নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ ফ্রান্সৰ বায়ুসেনাৰ সৈতে সমন্বয় অধিক শক্তিশালীকৰণৰ লক্ষ্যৰে পাঁচ দিনীয়া ভ্রমণসূচীৰে আজি ফ্রান্সলৈ ৰাওনা হৈছে ভাৰতৰ বায়ুসেনাৰ মুৰব্বী আৰ কে এছ ভাডাউৰিয়া৷ ১৯ এপ্রিলৰ পৰা ২৩ এপ্রিললৈকে ফ্রান্স ভ্রমণত বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে দেশখনৰ বায়ুসেনাৰ লগতে বিভিন্ন সামৰিক বাহিনীৰ বিষয়াৰ সৈতে আলোচনাত মিলিত হ’ব৷ দুয়ো দেশৰ সামৰিক–প্রতিৰক্ষা সম্পর্কীয় বিষয়ৰ লগতে ৰাফেল যুদ্ধবিমানৰ বাকী থকা বিমানকেইখন কেতিয়া ভাৰতক যোগান ধৰিব সেই সন্দর্ভতো আলোচনা কৰিব৷
উল্লেখ্য যে ফ্রান্সৰ পৰা ভাৰতে ইতিমধ্যে অত্যাধুনিক যুদ্ধবিমান ৰাফেল ১৬খন লাভ কৰিছে৷ ৩৬খনৰ ভিতৰত ১৬খন ভাৰতলৈ অনা হৈছে আৰু বায়ু সেনাবাহিনীত মোতায়েন কৰা হৈছে৷ তথ্য মতে চলিত মাহৰ শেষৰ ফালে আন ৬খন বিমান ভাৰতলৈ আহিব৷ বায়ুসেনাৰ সা–সুবিধা আৰু বায়ুঘাটিৰ সন্দর্ভত বায়ুসেনাৰ মুৰব্বীগৰাকীয়ে ফ্রান্সৰ আটাইকেইটা সেনাবাহিনীৰ মুৰব্বীৰ সৈতে আলোচনা কৰিব৷