নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত বিজেপিৰ বিশাল নির্বাচনী সভা

উপস্থিত থাকিব কেন্দ্রীয় গৃহমন্ত্রী শ্বাহ

নিয়মীয়া বাৰ্তা ৩ এপ্ৰিলঃ তৃতীয় পর্যায়ৰ নির্বাচনৰ বিজেপিৰ শেষৰখন হাইপ্রফাইল প্রচাৰ সভা জালুকবাৰী সমষ্টিৰ শুৱালকুছি শ্রীশ্রী মাধৱদেৱক্ষেত্রত চাৰি এপ্রিলত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে সমষ্টিটোৰ বিজেপিৰ প্রার্থী ড০ হিমন্ত বিশ্ব শর্মাই বর্তমানলৈকে জালুকবাৰীত এদিনো প্রচাৰ চলোৱা নাই৷ সমষ্টিটোৰ সমর্থকসকলে দিনে–নিশাই প্রচাৰ চলাই সমষ্টিটোৰ পৰা ড০ শর্মাক চতুর্থবাৰৰ বাবে সর্বাধিক ভোটত বিজয় সাব্যস্ত কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ উল্লেখ্য যে জালুকবাৰী সমষ্টিত প্রার্থী অবিহনে চলি আছে জোৰদাৰ প্রচাৰ৷ ড০ শর্মাই সমষ্টিটোত কৰা সর্বদিশৰ উন্নয়নৰ বাবেই এইটো সম্ভৱ হৈছে৷

শুৱালকুছি মণ্ডল বিজেপিৰ সভাপতি হেমচন্দ্র বৈশ্যই জানিবলৈ দিয়া মতে সভাত উপস্থিত থাকিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস প্রমুখ্যে দলীয় নেতাই৷ দিনৰ ১বজাৰ পৰা হ’ব লগা সভাত জালুকবাৰী সমষ্টিৰ প্রায় ৭০ হাজাৰ লোকে অংশ ল’ব বুলি মণ্ডল সভাপতিগৰাকীয়ে অৱগত কৰিছে৷ ইতিমধ্যে শুৱালকুছিৰ শ্রীশ্রী মাধৱদেৱ ক্ষেত্রত নির্বাচনী সভাখনৰ বাবে প্রস্তুতি চলাইছে৷ নির্মাণ কৰা হৈছে দুখনকৈ অস্থায়ী হেলিপেড৷ নিয়োগ কৰা হৈছে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লোকক৷ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে সভাস্থলীত উপস্থিত হৈ নিৰাপত্তাৰ দিশটো পর্যবেক্ষণ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে ২০১৬ বর্ষৰ বিধানসভাৰ নির্বাচনতো বিজেপিয়ে নির্বাচন প্রচাৰৰ শেষৰ সভাখন শুৱালকুছিত অনুষ্ঠিত কৰিছিল৷ ২০১৬ত ড০ শর্মাই সমষ্টিটোত লাভ কৰিছিল ১,১৮,২৬৯টা ভোট৷

You might also like