নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাকিংহাম পেলেচত শোকঃ ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী প্ৰিন্স ফিলিপে ভাৰতীয় সময় অনুযায়ী আজি সন্ধিয়া শেষনিশ্বাস ত্যাগ কৰে। ৰাজপ্ৰসাদ বাকিংহাম পেলেচৰ পৰা এই তথ্য সদৰী কৰা হৈছে।

বাকিংহাম পেলেচৰ পৰা এটা বিবৃতিত কয়- মহামান্য ৰাণীয়ে অতি দুখেৰে তেওঁৰ প্ৰিয় স্বামী প্ৰিন্স ফিলিপ, ডিউক অৱ এডিনবাৰ্গৰ মৃত্যুৰ খবৰ ঘোষণা কৰিছে। প্ৰিন্স ফিলিপৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৯৯ বছৰ। ১৯২১ চনৰ ১০ জুনত গ্ৰীচত জন্মগ্ৰহণ কৰা ফিলিপে ৰাজকুমাৰী এলিজাবেথক ১৯৪৭ চনত বিবাহ কৰাই ব্ৰিটিছ ৰাজপৰিয়ালৰ অংশীদাৰ হৈছিল।

এলিজাবেথৰ সৈতে ১৯৪৭ চনৰ পৰা ২০২১ চনলৈ ৭৪ বছৰ কটোৱা প্ৰিন্স ফিলিপে ব্ৰিটিছ ৰাজপৰিয়ালৰ ইতিহাসত সবাতোকৈ দীৰ্ঘ যুগ্মজীৱনেৰে অভিলেখ ৰচিছিল।

You might also like