নতুন আৰম্ভণিৰ লক্ষ্য চেন্নাই ছুপাৰ কিংছৰ
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: বিগত বর্ষৰ ব্যর্থতা পাহৰি এইবাৰৰ আই পি এলত নতুন আৰম্ভণিৰ লক্ষ্যৰে খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ৷ তিনিবাৰৰ চেম্পিয়ন দলটোক এইবাৰৰ সবাতোকৈ ভাৰসাম্য দল আখ্যা দি এই মন্তব্য আগবঢ়াইছে চি এছ কেৰ বেটিং প্রশিক্ষক মাইক হাছীয়ে৷ ২০২০ৰ আই পি এলত মহেন্দ্র সিং ধোনী নেতৃত্বাধীন দলটোৱে সপ্তম স্থানতে সন্তুষ্ট থাকে আৰু প্রথমবাৰৰ বাবে প্লে অফলৈ যোগ্যতা অর্জন কৰিব নোৱাৰিলে৷
যোৱাবাৰৰ এই ব্যর্থতা দূৰ কৰাৰ লক্ষ্যৰে এইবাৰ ধোনীৰ নেতৃত্বত দলটোৱে প্রায় এমাহ পূর্বৰে পৰা প্রস্তুতি শিবিৰ আৰম্ভ কৰিছে৷ একেদৰে দলটোৱে আই পি এলৰ নিলামত মঈন আলী, কৃষ্ণাপ্পা গৌতম আৰু ৰবীন উথাপ্পাৰ দৰে খেলুৱৈক ক্রয় কৰিছে৷ এই তিনিগৰাকী অভিজ্ঞ খেলুৱৈৰ অন্তর্ভুক্তিয়ে চেন্নাইক অধিক ভাৰসাম্য দল কৰি তুলিছে বুলি বেটিং প্রশিক্ষক হাছীয়ে উল্লেখ কৰে৷
উল্লেখ্য যে অহা ১০ এপ্রিলত দলটোৱে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলি আই পি এলত অভিযান আৰম্ভ কৰিব৷