নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানকার্ডৰ সৈতে আধাৰ সংলগ্ণৰ সীমা ৩০ জুনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ পান কার্ডৰ সৈতে আধাৰ সংলগ্ণৰ সময়সীমা ৩০ জুনলৈ বৃদ্ধি কৰা হৈছে৷ আজি আয়কৰ বিভাগে এই ঘোষণা কৰিছে৷ উল্লেখ্য যে পানকার্ডৰ সৈতে আধাৰ সংলগ্ণৰ অন্তিম সীমা আছিল ৩১ মার্চ৷ আজি এই সময়সীমা উকলি যোৱাৰ পূর্বে আয়কৰ বিভাগে পান কার্ডৰ সৈতে আধাৰ সংলগ্ণৰ অন্তিম সময় ৩১ জুনলৈ সম্প্রসাৰণ কৰিলে৷ তাৎপর্যপূর্ণ যে ঘাতক ক’ভিড–১৯ মহামাৰীৰ বাবেই জনগণে অসুবিধাৰ সন্মুখীন হোৱাৰ ফলশ্রুতিত এই সময়সীমা সম্প্রসাৰণ কৰা হৈছে বুলি আয়কৰ বিভাগে প্রকাশ কৰিছে৷

You might also like