নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জন্তুৰ ক’ভিড প্রতিৰোধী ভেকচিন প্রস্তুত ৰাছিয়াৰ

কার্নিভাক–কোভ ১০০ শতাংশ নিৰাপদ বুলি দাবী ৰ’জেলখোজনাডজোৰৰ

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ জন্তুৰ বাবে প্রথমবাৰলৈ বিশ্বত ক’ভিড–১৯ প্রতিৰোধী ভেকচিন প্রস্তুত কৰিছে ৰাছিয়াই৷ ৰাছিয়াই ইতিমধ্যে মানুহৰ বাবে তিনিটাকৈ ক’ভিড ভেকচিন প্রস্তুত কৰিছে৷ ইয়াৰ ভিতৰত বিশ্বৰ বিভিন্ন দেশে প্রদান কৰি থকা ৰাছিয়াৰ ক’ৰোনা ভাইৰাছ ভেকচিনবিধ হৈছে স্পুটনিক ভি৷ ইয়াৰ উপৰি এপিভেক ক’ৰোনা আৰু ক’ভিভেক নামৰ দুয়োবিধ ভেকচিন জৰুৰীভাৱে প্রদান কৰাৰ ক্ষেত্রত মস্কো প্রশাসনে অনুমোদন জনাইছে৷ শেহতীয়াকৈ দেশখনৰ কৃষি নিৰাপত্তা ক্ষেত্রত থকা সংস্থা ৰ’জেলখোজনাডজোৰে উল্লেখ কৰিছে যে বিশ্বৰ প্রথমটো জন্তুৰ বাবে ক’ভিড–১৯ প্রতিৰোধী ভেকচিন প্রস্তুত কৰি উলিওৱা হৈছে৷

সংস্থাটোৱে উল্লেখ কৰা অনুসৰি এই ভেকচিনবিধৰ নাম কার্নিভাক–কোভ৷ ইতিমধ্যে কার্নিভাক–কোভৰ ক্লিনিকেল পৰীক্ষা সম্পন্ন হৈছে৷ যোৱা অক্টোবৰ মাহতে ইয়াৰ ক্লিনিকেল পৰীক্ষা আৰম্ভ কৰা হৈছিল৷ কুকুৰ, মেকুৰী, সুমেৰু অঞ্চলৰ শিয়াল, মিনক্ছ তথা অন্যান্য জন্তুৰ ওপৰত ইয়াৰ পৰীক্ষা চলোৱা হৈছিল৷ ৰুছ সংস্থাটোৰ উপ–প্রধান কনষ্টেনটিন ছাভেনক’ভে উল্লেখ কৰা অনুসৰি ভেকচিনবিধ ১০০ শতাংশ নিৰাপদ বুলি নিশ্চিত কৰা হৈছে৷ ক্লিনিকেল পৰীক্ষাত ইয়াৰ ফলাফল ১০০ শতাংশ নিৰাপদ হিচাপে প্রতিপন্ন হৈছে৷ অর্থাৎ ক’ভিড প্রতিৰোধী এই ভেকচিনবিধে ১০০ শতাংশ এণ্টিব’ডী তৈয়াৰ কৰিবলৈ সক্ষম বুলি দাবী কৰিছে ৰ’জেলখোজনাডজোৰৰ বিষয়ববীয়াসকলে৷ ৰাছিয়াই এই ভেকচিনবিধ প্রস্তুত কৰাৰ লগে লগে বিশ্বত জন্তুৰ ক’ভিড প্রতিৰোধী ভেকচিন প্রস্তুত কৰা প্রথমখন দেশ হিচাপে চিহ্ণিত হোৱাৰ উপৰি বিশ্ব স্বাস্থ্য সংস্থাই দেশখনৰ এনে কার্যক আদৰণি জনাইছে৷

You might also like