মই মিছা ক’বলৈ অহা নাই নৰেন্দ্র মোদী নহয় মইঃ ৰাহুল গান্ধী
কামাখ্যাত আশিস লৈ ছয়গাঁও–বৰক্ষেত্রীত্ নির্বাচনী প্রচাৰ
নিয়মীয়া বাৰ্তা ১ মাৰ্চঃ কংগ্রেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে আজি ছয়গাঁও আৰু বৰক্ষেত্রীত কংগ্রেছৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টি দুটাত নির্বাচনী প্রচাৰলৈ যোৱাৰ পূর্বে পুৱাৰ ভাগতে ৰাহুল গান্ধীয়ে কামাখ্যা মন্দিৰলৈ গৈ মা কামাখ্যাৰ আশিস লয়৷ কামাখ্যাত পূজা–র্চনা কৰি সংবাদ মাধ্যমৰ আগত কংগ্রেছৰ পাঁচ গেৰাণ্টী সম্পর্কত গান্ধীয়ে কয় যে ছত্তিশগড়, পঞ্জাব, কর্ণাটকত কংগ্রেছে নির্বাচনৰ পূর্বে যি কৰিম বুলি কৈছিল, সেয়া কৰিছে৷ অসমতো যি পাঁচ গেৰাণ্ঢীৰ কথা কৈছে, সেয়া কৰিবই৷ ৰাহুলৰ স্পষ্ট কথা– ‘আমি বিজেপি নহয়, যি কৰিম বুলি কৈছোঁ, কৰিমেই৷’
ছয়গাঁৱৰ প্রীতিপুৰত কংগ্রেছৰ বিশাল জনসভা
মই ইয়াত মিছা ক’বলৈ অহা নাই, মই নৰেন্দ্র মোদী নহয়
তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ছয়গাঁও বিধানসভা সমষ্টিৰ কংগ্রেছ প্রার্থী ৰেকিবুদ্দিন আহমেদৰ হৈ কংগ্রেছৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে বুধবাৰে নির্বাচনী প্রচাৰ চলায়৷ সমষ্টিটোৰ বনগাঁৱৰ প্রীতিপুৰ খেলপথাৰত আয়োজিত এখন বিশাল নির্বাচনী সমাৱেশত ভাষণ দি গান্ধীয়ে কয়– ‘কা’ আন্দোলনত শ্বহীদ হোৱা ছয়গাঁৱৰ দীপাঞ্জল দাসৰ ঘৰত আহি মই পৰিয়ালৰ খা–খবৰ লৈছোঁ৷ অসম চৰকাৰ, বিজেপি আৰু আৰ এছ এছে দীপাঞ্জল দাসক হত্যা কৰিছে৷ দীপাঞ্জলে যেতিয়া অসমৰ শান্তিৰ হকে থিয় হৈছিল, তেতিয়াই তেওঁক গুলীয়াই হত্যা কৰা হ’ল৷ দীপাঞ্জলৰ নিচিনা যুৱক শ্বহীদ হ’ল বাবে কংগ্রেছে কেতিয়াও ‘কা’ কার্যকৰী কৰিব নিদিয়ে৷ ‘কা’ অসমৰ আত্মসন্মান, সংস্কৃতি আৰু সমন্বয়–সম্প্রীতিৰ ওপৰত আক্রমণ৷
মোদীয়ে বিমুদ্রাকৰণ, জি এছ টিৰ নামত ভাৰতবাসীৰ পকেটৰ পৰা টকা উলিয়াই নিয়াৰ পাছত এতিয়া কৃষি আইনৰ জৰিয়তে দেশৰ কৃষকক নিজৰ কৃষিভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব ওলাইছে৷ কংগ্রেছ ক্ষমতালৈ আহিলে ছত্তিশগড়ৰ লেখীয়া কংগ্রেছশাসিত ৰাজ্যৰ দৰে অসমৰ কৃষকৰো ঋণ মাফ কৰি দিয়া হ’ব৷ অসমত কংগ্রেছ শাসনত আহিলে অসমৰ ভিতৰতে অসমে অসম চলাব৷ নাগপুৰ–দিল্লীয়ে নচলায়৷ তেওঁ কয় যে কংগ্রেছে দিয়া পাঁচটা গেৰাণ্টীৰ ভিতৰত এক নম্বৰতে মহাজোঁটৰ চৰকাৰ হ’লে ‘কা’ বলৱৎ হ’বলৈ নিদিওঁ বুলি কৈছোঁ৷ ‘কা’ অসমৰ ওপৰত এক আক্রমণ৷ ‘কা’ এখন আইন নহয়, অসমৰ ভাষা–সংস্কৃতি আৰু ইতিহাসৰ ওপৰত কৰা আক্রমণ৷ ভাষণত তেওঁ আৰু কয়– ‘মই ইয়াত মিছা ক’বলৈ অহা নাই, মই নৰেন্দ্র মোদী নহয়৷’ পাঁচ গেৰাণ্টীৰ লগতে মহাজোঁটৰ চৰকাৰ হ’লে পুনৰ দক্ষিণ কামৰূপ জিলা দিয়াৰো তেওঁ গেৰাণ্টী দি কয় যে অসমক অসমৰ লোকে চলাব৷
এই নির্বাচনী সমাৱেশখনতে ৰাহুল গান্ধীয়ে ছয়গাঁও সমষ্টিৰ দলীয় প্রার্থী ৰেকিবুদ্দিন আহমেদ আৰু বকো সমষ্টিৰ দলীয় প্রার্থী নন্দিতা দাসক পুনৰ বিপুল ভোটত বিজয়ী কৰাবলৈ আহ্বান জনায়৷ এই নির্বাচনী সমাৱেশখনত ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে ভাষণত কয় যে অসমত এতিয়া কমল শুকাইছে৷ হাতী মেকুৰী হৈ গৈছে৷ সেইদৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ভাষণত আজিৰ নির্বাচনী সমাৱেশখন বিজয় সভা বুলি উল্লেখ কৰি কয় যে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ নিশ্চিত৷ নির্বাচনী সমাৱেশখনত এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াও উপস্থিত থাকে৷
বৰক্ষেত্রীত দিগন্ত বর্মনৰ হৈ প্রচাৰ ৰাহুল গান্ধীৰ
বিজেপিৰ দৰে নাগপুৰ–দিল্লীৰ নির্দেশত অসমত মুখ্যমন্ত্রী নহয়ঃ গান্ধী
এইবাৰ অসমত নিশ্চিতভাৱে কংগ্রেছ মহাজোঁটৰ চৰকাৰ হ’ব৷ চৰকাৰৰ শপতগ্রহণৰ পাছতেই ‘কা’ আইন অসমত বলৱৎ নকৰাৰ সিদ্ধান্ত লোৱা হ’ব৷ –এই মন্তব্য কংগ্রেছ নেতা ৰাহুল গান্ধীৰ৷ আজি বৰক্ষেত্রী সমষ্টিৰ লোহাৰকাঠাত কংগ্রেছ–মহাজোঁটৰ প্রার্থী দীগন্ত বর্মনৰ হৈ নির্বাচনী প্রচাৰ চলাই গান্ধীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুজনমান ঘনিষ্ঠ উদ্যোগপতি বন্ধুৰ স্বার্থত সাধাৰণ জনতাক মাধমাৰ শোধাইছে৷ জি এছ টিৰ নাম সাধাৰণ দোকানী, ব্যৱসায়ীৰ পৰা কৰ আদায় কৰিছে৷ অথচ ঘনিষ্ঠ উদ্যোগপতি বন্ধুসকলৰ বেংকত আদায় দিব লগা হাজাৰ কোটি টকাৰ ঋণ মাফ কৰি দিছে৷ কংগ্রেছে ৫টা গেৰাণ্টীক লৈ নির্বাচনত অৱতীর্ণ হোৱা দেখি বিজেপিয়ে ভয় খাইছে৷ কিয়নো আঢ়ৈ বছৰ পূর্বে ছত্তিশগড়ৰ নির্বাচনৰ আগে আগে কংগ্রেছে এনেধৰণৰ গেৰাণ্টী দিছিল৷ সেই গেৰাণ্টী চৰকাৰ গঠনৰ ১০ দিন পাছতেই কার্যকৰী কৰাৰ কথা আছিল যদিও কংগ্রেছ চৰকাৰে শপতগ্রহণ কৰাৰ ৬ ঘণ্টা পাছতেই আটাইকেইটা গেৰাণ্টী কার্যকৰী কৰি দেখুৱাইছে৷ অসমৰ ক্ষেত্রতো যি গেৰাণ্টী দিয়া হৈছে, সেয়া চৰকাৰ গঠন কৰাৰ লগে লগে কংগ্রেছে পালন কৰি দেখুৱাব৷ এই সন্দর্ভত তেওঁ কয় যে প্রধানমন্ত্রী মোদীৰ দৰে তেওঁলোক মিছলীয়া নহয়৷ মোদীয়ে সঁচা কথা নকয়৷
অনবৰতে মিছা কথাৰ মাজেৰে ৰাইজক আভুৱা ভাঁৰি আহিছে৷ অসমীয়া ৰাইজক প্রৱঞ্চনা কৰি আহিছে৷ অসমত কংগ্রেছৰ চৰকাৰ হ’লে অসমৰ এগৰাকী ভূমিপুত্রই মুখ্যমন্ত্রী হ’ব৷ বিজেপিৰ দৰে নাগপুৰ–দিল্লীৰ নির্দেশত অসমত মুখ্যমন্ত্রী নহয়৷ নির্বাচনী সমাৱেশখনত ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে কয় যে কংগ্রেছে বিগত ৭০ বছৰত একো কৰা নাই বুলি আজি বিজেপিৰ যিসকল নেতাই কৈ আছে, তেওঁলোকে কংগ্রেছে স্থাপন কৰা বিদ্যালয়তে পঢ়িছে আৰু কংগ্রেছে নির্মাণ কৰা মেডিকেলতে জন্মগ্রহণ কৰিছে৷ তেওঁলোকৰ কংগ্রেছক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই৷ বৰক্ষেত্রী সমষ্টিৰ কংগ্রেছ মহাজোঁটৰ প্রার্থী দিগন্ত বর্মনে আঁত ধৰা নির্বাচনী সমাৱেশখনত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়া, সাংসদ আব্দুল খালেক আদিও উপস্থিত থাকে৷