ম্যানমাৰত সেনাৰ ৰক্তস্নান
১ ফেব্রুৱাৰীৰ পৰা দেশখনৰ সশস্ত্র সেনা তথা আৰক্ষীৰ হাতত এতিয়ালৈকে প্রাণ হেৰুৱাইছে ৫ শতাধিক প্রতিবাদকাৰীয়ে৷ নিহত এই প্রতিবাদকাৰীসকলৰ্ ভিতৰত আছে পাঁচ–ছয় বছৰীয়া শিশুও৷ আনকি সংঘর্ষজর্জৰ পৰিস্থিতিত ৰাজপথৰ পৰা পলায়ন কৰি নিজ পিতৃৰ বুকুৰ মাজত আশ্রয় গ্রহণ কৰিব বিচৰা কিশোৰীকো শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰিছে আৰক্ষীয়ে৷ দেশখনত চলি থকা এই পাশৱিক আতিশয্যৰ বাবে এতিয়া বিশ্বজুৰি বর্ষণ হৈছে গৰিহণা তথা নিন্দাপাত৷ ম্যানমাৰৰ ইতিহাস ৰক্তক্ষয়ী প্রতিবাদৰ ইতিহাস৷ দীর্ঘদিন ধৰি দেশখনত সেনাই শাসন কৰি আহিছে কিন্তু ২০১৫ চনত দেশখনত প্রথমবাৰৰ বাবে নির্বাচন অনুষ্ঠিত হয়৷ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ এখন দেশবাসীয়ে লাভ কৰে যদিও সেনাৰ প্রভাৱ সম্পূর্ণৰূপে নাইকিয়া কৰাটো সম্ভৱ নহ’ল৷ বিশ্বজুৰি জনপ্রিয় নেত্রী হৈ পৰা আং ছান ছ্যু কীৰ নেচনেল লীগ ফৰ ডেম’ক্রেচী (এন এল ডি)এ যোৱা নৱেম্বৰ মাহত অনুষ্ঠিত নির্বাচনত অভূতপূর্ব বিজয় সাব্যস্ত কৰি পুনৰ ক্ষমতা দখলৰ পথ প্রশস্ত কৰিছিল৷ কিন্তু দেশখনৰ সেনাৰ বাবে এয়া কোনো কাৰণতে গ্রহণযোগ্য নাছিল৷ কাৰণ সেনা সমর্থিত বিৰোধী পক্ষই এই নির্বাচনত চৰম পৰাজয়ক আঁকোৱালি ল’বলগীয়া হৈছিল৷ গতিকে নির্বাচনত প্রৱঞ্চনাৰ অভিযোগ তুলি ১ ফেব্রুৱাৰীত অসামৰিক চৰকাৰখনক ক্ষমতাচ্যুত কৰি সেনাই পুনৰ নিজৰ হাতলৈ নিয়ে ক্ষমতা৷ আনকি গণতান্ত্রিকভাৱে নির্বাচিত প্রতিনিধিসকলক তাৎক্ষণিকভাৱে বন্দী কৰা হয়৷ ইয়াৰ পাছতেই বিক্ষোভৰ মহাকাব্যিক ইতিহাস থকা ম্যানমাৰত জনসাধাৰণ পুনৰ জাগ্রত হয়৷ লগে লগে এই মহাবিদ্রোহৰ স্ফুলিংগক নির্বাপিত কৰিবলৈ সামৰিক চৰকাৰে আৰম্ভ কৰিছে পাশৱিক দমন অভিযান৷ বিশ্বজুৰি এই পাশৱিক অভিযানৰ বিৰুদ্ধে ক্ষোভৰ উদ্গিৰণ ঘটিছে৷ আন্তর্জাতিক সম্প্রদায়সমূহে সামৰিক চৰকাৰৰ কার্যক গৰিহণা দিয়াৰ উপৰি বন্দী অসামৰিক নেতাসকলক শীঘ্রে মুক্তি দিবলৈও দাবী জনাইছে৷ শান্তিকামী জনসাধাৰণৰ গণতান্ত্রিক প্রতিবাদত পাইকাৰী হাৰত মানৱ অধিকাৰ উলংঘা হোৱা বিষয়টোক লৈ সামৰিক চৰকাৰক বিশ্ব সম্প্রদায়ে ধিক্কাৰ দিছে যদিও ইয়াক গুৰুত্ব দিয়া নাই সামৰিক শাসকে৷ গতিকে আন্তর্জাতিক ক্ষেত্রত আজিৰ মুহূর্তত ম্যানমাৰ হৈ পৰিছে সকলোৰে বাবে উদ্বেগৰ বিষয়৷ প্রশ্ণটো হৈছে গণতান্ত্রিক প্রক্রিয়াক ধ্বংস কৰি ম্যানমাৰত পুনৰ স্বৈৰতন্ত্র প্রতিষ্ঠা কৰিলে দেশখনৰ সামৰিক চৰকাৰক জনসাধাৰণে সহজভাৱে মানি ল’ব নেকি৷
১৯৬২ চনৰ পৰা ২০১১ চনলৈ সামৰিক চৰকাৰে ম্যানমাৰত ভয়াৱহ স্বৈৰতন্ত্র চলাই আহিছিল৷ সেনা জেনেৰেলসকলে ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন কৰি আন্তর্জাতিক গৰিহণা তথা নিষেধাজ্ঞাৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ কিন্তু ছ্যু কীৰ নেতৃত্বত ব্যাপক গণ আন্দোলনৰ ওচৰত ক্রমান্বয়ে শিৰনত কৰিবলৈ বাধ্য হৈছিল সেনা শাসকে৷ ২০১০ চনৰ পৰা সামৰিক চৰকাৰৰ স্বৈৰতন্ত্রৰ কিছু শিথিলতা আহি পৰিছিল৷ ইয়াৰ ফলতেই ২০১৫ চনত দেশখনত অনুষ্ঠিত হৈছিল প্রথমটো মুক্ত নির্বাচন৷ আং ছান ছ্যু কীৰ নেতৃত্বতে ইয়াৰ পৰৱর্তী বর্ষটোত দেশখনত এখন অসামৰিক চৰকাৰ প্রতিষ্ঠা হৈছিল৷ অৱশ্যে এই অসামৰিক চৰকাৰৰ প্রতি বিশ্ব সম্প্রদায়ে সমর্থন জনাইছিল যদিও ২০১৭ চনত ৰাখিন প্রদেশত সংখ্যালঘু ৰহিংগ্যা মুছলমানসকলৰ ওপৰত সেনাই চলোৱা আতিশয্যৰ বাবেই বিশ্বজুৰি ছ্যু কীৰ প্রতি থকা সমর্থন লোপ পাই আহিছিল৷ আনকি ছ্যু কীৰ ন’বেল বঁটা কাঢ়ি লোৱাৰ বাবে বিশ্বৰ বিভিন্ন দেশে দাবী জনাইছিল ৰহিংগ্যাৰ ওপৰত চলা অমানৱীয় আতিশয্যৰ বিষয়টোক লৈ৷ লক্ষণীয়ভাৱে ৰাষ্ট্রসংঘৰ উপৰি কেইবাটাও আন্তর্জাতিক সংস্থাই ছ্যু কীৰ চৰকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছিল৷ কেইবাগৰাকীও সেনা জেনেৰেলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিছিল আন্তর্জাতিক সম্প্রদায়ে৷ ইয়াৰ মাজতো ম্যানমাৰত পূর্ণ গণতন্ত্র প্রতিষ্ঠাৰ বাবে আন্তর্জাতিক সম্প্রদায়ে সদায় দাবী জনাই আহিছিল৷ কিন্তু চলিত বর্ষৰ ১ ফেব্রুৱাৰীত অসামৰিক চৰকাৰখনৰ পতন ঘটাই সামৰিক বাহিনীয়ে পুনৰ ম্যানমাৰৰ ক্ষমতা দখল কৰাৰ লগে লগে পৰিস্থিতি সম্পূর্ণ সলনি হৈ পৰে৷ বর্তমান সময়ত ম্যানমাৰৰ অর্থনীতিলৈ নামি আহিছে বিভীষিকা৷ অসামৰিক চৰকাৰৰ সময়ত দেশখনলৈ ব্যাপক হাৰত প্রত্যক্ষ বিদেশী বিনিয়োগ আহিছিল যদিও সামৰিক চৰকাৰে ক্ষমতা কাঢ়ি লোৱাৰ লগে লগে ইয়াত আহি পৰিছে বাধা৷ ইফালে ক্ষোভৰ দাবানল নির্বাপিত কৰিবলৈ দমন অভিযান, আনফালে দেশখনৰ অর্থনীতিত অভাৱনীয় সংকট৷ এক জটিল তথা অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে ম্যানমাৰ৷