নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ এ আই ইউ ডি এফ আৰু কংগ্রেছৰ ভোটেৰে ৰাজ্যসভাৰ সাংসদ হোৱা অজিত কুমাৰ ভূঞাই এইবাৰ আৰম্ভ কৰিছে তুষ্টিকৰণৰ ৰাজনীতি৷ গামোচা বিতর্কত সাঙোৰ খাই পৰা ইউ ডি এফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলক সুৰক্ষা দিবলৈ গৈ উদ্ভট মন্তব্যৰে এইবাৰ অসমীয়াৰ আৱেগ–নুভূতিক চৰম আঘাত হানিছে সাংসদ ভূঞাই৷ আনকি অসমীয়াৰ আৱেগ গামোচাখনক স্বাভিমানৰ প্রতীক নহয় বুলি ক’বলৈও একপ্রকাৰ কুণ্ঠাবোধ নকৰিলে অজিত কুমাৰ ভূঞাই৷ বৰঞ্চ গামোচা মানে গা মোচা বুলিহে তেওঁ অভিহিত কৰা কার্যই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷
তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রাক্ক্ষণত আজমল উদ্ধাৰ অভিযানত নামি পৰা সাংসদ ভূঞাই সংবাদ মাধ্যমৰ আগত এইদৰে কয়– ‘গামোচা মানে গা মোচা৷ ইয়াৰ অর্থ বেলেগ বেলেগ৷ গামোচাখনক আমি সন্মান দিওঁ৷ কিন্তু স্বাভিমান মানে কেৱল গামোচা নহয়৷ অসমীয়া জাতিৰ যিবোৰ ধ্বংসকার্য আৰম্ভ হৈছে, সেইবোৰেহে স্বাভিমান ধ্বংস কৰিছে৷ মই যিমান দিন দেখিছোঁ বদৰুদ্দিন আজমলে সদায় গামোচাখন ডিঙিত লৈ অহা দেখি আহিছোঁ৷ মই উপস্থিত থকা সভাত আজমলে জয় আই অসম ধ্বনি দিছে৷ কিবা এটা খং প্রকাশ কৰিবলৈ গৈ ময়ো হয়তো গামোচাখন দলিয়াই দিব পাৰোঁ৷ তাৰ মানে অসমীয়াৰ স্বাভিমান ধ্বংস কৰা নুবুজায়, অপমান কৰা নুবুজায়৷’
উল্লেখ্য যে কালি এখন নির্বাচনী সভাত এজন ব্যক্তিয়ে গামোচা পিন্ধাবলৈ যোৱাৰ সময়তে কিবা কথাত খঙত টিঙিৰি তুলা হৈ পৰা আজমলে গামোচাখন উক্ত ব্যক্তিজনৰ গালৈ মাৰি পঠিয়াইছিল৷ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত আজমলৰ এই আচৰণে সকলোকে হতভম্ব কৰি তুলিছিল৷ অসমীয়া জাতিৰ আৱেগ গামোচাখনক এইদৰে কাৰোবাৰ গালৈ আজমলে মাৰি দিয়া কার্যই সৃষ্টি কৰিছিল প্রতিক্রিয়া৷ বিভিন্ন দল–সংগঠন আৰু সমাজ সচেতন ব্যক্তিয়ে আজমলৰ এই কার্যক কঠোৰ ভাষাৰে গৰিহণা দিছিল৷ ইয়াৰ মাজতে সাংসদ অজিত কুমাৰ ভূঞাক এই প্রসংগত সংবাদ মাধ্যমে সোধা প্রশ্ণৰ উত্তৰত তেওঁ আজমলক সুৰক্ষা দিবলৈ উঠিপৰি লগাহে পৰিলক্ষিত হয়৷ এই প্রসংগত সাংসদ ভূঞাই এইদৰেও কয়– ‘এটা বিচ্ছিন্ন ঘটনাৰ পৰা খং উঠি গামোচাখন দলিয়াই দিলে৷ সেইটোৰ পৰা আমি তেওঁক বিচাৰ কৰিব নোৱাৰোঁ৷ বৰঞ্চ কেতিয়াবা তেওঁক অসমীয়াৰ বিৰুদ্ধে অথবা হিন্দু সমাজৰ বিৰুদ্ধে বিষেদ্বাগাৰ কৰিছে নেকি, সেই দিশৰ পৰাহে বিচাৰ কৰিব লাগিব৷ নাগৰিকত্ব সংশোধনী আইন আনি আমাৰ স্বাভিমান–জাতীয়তাবা ধ্বংস কৰা হৈছে৷ ইয়াৰ বিৰুদ্ধে গৰজি উঠিব লাগিব৷’
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ অনুষ্ঠিত ৰাজ্যসভাৰ নির্বাচনত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সমর্থনত অজিত কুমাৰ ভূঞা জয়ী হ’বলৈ সক্ষম হৈছিল৷ পৰৱর্তী সময়ত সাংসদ ভূঞাই কংগ্রেছ আৰু এ আই ইউ ডি এফৰ নেতৃত্বত মহাজোঁট গঠনৰ ক্ষেত্রতো আগভাগ লয়৷ তেওঁৰ নেতৃত্বত আঞ্চলিক গণ মর্চা আৰু বাঁওপন্থী দলসমূহেও এই মহাজোঁটত অংশগ্রহণ কৰি বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ইয়াৰ পাছৰে পৰা বিভিন্ন সময়ত বদৰুদ্দিন আজমলৰ প্রশংসাত পঞ্চমুখ হৈ অহা পৰিলক্ষিত হৈছে সাংসদ ভূঞা৷
ইপিনে, ভূঞাই গামোচা সন্দর্ভত কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যৰ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি তেওঁ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত কয়– ‘অজিত ভূঞাৰ কথা বুজি নাপাওঁ নেকি? তেওঁৰ ধর্ম, গোত্র, সকলো ঠিকেই আছেনে, তাৰ খবৰ ল’ব৷’ অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্রী অতুল বৰাই এয়া অত্যন্ত দুর্ভাগ্যজনক আৰু সহ্য কৰিব নোৱাৰা বুলি প্রতিক্রিয়া প্রকাশ কৰিছে৷ আনহাতে, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই কয় যে বদৰুদ্দিন আজমলতকৈও অসমীয়া জাতিৰ বাবে বেছি শত্রু হৈছে অজিত কুমাৰ ভূঞা৷ ক্ষমতাৰ বাবে এ আই ইউ ডি এফৰ হাতত ধৰি ভূঞা সাংসদ হ’ল বুলি উল্লেখ কৰি শইকীয়াই কয়– ‘অজিত ভূঞা এতিয়া এজন বিক্রী যোৱা মানুহ৷ অসমৰ ৰাইজে তেওঁৰ পৰা ইয়াতকৈ বেছি আশা কৰিব নোৱাৰে৷ তেওঁ লোকসভা অথবা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব লাগিছিল, তেতিয়া গম পালেহেঁতেন, গাখীৰত কিমান পানী আছে৷ গুৱাহাটীৰ এটা ৱার্ডত নির্বাচন খেলি তেওঁক জয়ী হৈ দেখুৱাবলৈ মই প্রত্যাহ্বান জনাইছোঁ৷’