নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূব গুৱাহাটীত নির্বাচনী প্রচাৰ বিজেপিৰ সিদ্ধাৰ্থ ভট্টাচার্যৰ

বিজয় নিশ্চিত দাবী মিত্রজোঁটৰ প্রার্থীৰঃ আশাবাদী কংগ্রেছৰ অসীমা বৰদলৈ

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ দিন চমু চাপি আহিছে মানে তীব্রতৰ হৈ পৰিছে নির্বাচনী প্রচাৰ অভিযান৷ কংগ্রেছ আৰু বিজেপি প্রার্থীৰ লগতে দুয়োটা দলৰ সমর্থকসকলে দিন–ৰাতি একাকাৰ কৰি পূব গুৱাহাটীত চলাইছে ব্যাপক প্রচাৰ৷ আজি বিজেপি প্রার্থী সিদ্ধার্থ ভট্টাচার্যই পুৱাৰ ভাগত সমষ্টিটোৰ পূব ভাস্কৰ নগৰ আৰু উজান বজাৰত প্রচাৰ চলোৱাৰ সমানে বিয়লি ভাস্কৰ নগৰ, শৰণীয়া, নয়নপুৰ, ৰিহাবাৰী, বৰা ছার্ভিচ আদি স্থানত প্রচাৰ চলায়৷ প্রচাৰ অভিযানৰ লগতে কেইবাটাও নির্বাচনী কার্যালয় মুকলি কৰে সিদ্ধার্থ ভট্টাচার্যই৷ পূব গুৱাহাটীত বিজয় নিশ্চিত বুলি দাবী কৰি অহা ৫ বছৰত সমষ্টিটোৰ আধৰুৱা কাম সম্পূর্ণ কৰিব বুলি আশ্বাস প্রদান কৰে৷ একেদৰে ব্যাপক প্রচাৰ অভিযান অব্যাহত ৰাখিছে কংগ্রেছ প্রার্থী অসীমা বৰদলৈয়ে৷ আজি পাণবজাৰ অঞ্চলৰ বিভিন্ন স্থানৰ লগতে চোলাপাৰা, ৰিহাবাৰী আদি অঞ্চলত প্রচাৰ চলায়৷ এইবাৰ পূব গুৱাহাটীত কংগ্রেছৰ বিজয় নিশ্চিতবুলি দাবী কৰে অসীমা বৰদলৈয়ে৷ লগতে জয়ী হোৱাৰ পিছতে সমষ্টিটোৰ পানীৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস প্রদান কৰে৷ কংগ্রেছ, বিজেপিৰ সমানে সমষ্টিটোত প্রচাৰ অভিযান অব্যাহত ৰাখিছে অসম জাতীয় পৰিষদৰ প্রার্থী অদীপ ফুকনে৷ অৱশ্যে কোনে মাৰিব পূব গুৱাহাটীত শেষ হঁাহি, সেয়া ২ মে’তহে স্পষ্ট হ’ব৷

You might also like