নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডোনেছিয়াত মুষলধাৰ বৃষ্টি–ভূমিস্খলনত ৮৭জনৰ মৃত্যু, নিখোজ বহুকেইগৰাকী

নিয়মীয়া বাৰ্তা, ৫ এপ্রিলঃ ইষ্টাৰ ছানডে’ৰ পূর্বে অহা মুষলধাৰ বৰষুণৰ ফলত ইণ্ডোনেছিয়াৰ ফ্ল’ৰেছ দ্বীপত সৃষ্টি হোৱা ভূমিস্খলন আৰু আকস্মিক বানত এতিয়ালৈ ৮৭ গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷

কালি নিশা সংঘটিত এই আকস্মিক প্ৰাকৃতিক দুৰ্ঘটনাত লোকসকলৰ প্রাণহানি হয়। এতিয়াও বিভিন্ন স্থানত উদ্ধাৰকাৰীয়ে নিখোজ লোকৰ সন্ধান কৰি আছে৷ বান আৰু ভূমিস্খলনত প্রাণ হেৰুওৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে বুলি দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মুখপাত্রই জনাইছে৷

উল্লেখনীয় যে ইষ্টাৰ উদযাপনৰ পূর্বে কেথ’লিক খ্রীষ্টানৰ বাসভূমি ফ্ল’ৰেছ দ্বীপত এই প্রাকৃতিক দুর্যোগে অভাৱনীয় ধ্বংসলীলাৰ সৃষ্টি কৰিছে৷ বহু বাসগৃহ, পথ, দলং ভূমিস্খলন আৰু বানত উটি যোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷

You might also like