চীনৰ কাৰচাজিঃ পুনৰ ঘোলা হৈছে চিয়াঙৰ পানী; মহাবাহুৰ বুকুৰে বৈছে প্রদূষিত পানী
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ পুনৰ যেন এক অশনি সংকেত ঘোলা হৈছে মহাবাহু ব্রহ্মপুত্রৰ পানী৷ ইয়াকে লৈ নৈপৰীয়া জনসাধাৰণৰ মাজত তীব্র আতংক সৃষ্টি হৈছে৷ বিগত কিছু দিনৰ পৰা ব্রহ্মপুত্রৰ পানী অস্বাভাৱিকভাৱে ক’লা হৈ পৰিছে৷ কোনো ৰাসায়নিক দ্রব্য মিহলিসদৃশ পানীয়ে ভাবুকি আনিছে জীৱকুলৰ লগতে নৈপৰীয়া ৰাইজৰ জীৱনলৈ৷ অতি আশ্চর্যজনকভাৱে ব্রহ্মপুত্রৰ পানী অস্বাস্থ্যকৰ, দূষিত তথা ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰাটোৱে সকলোকে সচকিত কৰি তুলিছে৷
অসমৰ আয়ুস ৰেখা বুলি পৰিচিত ব্রহ্মপুত্রৰ অস্তিত্বৰ প্রতি প্রবল ভাবুকি বা সংকট আহি পৰিছে নেকি, এয়া এতিয়া উত্তৰবিহীন প্রশ্ন হৈ পৰিছে৷
উল্লেখ্য যে পূর্বে ব্রহ্মপুত্রৰ ঘোলা পানী খাই মৃত্যু হৈছিল বহু জীৱ–জন্তুৰ৷ গৰু, ম’হ, মাছ, কাছৰ মৃত্যু হোৱাত চিন্তিত হৈ পৰিছিল প্রকৃতিপ্রেমী তথা হাজাৰ হাজাৰ নৈপৰীয়া লোক৷ পুনৰ যোৱা কেইবাদিনো ধৰি ব্রহ্মপুত্রৰ পানী হঠাৎ ক’লা, বোকাময়, ঘোলা আৰু তেলেতীয়া হোৱাত সর্বত্র সৃষ্টি হৈছে তীব্র চাঞ্চল্য৷
স্বাভাৱিকতে চীনৰ ভূমিকাক লৈ সন্দেহ সৃষ্টি হৈছে৷ যোৱা কেইবাটাও বছৰ ধৰি ব্রহ্মপুত্র তথা চিয়াং নদীৰ সোঁত সলনি কৰিবলৈ চক্রান্ত অব্যাহত ৰাখিছে ড্রেগনৰ দেশ ৰঙা চীনে৷ ব্রহ্মপুত্র তথা চিয়াং নদীক উৎসতে বা চীনৰ ভিন্ন প্রান্তত নদীবান্ধ নির্মাণ কৰি ভেটা দিবলৈ চেষ্টা অব্যাহত ৰখা বুলিও ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় পর্যায়ত ব্যাপক চর্চা তথা বিতর্ক অব্যাহত আছে৷
বৃহৎ সুৰংগ নির্মাণ কৰি চিয়াং নদীৰ পানী সংৰক্ষণেৰে চীনে মৰুভূমি জীপাল কৰাৰ আঁচনি লোৱাৰ কথা সময়ে সময়ে সংবাদ মাধ্যমত প্রচাৰ হৈ থকাৰ সময়তে পুনৰ চিয়াং আৰু ব্রহ্মপুত্রত চিমেণ্ট মিহলি বোকাসদৃশ পানীৰ সোঁত বোৱাত চিন্তিত হৈ পৰিছে সচেতন মহল৷ চীনে ব্রহ্মপুত্রৰ উপৰিভাগ য়ার্লঙত চাংপো নদীৰ গতি সলনি কৰাৰ আঁচনি লোৱা বুলি পূর্বে বাতৰি প্রকাশ পোৱাৰ লগতে যোৱা বছৰ বাৰিষাৰ সময়ত য়ার্লঙত চাংপো নদীৰ গতিপথত প্রাকৃতিকভাৱে সৃষ্টি হোৱা হ্রদৰ পাৰ ভাঙি অসমত মহাপ্রলয় হোৱাৰ আশংকা কৰা হৈছিল৷
পুনৰ অৰুণাচলেদি প্রৱাহিত চিয়াং নদীৰ পানী আৰু ব্রহ্মপুত্রৰ পানী সমান্তৰালভাৱে ঘোলা হোৱাটোৱে চীনত প্রৱাহিত অংশটোত হোৱা কোনো অঘটনৰ সংকেত দিছে নেকি বুলিও বহুজনে সন্দেহ প্রকাশ কৰিছে৷