২০৪৭ চনৰ অসম
ভাৰতে উপনিৱেশিক শাসনৰ পৰা মুক্তি লাভ কৰাৰ শতবর্ষ পূর্ণ হ’ব ২০৪৭ চনত৷ ইপিনে ২০২৬ চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা ঐতিহাসিক ঘটনাটোৰ দুশ বছৰ পূৰ হ’ব৷ অসমৰ ইতিহাসৰ এই মাইলৰ খুঁটি–স্বৰূপ দুয়োটা উপলক্ষৰ মাজৰ ব্যৱধান প্রায় দুই দশক কাল অসমীয়াৰ জাতীয় জীৱনত এক বিশেষ অধ্যায় হিচাপে পৰিগণিত হ’বৰ পূর্ণ সম্ভাৱনা দেখা গৈছে৷ অর্থাৎ ২০২৬ চনৰ পৰা ২০৪৭ চনলৈ এই একৈছটা বছৰ সুপ্রাচীন অসমীয়া জাতিৰ পক্ষে অতীব তাৎপর্যপূর্ণ হৈ উঠিব বুলি আমাৰ মনে ধৰিছে৷ কিয়নো উল্লিখিত দুটা দশকৰ কালছোৱাতে অসমৰ খিলঞ্জীয়া পক্ষটোৱে নিজ গৃহভূমিৰ ওপৰত সকলো প্রকাৰৰ নিয়ন্ত্রণ হেৰুৱাই পেলোৱাটো একপ্রকাৰ অৱধাৰিত হৈ উঠিছে৷ ১৮২৬ চনতো বৃহত্তৰ অসমীয়া জাতিসত্তাৰ অস্তিত্বৰ প্রতি প্রচণ্ড ভাবুকি উপস্থিত হৈছিল৷ সেইবাৰ এই জনসমষ্টিটো দৈৱক্রমে বিলুপ্ত হোৱাৰ পৰা বাচি গৈছিল৷ কিন্তু ২০৪৭ চনৰ আগে–পাছে উদ্ভৱ হ’বৰ আশংকা থকা সংকটটোৱে অসমীয়া জাতিসত্তা বাচি থকাৰ এখনো দুৱাৰ খোৱা নাৰাখিব বুলি আজিয়েই আমি এক আগজাননী লিপিবদ্ধ কৰি থ’লোঁ৷ ২০৪৭ চন আজিৰ পৰা মাথোন ছাব্বিছ বছৰ দূৰত৷ আজিৰ পৰা ছাব্বিছ বছৰ আগৰ দিনবোৰ কালি–পৰহিৰ কথা যেন লাগে৷ তথাপি আজিৰ পৰা ছাব্বিছ বছৰৰ পাছত কি ঘটিব, তাক দেখাৰ সৌভাগ্য কিম্বা দুর্ভাগ্য আমাৰ আয়ুবর্গৰ লোকসকলৰ বাবে মিলাৰ সম্ভাৱনা খুব কম৷ কিন্তু অতীত আৰু বর্তমানৰ ঘটনাক্রমৰ গতিধাৰা পর্যবেক্ষণ কৰি তাৰ আধাৰত ভৱিষ্যৎ সম্বন্ধে এটা ধাৰণা কৰি লোৱাটো পদ্ধতিগতভাৱে অশুদ্ধ কিম্বা অসম্ভৱ নহয়৷
এটা কথা অস্বীকাৰ কৰিবৰ উপায় নাই যে বৃহত্তৰ অসমীয়া জাতিৰ গঠন–প্রক্রিয়াত খিলঞ্জীয়া আৰু প্রব্রজনকাৰী – এই দুয়োটা পক্ষৰে অৰিহণা প্রায় সমান৷ কিন্তু এই কথা মানি লোৱাৰ পাছতো এটা বিষয়ত দ্বিমত প্রকাশ কৰা সম্ভৱ নহয়৷ বিষয়টো হৈছে, ১৮২৬ চনৰ পাছৰ যুগটোত অঞ্চলটোলৈ বহিৰাগতৰ প্রব্রজনে যি ৰূপ ধাৰণ কৰিছে, তাক জাতিটোৰ পক্ষে শুভ ৰূপে অভিহিত কৰাটো অসম্ভৱ৷ কিয়নো যি জনপ্রব্রজনে খিলঞ্জীয়াৰ পক্ষৰ সমস্ত অধিকাৰ কাঢ়ি লোৱাৰ বাট মুকলি কৰি দিয়ে, তেনে প্রব্রজনক পৃথিৱীৰ কোনো দেশ অথবা ৰাজ্যতে আদৰণি জনোৱা নহয়৷ আনকি খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত কৰিবৰ উদ্দেশ্যে ৰাষ্ট্রসংঘয়ো ইতিমধ্যে এক মঞ্চ গঠন কৰি দিছে৷ এতেকে নিজ গৃহভূমিত খিলঞ্জীয়াসকলৰ স্বার্থ ৰক্ষাৰ বিষয়টোৱে যে সর্বোচ্চ স্থান লাভ কৰা উচিত, সেই কথাত দ্বিমত প্রকাশৰ একো থলেই দেখা নাযায়৷ কিন্তু সেয়ে হ’লেও অসমৰ বেলিকা খিলঞ্জীয়াৰ স্বার্থই কোনো কালেই গুৰুত্ব লাভ নকৰাটো অত্যন্ত পৰিতাপৰ কথা৷ বিশেষকৈ ঊনবিংশ শতিকাৰ শেষ দশকটোৰ পৰা অসমলৈ এক বিশেষ জনসমষ্টিৰ যি প্রব্রজনৰ সূচনা হৈছিল, সেই ভয়ংকৰ প্রক্রিয়াটোৱেই সম্প্রতি ৰাজ্যখনৰ খিলঞ্জীয়া পক্ষটোক এফালৰ পৰা গ্রাস কৰি আহি আছে৷ এই প্রসংগতে দুটা পৰিসংখ্যা অতি গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ ইয়াৰে প্রথমটো হ’ল, ১৮৯০ চনৰ আশে–পাশে বৰপেটা অঞ্চলত খিলঞ্জীয়া লোকৰ আনুপাতিক জনসংখ্যা আছিল নিৰান্নবৈ শতাংশ৷ আৰু আজি তেৰ দশকৰ পাছত এই একেটা অঞ্চলতে অভিবাসী পক্ষৰ আনুপাতিক জনসংখ্যা নব্বৈ শতাংশৰো অধিক৷ দ্বিতীয়টো পৰিসংখ্যাই সামগ্রিক পৰিস্থিতিটোৰ ভয়াৱহতা অধিক গম্ভীৰ ৰূপত তুলি ধৰিছে৷ ২০১৯ চনৰ জুলাই মাহত ভাৰত চৰকাৰৰ গৃহ মন্ত্রালয়ৰ পক্ষৰ পৰা এটা উচ্চ পর্যায়ৰ কমিটী গঠন কৰি দিছিল – অসম চুক্তিৰ ষষ্ঠ দফাৰ ৰূপায়ণ সন্দর্ভত পৰামর্শ প্রদানৰ নিমিত্তে (এই নিবন্ধকাৰো উক্ত কমিটীৰ এজন সদস্য আছিল)৷ উক্ত কমিটীয়ে বিষয়টোৰ সন্দর্ভত প্রায় ছমাহজুৰি বিভিন্ন স্থানত সহস্রাধিক ব্যক্তি আৰু সংগঠনৰ শুনানি গ্রহণ কৰিছিল৷ উক্ত প্রক্রিয়াৰ অন্তিম পর্যায়ত ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৱে এটা উদ্বেগজনক তথ্য দাঙি ধৰিছিল৷ তেওঁ দিয়া তথ্য অনুসৰি ধেমাজিৰ নিচিনা এটা খিলঞ্জীয়াৰ বসতিপ্রধান বিধায়িনী সমষ্টিতো বর্তমান পূর্ববংগমূলীয় মুছলমান ভোটাৰৰ সংখ্যা দহ সহস্রাধিক হৈ উঠিছে৷ নামনি আৰু মধ্য অসমৰ ত্রিছ–চল্লিছ শতাংশ বিধায়িনী সমষ্টিত ইতিমধ্যে অভিবাসী পক্ষটোৰ আধিপত্য স্থাপন হৈছেই৷ শেহতীয়াকৈ ধেমাজি, নাওবৈচা আৰু আনকি যোৰহাটৰ নিচিনা সমষ্টি কিছুমানতো পূর্বোক্ত অভিবাসী সম্প্রদায়ৰ ভোটাৰৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ ধৰিছে৷ বিধায়ক ডাঃ পেগুৱে সিদিনাৰ শুনানিত কৈছিল যে উক্ত সম্প্রদায়টোৰ লোকসকলে পোনতে নির্মাণ কার্যৰ শ্রমিক হিচাপে নতুন নতুন সমষ্টি কিছুমানত থিতাপি লয়হি আৰু সুযোগ বুজি পাছৰ সময়ত ভোটাৰ তালিকাত নিজ নিজ নাম অন্তর্ভুক্ত কৰায়৷ এই গতি অব্যাহত থাকিলে আৰু দুটা দশকৰ ভিতৰত অসমৰ প্রতিটো বিধায়িনী সমষ্টিতে অভিবাসী পক্ষৰ এই লোকসকল ৰাজনৈতিক প্রতিনিধি নির্ণয়কাৰী কাৰক হৈ উঠিব৷ এই কথাৰ প্রতি বিধায়ক ৰণোজ পেগুৱে উচ্চ পর্যায়ৰ কমিটীখনৰ দৃষ্টি আকর্ষণ কৰাত ইয়াৰ অধ্যক্ষ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা আৰু সদস্য হিচাপে থকা দুজন মহাধিবক্তা ড০ ৰমেশ বৰপাত্র গোহাঁই আৰু নিলয় দত্তই স্পষ্ট কৰি দিছিল যে ৰাজ্যৰ যিকোনো এটা বিধায়িনী সমষ্টিৰ এজন ভোটাৰে তেওঁৰ নাম আন যিকোনো এটা সমষ্টিৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰোৱাত কোনো আইনগত বাধা নাই৷ আৰু এই সুবিধা লৈয়েই বর্তমান ৰাজ্যৰ প্রতিটো সমষ্টিতে বছৰি হাজাৰ হাজাৰ অভিবাসী পক্ষৰ অন্তর্গত লোকৰ নাম ভোটাৰ তালিকাত সুমুৱাবৰ উদ্দেশ্যে এটা চক্রই পৰিকল্পিতভাৱে কাম কৰি গৈছে৷
আজিৰ পৰা ছাব্বিছ বছৰ পাছত অসমৰ সমাজ–জীৱনৰ সামগ্রিক ছবিখনে কেনে ৰূপ ধাৰণ কৰে, তাৰ এক বাস্তৱসন্মত ধাৰণা ওপৰৰ কথাখিনিৰ মাজতে সোমাই আছে৷ ৰাজ্যখনৰ ৰাজনৈতিক নিয়ন্ত্রণ যে ক্রমাগতভাৱে খিলঞ্জীয়া পক্ষৰ পৰা অভিবাসী পক্ষটোলৈ হস্তান্তৰিত হৈ আছে আৰু তাৰ সর্বশেষ পৰিণতি অসমৰ খিলঞ্জীয়া শিবিৰৰ অন্তর্গত জনগোষ্ঠীসমূহৰ পক্ষে কেনে বিভীষিকাময় হৈ উঠিব, তাৰ সম্যক অনুমান আমাৰ ভূমিপুত্রসকলে কিন্তু আজিও কৰিব পৰা নাই৷ ৰাজ্যখনৰ শাসন–ক্ষমতা এবাৰ অভিবাসী পক্ষৰ নেতৃবৃন্দৰ হাতলৈ যোৱাৰ ফলত অসমৰ ৰাজহুৱা জীৱনলৈ কি কি পৰিৱর্তন অহাটো সম্ভৱপৰ, সেইবোৰ কথা ভাবিলেও আমাৰ গাৰ নোম শিয়ৰি উঠে৷ খিলঞ্জীয়া শিবিৰে ৰাজ্যখনৰ শাসন–ক্ষমতা এবাৰলৈ হ’লেও অভিবাসী পক্ষৰ হাতত তুলি দিয়াৰ একমাত্র অর্থ হ’ব অসমখনক কাশ্মীৰ, আফগানিস্তান অথবা লেবাননৰ অনুৰূপ পৰিস্থিতি এটাৰ দিশে অগ্রসৰ হ’বলৈ ইন্ধন যোগোৱা৷ কিন্তু অসমৰ ভূমিপুত্রসকলৰ এটা বুজন অংশই আজিও বুজি উঠা নাই যে মানুহৰ সমাজত যুগে যুগে ৰাজনৈতিক অধিকাৰেই আন সকলো অধিকাৰ লাভৰ চাবি–কাঠী হিচাপে পৰিগণিত হৈ আহিছে৷ অৱশ্যে অসমত বর্তমান অভিবাসী পক্ষটো কেৱল যে ৰাজনৈতিকভাৱেই সক্রিয় হৈ আছে তেনে নহয়, সামাজিক আগ্রাসনৰ বাবেও তেওঁলোক সুযোগৰ সন্ধানত ৰৈছে৷ অসমৰ অভিবাসী পক্ষটোৰ প্রমুখ নেতাজনে অতি সূক্ষ্মভাৱে তাৰ বাবে ‘ব্লু–প্রিণ্ট’ প্রস্তুত কৰি আছে৷ তেওঁ অসাধাৰণভাৱে সম্পদশালী হোৱাৰ উপৰি অতিশয় বিচক্ষণতাও প্রদর্শন কৰিবলৈ সমর্থ হৈছে৷ তেওঁ ইতিমধ্যে ৰাজ্যৰ একাংশ সামাজিক নেতা তথা চিন্তাশীল ব্যক্তিকো নানা প্রলোভনেৰে নিজৰ ফলীয়া কৰি পেলাইছে৷ আমাৰ তথাকথিত বুদ্ধিজীৱীসকলে খিলঞ্জীয়া পক্ষৰ ন্যায্য স্বার্থক বিশ্বাসঘাতকতা কৰি অভিবাসী পক্ষৰে হাত মিলাইছে৷ ইয়াৰে একাংশ ২০৪৭ চনলৈ জীয়াই নাথাকে (হয়তো সেই ক্রান্তিকাল প্রত্যক্ষ কৰাৰ সুযোগ ময়ো নাপাম)৷ কিন্তু আমাৰ উত্তৰপুৰুষৰ কথা ভাবি আমাৰ সমাজখনে দেৱতাৰ দৰে পূজা কৰি অহা লোকসকলে নিজ নিজ স্থিতি সম্বন্ধে কিছু পর্যালোচনা কৰাৰ প্রয়োজন হৈছে৷ তেওঁলোকে পাহৰি যোৱা উচিত নহয় যে ইতিহাসৰ বিচাৰধাৰা অতি সূক্ষ্ম আৰু ইতিহাসে কাকো ক্ষমা নকৰে৷ আজি খিলঞ্জীয়া শিবিৰভুক্ত লোকসকলে যিসকল মহা মহা মনীষীক জাতিটোৰ মার্গদর্শকৰ আসনত উপৱিষ্ট কৰাই পূজা–র্চনা কৰি আহিছে, সেইসকলৰ একো একোটা অশুদ্ধ সিদ্ধান্তই অসমক দ্বিতীয় কাশ্মীৰ কিম্বা দ্বিতীয় লেবাননত পৰিণত কৰাৰ প্রক্রিয়াটো নিশ্চিতভাৱে ত্বৰান্বিত কৰিব৷
যোৱা কিছুদিনৰ ভিতৰত মোৰ মনৰ মাজত এনে এক ভাবে বাহ লৈছে যে আজিৰ পৰা কুৰি/পঁচিছ বছৰৰ পাছত খিলঞ্জীয়া পক্ষৰ কোনো ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি নির্বাচিত হ’ব নোৱাৰিব৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰো সেই সময়লৈ নামেই সলনি হৈ যাব বুলি মোৰ মনত আশংকা জন্মিছে৷ মুঠৰ ওপৰত পৰৱর্তী দুটা দশকৰ ভিতৰত অসমৰ সমাজ–জীৱনলৈ আৰু কি কি পৰিৱর্তন আহিব পাৰে, তাৰ এটা সম্ভাব্য ৰূপৰেখা খিলঞ্জীয়া পক্ষৰ প্রতিজন ব্যক্তিয়ে মনৰ মাজতে অংকন কৰি লোৱাটো বাঞ্ছনীয়৷
অতীতৰ দর্পণত ভৱিষ্যতৰ প্রতিবিম্ব চাবলৈ প্রয়াস কৰাটো মানুহৰ এক স্বীকৃত চিন্তা পদ্ধতি৷ অৱশ্যে কল্পনাৰ উদ্দামতাই কিছুমান ভৱিষ্যদ্বাণীক সাধুকথাৰ শাৰীলৈ অৱনমিত কৰা আমি দেখি আহিছোঁ৷ তাৰ প্রশস্ত উদাহৰণ হৈছে জর্জ অৰৱেলৰ প্রখ্যাত গ্রন্থ ‘১৯৮৪’৷ এই গ্রন্থত ঔপন্যাসিকগৰাকীয়ে ১৯৪৯ চনতে কৰা ভৱিষ্যদ্বাণীসমূহ পৰৱর্তী কালত অমূলক প্রমাণিত হৈছিল৷ অসম আন্দোলনৰ কালছোৱাত প্রকাশ হোৱা ‘অবিৰত যাত্রা’ নামৰ উপন্যাসখনতো লেখিকা ৰীতা চৌধুৰীয়ে এক ভৱিষ্যদ্বাণীৰ কৌশল অৱলম্বন কৰাৰ কথা এই মুহূর্তত মোৰ ৰিণি ৰিণি মনত পৰিছে৷ সম্ভৱতঃ এই উপন্যাসখনত ২০৫০ চন মানৰ কাহিনী এটাকে তেওঁ উপস্থাপন কৰিছিল৷ সি যি নহওক, অসমীয়া নামেৰে পৰিচিত জনসমষ্টিটো ১৮২৬ চনত যি চমৎকাৰ ঘটনা–প্রৱাহৰ জৰিয়তে নিশ্চিহ্ণ হোৱাৰ পৰা ৰক্ষা পৰিছিল, একেই চমৎকাৰিত্ব miracle) ২০৪৭ চনতো আশা কৰিব পাৰিনে? ভাৰতীয় উপ–মহাদেশখনত এইপর্যন্ত কেইবাটাও খিলঞ্জীয়া জনসমষ্টি একেই ধর্মীয় উন্মাদনাৰ কবলত পৰি নিজ নিজ গৃহভূমিৰ পৰা বিতাড়িত হ’ব লগা হৈছে৷ এইবিলাকৰ ভিতৰত আছে তদানীন্তন পূর্ববংগৰ চাক্মা জনগোষ্ঠী, সিন্ধ প্রদেশৰ সিন্ধীসকল আৰু কাশ্মীৰৰ খিলঞ্জীয়া কাশ্মীৰী হিন্দুসকল৷ পূর্ববংগৰ পৰা বিভিন্ন সময়ত বিতাড়িত বাঙালী হিন্দুসকলৰ দশাও তথৈৱচ৷ ইতিহাসৰ পৃষ্ঠা ভৰি থকা এই উদাহৰণসমূহে ২০৪৭ চনৰ আগে–পাছে অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে নামি আহিব পৰা দুর্দশাৰে ইংগিত বহন কৰা নাই বুলি কোনে ডাঠি ক’ব পাৰিব?