নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছৌদি আৰবৰ পৰাই দিলে তালাক, পত্নীৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ  আৰবৰ পৰা তালাক দিয়া বাবে এগৰাকী বিবাহিত মহিলাই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷ হোজাইৰ ডবকাৰ দুই সন্তানৰ মাতৃয়ে চিপ লৈ আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলটোতে প্রতিক্রিয়া সৃষ্টি কৰিছে৷ স্বামীগৃহৰ নির্যাতন আৰু স্বামীয়ে সুদূৰ ছৌদি আৰবৰ পৰাই ফোনযোগে তালাক দিয়া বাবেই চিপ লৈ আত্মহত্যা কৰাৰ অভিযোগ কৰিছে মৃত মহিলাগৰাকীৰ পিতৃ পৰিয়ালে৷

অভিযোগ মতে, দাবী কৰা যৌতুক দিব নোৱাৰা বাবেই তালাক দিয়াৰ বাবে চিপ লৈ আত্মহত্যা কৰে মহিলাগৰাকীয়ে৷ এই ঘটনা ডবকাৰ চাংমাজি গাঁৱৰ৷ স্বামীৰ পৰা বিচ্ছেদ হৈ চিপ লৈ আত্মহত্যা কৰা মহিলাগৰাকীৰ নাম ফৰিদা বেগম৷ মহিলাগৰাকী দুই সন্তানৰ মাতৃ৷ ডবকা চর্দাৰ গাঁৱৰ বাবুল ইছলামৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কেইমাহমানৰ পাছৰে পৰা যৌতুকৰ বাবে নির্যাতন চলোৱাৰ অভিযোগ স্বামী তথা স্বামীগৃহৰ পৰিয়ালৰ বিৰুদ্ধে৷ বহিঃৰাষ্ট্রত কর্মৰত স্বামীয়ে পত্নীক যোৱানিশা ফোন কৰি যৌতুক বিচাৰি ভয়–ভাবুকি দিয়াৰ লগতে ফোনযোগে তালাক দিয়া বাবেই ফৰিদাই এই চৰম সিদ্ধান্ত ল’লে বুলি অভিযোগ উঠিছে৷

পিতৃগৃহৰ পৰা যৌতুক আনিব নোৱাৰা বাবে ফোনতে তালাক দিয়া বাবেই সংঘটিত কৰিলে চাঞ্চল্যকৰ ঘটনা৷ স্বামী বাবুলে পত্নীক ফোনযোগে তালাক দিয়া বাবেই নিশাই চিপ লৈ আত্মহত্যা কৰে৷ আজি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক চমজাই দিয়ে৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ পাছত মহিলাগৰাকীৰ পৰিয়ালে ডবকা থানাত স্বামীগৃহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই৷ স্থানীয় ৰাইজেও দোষীক উচিত শাস্তি প্রদান কৰাৰ দাবী উত্থাপন কৰিছে৷

You might also like