়ে ভাৰতত বণিজ আৰু সাম্রাজ্যৰ হাতোৰা মেলিছিলহি সম্রাট জাহাংগীৰৰ দিনতে৷ কাম্প্নিৰ অধিকর্তা লড্ ক্লাইৱ/ভ্ (‘ভ’–টো কেনেকৈ উচ্চাৰণ কৰে, তাৰ ওপৰতে কথা) আছিল এজন নিপুণ সেনাধ্যক্ষ৷ তেতিয়া ভাৰতত এডেও দুডেওকৈ লোটা নিয়াৰ ছেৱেৰে কাম্প্নিৰ সদৰ আছিল নতুন মহানগৰ কলি(ক’ল)কতা৷ ১৭৫৭ চনত পলাছী যুদ্ধ৷ এশ বছৰৰ পাছত, ১৮৫৭ চনত চিপাহী বিদ্রোহ ঃ সমগ্র ভাৰতত জুই ঃ বাহাদুৰ শাSha)হ জাফৰ, ঝান্সীৰ ৰাণী লক্ষ্মীবাই, মাৰাঠাত বালাজী বাজিৰাও, নানা ফার্ণেৱিস্, তাঁতিয়া তোপী দিল্লী, মীৰাট, কানপুৰ, পুণে, আৰু বহুত কিবা–কিবি অসমত গমধৰ কোঁৱৰ, পিয়লি ফুকন, ধনঞ্জয় গোহাঁই, ধনুধৰ গোহাঁই আদিয়ে ফিৰিঙি খেদিবলৈ ডেৰকুৰি বছৰৰ আগেয়ে, ১৮২৮ চনতে জ্বলোৱা জুইকুৰা, দপ্দপ্কৈ জ্বলি নাথাকিলেও ১৮৩০ চনত হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ ফাঁচীয়ে উমি উমি জ্বলি প্রজাৰ মন গুমগুমাই ৰাখিছিল৷ পিয়লি ফুকনৰ ফাঁচীৰ বিষয়ত মণিৰাম সাধনিয়াৰৰ ভূমিকাৰ বিষয়ে কিছু ঋণাত্মক কথাৰ প্রচলন বা চলন্তিও আছে৷ কিন্তু ইতিমধ্যে পূর্বৰ ডা–ডাঙৰীয়া, বৰুৱা–ফুকন আদি তথা মণিৰামৰ নিজৰ পৰম্পৰাগত ৰজাঘৰীয়া সা–সুবিধাসমূহত ঔপনিৱেশিক ব্রিটিশে নিজ স্বার্থত বৰ আক্রোহীকৈ হাত দিছিল৷ অনেকজন ক্ষিপ্ত হৈ আছিল৷ তাতে, ইতিমধ্যে চেলেং আৰু চেনিমৰা (এতিয়াCINNAMORA)ত দেৱানে নিজাকৈ দুখন চাহ বাগিচা খোলাত ক্ষুব্ধ হৈ ব্রিটিশেও চেলু চাই আছিল৷ পাহৰিলে নচলিব যে ক্রূৰ, বণিয়া, কপট ইংৰাজে অসমীয়াৰ সকলো লুটিছিল৷ সেই হাতোৰাৰ খামোচ আজিও বজ্রলেপ৷ এতিয়া, লগতে ৰাজস্থানী, হিন্দুস্তানী, পাঞ্জাবী আৰু বিহাৰীৰ হাতোৰা৷
সাতাৱন সালৰ বিদ্রোহৰ অগনিয়ে অসমকো চুলেহি৷ ইতিপূর্বে মণিৰামে তেওঁৰ অতি বিশ্বস্ত পিয়লি বৰুৱা (ফুকন নহয়), দুতিৰাম ছিৰস্তাদাৰ বৰুৱা, নকছাৰীৰ বাহাদুৰ গাঁওবুঢ়া আৰু ফৰমুদ আলী আদি জনদিয়েক লোকক লগত লৈ, পুৰন্দৰ সিংহৰ নাতি ‘চাৰিং ৰজা’ কন্দর্পেশ্বৰ সিংহক অসমৰ ৰজা বুলি সেৱা কৰি ইংৰাজৰ বিৰুদ্ধে বিদ্রোহৰ এখন আঁচনি প্রস্তুত কৰিলে৷ দেৱানে ১৮৫৩ চনত অসমত বিভিন্ন জিলা সদৰত বিভিন্ন জৰীপ চলোৱা, বিশেষ কর্তব্যৰত ন্যায়াধীশ হাকিম এ’ জেই মোফট্ মিল্ছ্ চাহাবৰ ওচৰত এখন আর্জি বা এত্লা দাখিল কৰি, পুৰন্দৰ সিংহৰ হূত উজনি খণ্ড ৰাজ্য, স্বর্গদেৱৰ নাতিয়েক কন্দর্পেশ্বৰ সিংহক ঘূৰাই দি ৰজা ৰূপে স্বীকৃতি দিবলৈ আর্জি পেছ কৰে৷ মিল্ছ–এ তেওঁৰ প্রতিবেদনত, কন্দর্পেশ্বৰ সিংহয়ো তেওঁক সাক্ষাৎ কৰা বুলি আৰু কন্দর্পেশ্বৰক ‘দ্য য়াং এণ্ড্ হেণ্ড্ছাম্ ৰাজা’ বুলিও উল্লেখ কৰিছিল কিন্তু দেৱানৰ আর্জি নাকচ কৰিলে৷
এইবাৰ দেৱান,– জে’ন্ৰ্ল্ জেন্কিন্সক সাক্ষাৎ কৰিবলৈ কলি(ল)কতা পালেগৈ৷ কিন্তু তাত একো সঁহাৰি নাপাই, বিদ্রোহৰ যা–যোগাৰৰ পৰামর্শৰে কন্দর্পেশ্বৰ সিংহলৈ গোপনে এখন চিঠি প্রেৰণ কৰিলে৷ কথিত আছে যে দুর্ভাগ্যক্রমে সেই চিঠি, দাৰোগা হৰনাথ পর্বতীয়া বৰুৱাৰ হাতত পৰিল৷ ব্রিটিশ চৰকাৰে সকলো কথাৰ গম পাই কন্দর্পেশ্বৰ সিংহক বন্দী কৰি কলিকতালৈ পঠালে আৰু মণিৰাম দেৱান, পিয়লি বৰুৱা, দুতিৰাম বৰুৱা, বাহাদুৰ গাঁওবুঢ়া, ফৰমুদ আলী আৰু আন জনদিয়েকক পোতাশালত ৰাখিলে৷ পাছে, যোৰহাটত বিচাৰ কৰি ‘দেশদ্রোহৰ অপৰাধ’ত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ফাঁচীৰ হুকুম দিলে আৰু বাহাদুৰ গাঁওবুঢ়া, ফৰমুদ আলী আৰু দুতিৰামক আন্দামানলৈ পঠালে৷ আন্দামানৰ চক্রাকাৰ কাৰাগাৰত বাহাদুৰ গাঁওবুঢ়াৰ নাম লিপিৱদ্ধ হৈ আছে৷ নকছাৰীৰপৰা কলীয়াপানী ঃ দেহি ঐ বাকীকেইজনৰ নাম হেনো তাত নাই৷ পাছত চৰকাৰে কন্দর্পেশ্বৰ সিংহক কলিকতাৰপৰা গুৱাহাটীলৈ আনি শিলপুখুৰীৰ পশ্চিমৰপৰা আমবাৰীলৈ এই বৃহৎ অঞ্চলৰ কোনোবা এঠাইত মাটি–বাৰী দি মাহিলি পাঁচশ টকা পে’নশ্ন্ দি থাকিবলৈ দিছিল৷ কেতিয়া ঢুকাল, তেওঁৰ আৰু পুতেকহঁতৰ মৈদামৰ কি হ’ল, তাৰ একো উৱাদিহ নাই৷
পোতাশালত থকা মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফে’ব্রুৱাৰীৰ পুৱতি নিশা ফাঁচী দিয়া হয়৷ দেৱানৰ দেহাটো আন্ধাৰে–মুধাৰে নি দেৱানৰ ঘৰৰ বাৰীতে পুতি থ’বলৈ দিয়া হয় (দাহ নহয়)৷ পোতা ঠাইডোখৰতে চিন এটা দি থোৱা হৈছিল৷ যোৰহাটৰ অত্যন্ত উদ্যোগী, কর্মযোগী, দেশপ্রেমী, সমাজকর্মী ব্যক্তি, লিখক আনন্দ চন্দ্র দত্তই দেৱানৰ ‘সৎকাৰ’ৰ ঠাইডোখৰত এটা স্মৃতি চিহ্ণ বা সৌধ নির্মাণৰ অর্থে ওৰে জীৱন প্রচণ্ড হেঁচা দি আছিল৷ ঠাইডোখৰ নিজ চকুৰে এবাৰ চাবৰ বাবে অসম বুৰঞ্জী বলিয়া মোৰ মনটোত এক দুর্বাৰ ইচ্ছা আছিল৷ দহ বছৰ মানৰ আগেয়ে এবাৰ যোৰহাটলৈ যাওঁতে দত্তক বিচাৰি উলিয়াই তেখেতক লগত লৈ চাহ গছৰ মাজে মাজে টলৌ–টলৌকৈ গৈ, দেৱানৰ শৱ পোতা ঠাইডোখৰ আৰু দেৱানৰ পুখুৰীটো চালোঁগৈ৷ এতিয়াৰ পৰা বছৰদিয়েক আগেয়ে আনন্দ দত্তৰো মৃত্যু হ’ল৷ দেৱানৰ মৃত্যুৰ পাছত তেখেতৰ পৰিয়ালটো আৰু তাত নাথাকিল৷ ইংৰাজেও তেখেতৰ ঘৰ–বাৰী, সম্পত্তি সকলো বাজেয়াপ্ত কৰিলে৷ চেনি(‘চিনা’?)মৰা বাগিচা দিয়া হ’ল যোৰহাট JOREHAUT) টী কাম্প্নিক৷ মৃতপ্রায় সেই বাগিচা এতিয়া অসম চাহ নিগমৰ (যমৰ?) হাতত৷
সিদিনা, ২২ ফে’ব্রুৱাৰীৰ বিয়লি ৩.৩০ বজাতো আৱর্ত ভৱনৰপৰা ৰমেনৰ সৈতে ওলালোঁ দেৱানৰ সমাধি স্থললৈ বুলি৷ গৈ পাই দেখিলোঁ,– স্বাধীনতা যুঁজাৰুজনৰ শৱদেহ পোতা ঠাইডোখৰত চাৰিওফালে আনুমানিক পাঁচ ফুটকৈ প্রায় পঁচিশ বর্গফূট আয়তনৰ, আৰু মক্কাৰ বিখ্যাত মছজিদৰ ‘কাবা’ শিলাখণ্ডৰ দৰে ক’লা কিবা এটা৷ সেয়ে ওচৰতে এখন পকী ফলকত লিখা আছে– Dev. Of Moniram Dewan Cremation Ground(.)’৷এইটো কেনেকুৱা কথা? ক্রিমেইশ্ন্ মানে হৈছে শৱ দাহ কার্য্য ক্রিমেইশ্ন্ গ্রাউণ্ড্ মানে শ্মশান, বা শৱ দাহ থলী৷ মণিৰাম দেৱানৰ দেহটো দাহ কৰা হৈছিলনেকি? নে, দেৱানৰ স্মৃতিত নামাংকিত থলী (আচলতে দেৱানৰ নিজৰে বাৰী)খনত যি কোনো লোকৰ শৱ দাহ কৰা হয়? কি কথা? তাত দেখোন গোটেইবোৰ, চাহাব–মেমচাহাবৰ পকী কবৰ (ইংৰাজৰ দ্বাৰা কবৰ স্থানলৈ ৰূপান্তৰিত) আৰু, পকী একো সাজিবৰ সামর্থ্য নথকা, ক্রিস্শিয়ানিটিলৈ ধর্মান্তৰিত, সম্ভৱতঃ চাহ বনুৱাৰ কিছুমান কেঁচা কবৰ ঃ মাটিৰ ঢ়িপ কি কথা? কি বতৰা? সেইখন অকল দেৱানৰ মৃতদেহ ‘পোৰা’ (?) ঠাই, নে, দেৱানৰ নামত উৎসর্গিত, উমৈহতীয়া, ৰাজহুৱা শ্মশান? কামটো কৰিছেMGNREGAৰ অধীনত ‘চিনামৰা গাঁও পঞ্চায়ত’–এ৷ চৰকাৰৰো যে কাম গাঁও পঞ্চায়তবোৰৰো যে কাম চৰকাৰৰ পুৰাতত্ত্ব বিভাগটোৱেনো কি কাটি থাকে? বিভাগটোৰ সঞ্চালক বা কোন, সচিব বা কোন, মন্ত্রী বা কোন বিভাগ এটা আছেতো? পাঠ্যক্রমৰপৰা বুৰঞ্জীক হুদু খেদা দিয়াৰ পৰিণাম খাৰখোৱা ‘আচামী’য়ে আৰু ভুগিব