নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ভোটদানৰ সামগ্রিক হাৰ ৮২.০%

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ দুই–এটা বিক্ষিপ্ত ঘটনা, ইভিএমকেন্দ্রিক বিজুতিক বাদ দি সামগ্রিকভাৱে শান্তিপূর্ণকৈ ৰাজ্যত তিনিটা পর্যায়ত সম্পন্ন হ’ল ‘অসম বিধানসভা নির্বাচন–২০২১’ৰ ভোটগ্রহণ প্রক্রিয়া৷ কালি তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ আছিল৷ অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই জানিবলৈ দিয়া মতে, তৃতীয় পর্যায়ত ৮৫.২০ শতাংশ নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰে৷ তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হৈছিল ৪০টা সমষ্টিত৷ সেইদৰে প্রথম পর্যায়ৰ ৪৭টা সমষ্টিত ৭৯.৯৩ শতাংশ আৰু দ্বিতীয় পর্যায়ৰ ৩৯টা সমষ্টিত ভোটদানৰ হাৰ আছিল ৮০.৯৬ শতাংশ৷ তিনিটা পর্যায়ত অনুষ্ঠিত এইবাৰৰ নির্বাচনত সামগ্রিকভাৱে ভোটদানৰ হাৰ হৈছে ৮২.০৪ শতাংশ৷ নির্বাচন সুকলমে অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে মুখ্য নির্বাচনী বিষয়া খাডেই সংশ্লিষ্ট সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে৷ তেওঁ কয় যে ভোটগ্রহণ প্রক্রিয়াত জডিত প্রতিগৰাকী প’লিং বিষয়া–কর্মচাৰীৰ দায়বদ্ধতা, ভোটাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সঁহাৰিৰ বাবে এই নির্বাচনী প্রক্রিয়া মুক্ত, নিকা আৰু নিৰাপদভাৱে সম্পন্ন কৰাত সফলতা লাভ কৰা হৈছে৷ এইবাৰ ৰাজ্যখনত মুঠ ২,৩৩,৭৪,০৮৭গৰাকী ভোটাৰৰ অংশগ্রহণৰ লক্ষ্যৰে ৰাজ্যৰ প্রান্তে প্রান্তে বিশেষ সজাগতাৰ ব্যৱস্থা কৰা হৈছিল আৰু ভোটাৰৰ বিপুল সঁহাৰি পৰিলক্ষিত হয়৷ এইবাৰৰ ভোটগ্রহণ প্রক্রিয়াত মহিলা ভোটাৰৰ অংশগ্রহণ আছিল উল্লেখনীয়৷

এইবাৰ ৮০.৬৩ শতাংশ মহিলা ভোটাৰে ভোটদান কৰিছে৷ এইবাৰৰ নির্বাচনত ব্যৱহাৰ হোৱা তথ্য–প্রযুক্তিৰ বিষয়ে ডল্লেখ কৰি তেওঁ কয় যে নির্বাচনৰ দৈনন্দিন কার্য সম্পাদনত এই প্রযুক্তিৰ ব্যৱহাৰ কৰাৰ ডপৰি আদর্শ আচৰণবিধি বলৱৎ কৰাৰ ক্ষেত্রতো এই ব্যৱস্থাই যথেষ্ট সহায় কৰিছে৷ নির্বাচন আয়োগৰ তত্ত্বাৱধানত অসম আৰক্ষী, ফ্লায়িং স্কোৱাড, স্থিৰ নিৰীক্ষণকাৰী দল আৰু আবকাৰী বিভাগ আদি প্রৱর্তক আৰু নিয়ামক কর্তৃপক্ষসমূহে নগদ ধনৰ অবৈধ লেনদেন, সুৰা, ড্রাগ্ছ, অলংকাৰ আৰু অন্যান্য অবৈধ সামগ্রী সৰবৰাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ ২৪ ঘণ্টাই সচেষ্ট হৈ আছিল৷ এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্রান্তত বৃহৎ পৰিমাণৰ নগদ ধন আৰু অবৈধভাৱে সৰবৰাহ কৰা সুৰা আৰু সা–সামগ্রী মিলি অভিলেখসংখ্যক ১২২.৩৩ কোটি টকা জব্দ কৰা হয়৷ মুখ্য নির্বাচনী বিষয়া খাড়েই জানিবলৈ দিয়া মতে, নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়াত যতি নপৰাকৈ নির্ধাৰিত সময়ৰ ভিতৰত নিয়াৰিকৈ কার্য সম্পাদন কৰাৰ অর্থে পৰিকল্পনা অনুসৰি ছেক্টৰ আৰু জ’নেল বিষয়াসকলৰ হাতত অতিৰিক্ত ইভিএম প্রদান কৰা হৈছিল, যাতে ইভিএমৰ সম্ভাব্য বিকলতাৰ ক্ষেত্রত তৎকালে ব্যৱস্থা ল’ব পৰা যায়৷ এই নির্বাচনত ২ শতাংশতকৈ কমসংখ্যক ইভিএম/ভিভিপেট সলনি কৰিবলগীয়া হৈছিল৷ নির্বাচনী দায়িত্বত থকা অৱস্থাতে দুর্ভাগ্যবশতঃ মৃত্যুক সাবটি ল’বলগীয়া হোৱা বিষয়া–কর্মচাৰীসক পৰিয়াললৈ সমবেদনা জনাই তেওঁ কয় যে এই অভাৱ কেতিয়াও পূৰণ কৰিব নোৱাৰি৷ আনহাতে ভোটগণনাৰ দিনলৈকে ষ্ট্রংৰুমৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলি ডল্লেখ কৰি এইক্ষেত্রত সংশ্লিষ্ট সকলো পক্ষকে নিশ্চিন্ত থাকিবলৈ মুখ্য নির্বাচনী বিষয়া খাড়েই আহ্বান জনায়৷

You might also like