নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাছভর্তি ডিআইসহ লালমাটিৰ ঘাইপথত তিনিখন বাহন দুর্ঘটনাগ্রস্ত

নিয়মীয়া বাৰ্তা, ৩১ মার্চ: মহানগৰীৰ বশিষ্ঠৰ লালমাটিত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত মঙলবাৰে মাছ কঢ়িয়াই অনা এখন ডিআইসহ তিনিখন বাহন দুর্ঘটনাত পতিত হয়৷ এই ভয়ংকৰ পথ দুর্ঘটনাত দুজন চালক আঘাতপ্রাপ্ত হোৱাৰ লগতে প্রায় চাৰি কুইণ্টল মাছ ৰাষ্ট্রীয় ঘাইপথত সিঁচৰতি হৈ পৰাত একাংশ লোকে মাছ ধৰিবলৈ হেতাওপৰা লগায়৷

আৰক্ষী সূত্রই জনোৱা মতে আজি দুপৰীয়া প্রায় ১ বজাত জালুকবাৰী দিশৰ পৰা মাছ কঢ়িয়াই অনা এএছ–০২–বিচি–২৫৭২ নম্বৰৰ ডিআই বাহনখনক পিছফালৰ পৰা এনএল–০২–কিউ–২৩৪০ নম্বৰৰ গেছ টেংকাৰখনে খুন্দা মাৰে৷ একে সময়তে টেংকাৰখনৰ পিছে পিছে আহি থকা এ এছ–০১–ইচি০৬৩১৪ নম্বৰৰ ট্রাকখনে নিয়ন্ত্রণ হেৰুৱাই টেংকাৰখনত খুন্দা মাৰে৷

ফলত মাছ কঢ়িয়াই অনা বাহনখনৰ পৰা প্রায় চাৰি কুইণ্টল মাছ ঘাইপথৰ ওপৰত সিঁচৰতি হৈ পৰাৰ লগতে বাহনকেইখনৰ বিস্তৰ ক্ষয়–ক্ষতি হয়৷ এই ভয়ংকৰ পথ দুর্ঘটনাত ডিআই আৰু ট্রাকৰ চালক দুজন আঘাতপ্রাপ্ত হয়৷

ইপিনে, এই পথ দুর্ঘটনাক কেন্দ্র কৰি ৩৭নং ৰাষ্ট্রীয় ঘাইপথত তীব্র যান–জঁটৰ সৃষ্টি হয়৷ পথ দুর্ঘটনাৰ পাছতেই একাংশ লোকে হাতে হাতে পলিথিন লৈ ঘাইপথত মাছ বুটলি লোৱাত ব্যস্ত হৈ পৰে৷ একে সময়তে কর্তব্যৰত আৰক্ষীৰ জোৱানেও মাছ বুটলি থকা বুলি প্রত্যক্ষদর্শীয়ে জানিবলৈ দিছে৷ অৱশ্যে আৰক্ষীয়ে এই কথা অস্বীকাৰ কৰে৷

You might also like