নখৰ ৰং সলনিক সাধাৰণভাৱে নল’ব, হ’ব পাৰে গভীৰ বেমাৰৰ লক্ষণ…
নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ যিদৰে চেহৰো আৰু চকু চাই কাৰোবাৰ শৰীৰৰ কথা জানিব পাৰি ঠিক সেইদৰে নখ চায়ো বহুত কিবা অনুমান কৰিব পাৰি। কেতিয়াবা মন কৰে নে নখ হালধীয়া অথবা নীলা অথবা ক’লা হৈ যায়, লগতে নখ দুৰ্বল হৈ ছিঙিও যায়। নখৰ এই সংকেতবোৰক সাধাৰণভাৱে নল’ব। ইয়াৰ পোনপটীয়া সম্বন্ধ শৰীৰত উপস্থিত থকা যিকোনো বেমাৰৰ লক্ষণ হ’ব পাৰে।
নখত বগা দাগঃ কেতিয়াবা নখত যদি বগা দাগ দেখা দিয়ে, যি শৰীৰত প্ৰটিন, জিংক আৰু ভিটামিনৰ অভাৱৰ বাবে হয়।
নখত বগা চিহ্নঃ নখত যদি বগা চিহ্ন পৰা দেখে, তেতিয়া কিডনী অথবা লিভাৰৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। লগতে ই হেপাটাইটিচৰ লক্ষণো দেখা দিব পাৰে।
নখত হালধীয়া ৰংঃ নখ যদি হালধীয়া ৰঙৰ হয় তেতিয়া ই Fungal Infection ৰ সংকেত বহন কৰে। লগতে থাইয়ৰড, ডাইবেটিচ আৰু হাওঁফাওঁৰ বেমাৰৰ লক্ষণ হ’ব পাৰে।
নখত নীলা অথবা ক’লা ৰং যদি শৰীৰত ৰক্ত সঞ্চালন সঠিকভাৱে নহয় তেতিয়া নখত নীলা অথবা ক’লা ৰঙৰ হয়। ইয়াৰ উপৰি হৃদয়ৰ লগত জড়িত যিকোনো বেমাৰৰ লক্ষণৰ বাবে নখ নীলা হয়।
নখ নিজে নিজে ভঙাঃ বহু লোকৰ নখ সুন্দৰ হ’লেও নিজে নিজে ভাঙি যায়। ইয়াৰ উপৰি বহু নখ দুৰ্বল হোৱাৰ বাবে ছিঙি যায়। ই শৰীৰত তেজৰ পৰিমাণ কম কৰাৰ উপৰি থাইয়ৰডৰ লক্ষণৰ ইংগিত বহন কৰে।