নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ৰাজনৈতিক দলভেদে যে আদর্শ ভিন্ন হয়, তাৰ প্রমাণ পোৱা গ’ল ছত্তিশগড়ৰ বিজাপুৰ জিলাত ৩ এপ্রিলত সংঘটিত মাওবাদী আক্রমণৰ ঘটনাত৷ য’ত চি আৰ পি এফৰ ৮জন বিষয়া–জোৱানৰ লগতে ৰাজ্যিক আৰক্ষী বাহিনীৰ এছ টি এফৰ ১৪জন জোৱানসহ ২২জনে প্রাণ হেৰুৱাইছিল৷
দেশব্যাপী ঘটনাটোৰ সকলোৱে নিন্দা কৰিছিল আৰু দেশৰ বাবে শ্বহীদ বীৰ জোৱানসকলৰ আত্মবলিদানক শলাগিছিল৷ কিন্তু ইয়াৰ মাজত কালি নির্বাচনী প্রচাৰৰ শেষৰ দিনটোত অসমত দেখা গ’ল দুটা ব্যতিক্রমী দৃশ্য৷
উল্লেখ্য যে অসমত নির্বাচনী প্রচাৰৰ বাবে দেওবাৰৰ দিনটোত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ প্রচাৰৰ বাবে আহিছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ তেনেদৰে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ প্রচাৰৰ বাবে দীর্ঘদিন ধৰি অসমতে আছে জ্যেষ্ঠ কংগ্রেছ নেতা তথা ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল৷ মাওবাদীৰ আক্রমণত ২২জনকৈ বিষয়া–জোৱান শ্বহীদ হোৱা আৰু তেওঁলোকক শেষ বিদায় জনাবৰ বাবে নির্বাচনী প্রচাৰ আধাতে সামৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ নতুন দিল্লীলৈ উভতি যায়৷ কিন্তু ইয়াৰ বিপৰীতে নিজ ৰাজ্যত ইমান ডাঙৰ ঘটনা সংঘটিত হোৱা সত্ত্বেও ছত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল কংগ্রেছ দলৰ হৈ দিনটো নির্বাচনী প্রচাৰকার্য চলাই থাকে৷
তেওঁ কালি দুপৰীয়া ১.১০ বজাত যোগীঘোপাত এখন নির্বাচনী প্রচাৰ সভা আৰু তিনি বজাত পাঠশালাত এখন নির্বাচনী সভাত অংশ লৈ ৩.৩০ বজালৈ নির্বাচনী প্রচাৰতে ব্যস্ত থাকে৷ আনকি কোনো এঠাইতে মুখ্যমন্ত্রী বাঘেলাই নিজ ৰাজ্যখনত সংঘটিত হোৱা ইমান ডাঙৰ ঘটনাৰ বিষয়ে দুখ প্রকাশ কৰা দেখা নগ’ল৷
সৌভাগ্যক্রমে কোনো সাংবাদিকেও তেওঁক ৰাজ্যখনত মাওবাদীৰ আক্রমণৰ বিষয়ে একো প্রশ্ন কৰা দেখা নগ’ল৷ ইয়াৰ বিপৰীতে কেন্দ্রীয় গৃহমন্ত্রী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে নিজেই মাওবাদীৰ আক্রমণত নিহত বীৰ জোৱানসকলৰ আত্মবলিদানৰ প্রতি সন্মান জনাই নির্বাচনী প্রচাৰৰ কার্যসূচী বাতিল কৰে বুলি সদৰী কৰি উভতি যায়৷