আজি সামৰণি পৰিব তৃতীয় পর্যায়ৰ নির্বাচনী প্রচাৰ অভিযানৰ
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: আজি বিয়লি ৬ বজাৰ লগে লগে সামৰণি পৰিব ৰাজ্যখনৰ তৃতীয় তথা অন্তিম পর্যায়ৰ নির্বাচনী প্রচাৰ অভিযানৰ৷ দেশৰ নির্বাচন আয়োগে ইতিমধ্যে স্পষ্ট কৰি দিছে যে নির্বাচনী প্রচাৰৰ সময় অন্ত পৰাৰ লগে লগে কোনো ব্যক্তিয়ে নির্বাচনী প্রচাৰ সম্পর্কীয় কোনো সভা, শোভাযাত্রা আদি অনুষ্ঠিত কৰিব নোৱাৰিব৷
ভোটাৰসকলক আকর্ষিত কৰিব পৰাকৈ কোনো মনোৰঞ্জনধর্মী সংগীতানুষ্ঠান, নাট্যানুষ্ঠান আদি আয়োজন কৰাৰ পৰাও ৰাজনৈতিক দল আৰু প্রার্থীসকল বিৰত থাকিব লাগিব৷ এই নিষেধাজ্ঞা উলংঘা কৰিলে জৰিমনাসহ অথবা জৰিমনা অবিহনে দুবছৰ পর্যন্ত কাৰাবাস খাটিব লাগিব বুলি এক বিজ্ঞপ্তিযোগে প্রকাশ কৰিছে৷
মন কৰিবলগীয়া এয়ে যে তৃতীয় পর্যায়ত ৭৯,১৯,৪৬১গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ইয়াৰে ৪০,১১,৫৩৯গৰাকী পুৰুষ, ৩৯,০৭,৯৬৩গৰাকী মহিলা আৰু ১৩৯গৰাকী তৃতীয় লিংগৰ ভোটাৰ৷ তৃতীয় পর্যায়ত ভোট গ্রহণ হ’বলগীয়া ৪০টা সমষ্টিৰ ভিতৰত দিছপুৰ সমষ্টিত সর্বাধিক ৪,১১,৬৩৬গৰাকী ভোটদাতা থকাৰ বিপৰীতে চাপাগুৰি সমষ্টিত সর্বনিম্ন ১,৫৯,২৫৭গৰাকী ভোটদাতা আছে৷
ইপিনে, আজি বিয়লি ৬ বজাৰ পৰা তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত অহা ৬ এপ্রিলৰ সন্ধিয়া ৬ বজালৈ ড্রাইডে’ ঘোষণা কৰিছে প্রশাসনে৷ এই সময়ছোৱাত বণ্ডেড ৱেৰহাউছ, দেশীয় আৰু বিলাতী সুৰা বিপণী, বাৰসমূহ বন্ধ থকাৰ লগতে সুৰা সৰবৰাহ, মজুতকৰণ, সেৱন নিষিদ্ধ কৰিছে৷