নিয়মীয়া বাৰ্তা ১৭ এপ্ৰিলঃ ৰাজশাসনৰ অধিপতি গ্রহ মংগলে মন্ত্রিত্বৰ ভাৰ লােৱাত ৰাজ্যত পুনৰ চৰকাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে গঠন কৰিব। আনহাতে, দেশৰ সন্ত্রাসবাদ দমনত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী বিশেষভাৱে সফল হ’ব আৰু সন্ত্রাসবাদ নির্মূলকৰণত ভাৰতে পৃথিৱীৰ বহু দেশৰ প্রশংসা লাভ কৰিব। মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত ১৪২৮ ভাস্কৰাব্দৰ পৰম্পৰাগত ‘বর্ষফল গণনা’ কৰি বৰপেটা সত্ৰৰ দৈৱজ্ঞ জ্যোতির্যানৱৰত্ন বিদ্যাভূষণ ত্রিদিপ দেৱ শৰ্মা দলৈয়ে কালি এইদৰে কয়। জ্যোতিষী, বিদ্যাভূষণ শর্মা দলৈৰ এইবাৰৰ বর্ষফল গণনা অনুসৰি আগন্তুক বছৰটো ৰাজ্যখনৰ বাবে মুঠেই অনুকূল নহয়। ৰাশিফল মতে পঞ্চম স্থানত কেতু, সপ্তম স্থানত শনি, অষ্টম স্থানত বৃহস্পতি, দশম স্থানত শুক্র, ৰবি আৰু বুধ, একাদশ স্থানত মংগল ৰাহুচক্ৰ অৱস্থান কৰাত বছৰটো ৰাজ্যখনৰ কাৰণে অনুকূল বুলি ক’ব নােৱাৰি। সংক্ৰান্তিৰ সময়ত কালসর্প যােগ আৰু শনিৰ পূৰ্ণদৃষ্টি পৰিছে।
শনি ৰজা আৰু মংগল মন্ত্রী হােৱাত লগতে সপ্তম স্থানত শনি অৱস্থান কৰাত ৰাজ্যত বছৰটোত বৃদ্ধি পাব পাৰে যান-বাহন, ৰে’ল, বিমান দুর্ঘটনা, হত্যা, লুণ্ঠন, অগ্নিকাণ্ড, অপহৰণ আৰু সন্ত্রাসবাদমূলক কার্য। জীৱহানি, প্রাকৃতিক দুর্যোগ, সাধু, সৎ, সাধক আৰু ৰাজনৈতিক পৰিচালকৰ বাবে ঠগ আৰু ক্ষতি হােৱা বছৰ। বহু ঠাইত অশান্তিৰ লগতে আকস্মিক দুর্ঘটনা, গুপ্তহত্যাৰ যােগ আৰু প্রাকৃতিক দুর্যোগে ৰাজ্যখনৰ অঞ্চলভেদে ব্যাপক ক্ষতি কৰিব।
বর্ষফল গণনা কৰি শৰ্মা দলৈয়ে প্রকাশ কৰা মতে, এইবেলি শুক্র জলাধিপতি আৰু চন্দ্র শস্যাধিপতি হােৱাত খৰাং বতৰৰ লগতে বানপানীৰ প্ৰভাৱত ৰাজ্যখনৰ শস্য আদিৰ প্রভূত ক্ষতি হ’ব। লগতে ভূমিকম্পৰ ফলত ধনজন-সম্পত্তি ধ্বংস হােৱাৰাে যােগ আছে। ৰাজ্যত ৰাজনৈতিক, অর্থনৈতিক সমস্যাৰ লগতে খাদ্য সংকটে দেখা দিব পাৰে বুলিও শর্মা দলৈয়ে কয়। আনহাতে, কালসর্প যােগ আৰু শনিৰ পূৰ্ণদৃষ্টিৰ বাবে সকলাে ৰাজনৈতিক নেতাই সাৱধান হােৱাটো মংগলজনক বুলি উল্লেখ কৰি ৰাজশাসনৰ অধিপতি গ্রহ মংগলে মন্ত্রিত্বৰ ভাৰ লােৱাত অসমত বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি ভৱিষ্যদ্বাণী কৰে বৰপেটা সত্ৰৰ জ্যোতিষী শর্মা দলৈয়ে। আনহাতে, ভাৰত দেশৰ ৰাশি মকৰ। ৰাশি চএ মতে বছৰটোৰ অধিকাংশ সময় ভাৰতৰ বাবে প্রতিকূল হ’ব। শনি জন্ম ৰাশিত অৱস্থান কৰাত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধিপাব যদিও সন্ত্রাসবাদীয়ে মূৰ দাঙি উঠিব নােৱাৰিব। বছৰটো নানা ধৰণৰ প্রতিকূল অৱস্থাৰ মাজেৰে অতিবাহিত হ’ব। ৰাজনৈতিক, সামাজিক, প্রাকৃতিক দুর্যোগ, অর্থনৈতিক সংকট, আন্দোলন, সন্ত্রাসবাদী কার্যকলাপ অব্যাহত থাকিব যদিও গুৰু শুক্র শুভ প্রভাৱত প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে দক্ষতাৰে দেশ শাসন কৰিবলৈ সক্ষম হ’ব। সন্ত্রাসবাদ নির্মুলকৰণত ভাৰতে পৃথিৱীৰ ভালেমান দেশৰ পৰা প্রশংসা পােৱাৰ যােগ আছে। ইপিনে দেশৰ বিখ্যাত সাহিত্যিক অথবা ৰাজনৈতিক নেতাৰ মৃত্যুৰ সম্ভাৱনা থকা বুলিও কয় জ্যোতিষী শর্মা দলৈয়ে।