নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজে ৰোৱা চন্দন গছৰ কাঠেৰে সজোৱা চিতাৰ জুইত চিৰদিনলৈ বিলীন ‘গৰিবৰ বন্ধু’

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ পঞ্চভূতত বিলীন হ’ল প্রবীণ কংগ্রেছ নেতা, প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মনৰ নশ্বৰদেহ৷ মঙলবাৰে দুপৰীয়া হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত নিজে পিতৃ–মাতৃৰ নামত স্থাপন কৰা বেলশৰৰ ভকতৰাম পুখুৰীপাৰৰ উদ্যানত ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয় প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া৷

নিজে ৰোপণ কৰা চন্দন গছৰ কাঠেৰে সজোৱা চিতাৰ জুইত চিৰদিনলৈ বিলীন হৈ গ’ল এগৰাকী আদর্শ কৃষক–ৰাজনীতিক ডাঃ বর্মনৰ নশ্বৰদেহ৷ আৰক্ষীৰ তোপধ্বনি আৰু অভিবাদনেৰে জননেতাগৰাকীলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়৷ শোকাকুল পৰিৱেশৰ মাজত গুৱাহাটীৰ পৰা বেলশৰলৈকে হোৱা অন্তিম যাত্রাৰ সাক্ষী হ’ল বহুজন৷এসময়ত দুখীয়া ৰাইজক বিনামূলীয়াকৈ চিকিৎসা প্রদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ যোগান ধৰি মানৱতাৰ পৰিচয় দাঙি ধৰা সু–চিকিৎসক তথা বিচক্ষণ ৰাজনীতিক, প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মনৰ মৃত্যুত তেওঁৰ কেইবাগৰাকী ঘনিষ্ঠ, শুভাকাংক্ষী, দল–সংগঠনে গভীৰ শ্রদ্ধাঞ্জলি নিবেদন কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে৷

এই শেষকৃত্য সম্পন্নৰ সময়ত শাসক–বিৰোধীৰ বহু নেতাই ভিৰ কৰে ভকতৰাম পুখুৰীপাৰৰ সমাধি ক্ষেত্রত৷

ইপিনে, সোমবাৰে নিশাৰে পৰা প্রিয় জননেতা তথা মানৱদৰদী, সুচিকিৎসক, বর্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বর্মনৰ নশ্বৰদেহত শেষ শ্রদ্ধা জনাবলৈ হাজাৰ হাজাৰ গুণমুগ্ধই ভিৰ কৰে বেলশৰৰ বাসভৱনত৷ শেষ শয়নত থকা ‘গৰিবৰ বন্ধু’ ডাঃ ভূমিধৰ বর্মনৰ নশ্বৰদেহ বেলশৰ শিঙিমাৰাৰ বাসভৱনৰ পৰা লৈ এক দীঘলীয়া শোভাযাত্রা উলিয়াই বেলশৰ অঞ্চল পৰিভ্রমণ কৰায়৷ সকলোৰে মৰমৰ ‘ভূমি ডাক্তৰ’ ৰূপে পৰিচিত ডাঃ বর্মনৰ নশ্বৰ দেহৰ অন্তিম যাত্রাত অংশগ্রহণ কৰা হাজাৰ হাজাৰ হাজাৰ গুণমুগ্ধই শেষ শ্রদ্ধা জনোৱাৰ লগতে অন্তিম যাত্রাৰ সময়ত বেলশৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়, বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বেলশৰ মিলন শিল্পী সংঘ, বেলশৰ আঞ্চলিক ক্রীডা সংঘ, বিল্বেশ্বৰ দেৱালয়, বেলশৰ সমাজ কল্যাণ সমিতি, বেলশৰ বজাৰ সমিতি, বেলশৰ চ’ক বজাৰ সমিতিকে ধৰি স্থানীয় বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে নশ্বৰদেহত শ্রদ্ধাঞ্জলি নিবেদন কৰে৷

আনহাতে, ডাঃ বর্মনৰ ৰাজহুৱা অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি শাসক–বিৰোধী দলৰ ভালেমান নেতা৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে প্রয়াত জননেতাগৰাকীৰ নশ্বৰদেহত শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীৰ পিছতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ আব্দুল খালেক, প্রাক্তন মন্ত্রী ৰকিবুল হুছেইন, মুখ্যমন্ত্রীৰ আইনী উপদেষ্টা শান্তনু ভৰালী, বৰক্ষেত্রীৰ বিধায়ক নাৰায়ণ ডেকা, ডিব্রুগডৰ বিধায়ক প্রশান্ত ফুকন, প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক প্রদ্যুৎ ভূঞা, প্রাক্তন মন্ত্রী বসন্ত দাস, প্রদেশ কংগ্রেছৰ সম্পাদক দিগন্ত ভূষণ বর্মন, প্রদেশ যুৱ কংগ্রেছৰ উপ–সভাপতি ৰাতুল পাটোৱাৰী, ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতা, চীফ ষ্টাফ ৰিপ’টাৰ হেমন্ত কুমাৰ মজুমদাৰ, জিলা কংগ্রেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ, বিজেপিৰ যুৱ নেতা ত্রিনয়ন বর্মন, নলবাৰীৰ উপায়ুক্ত পূৰৱী কোঁৱৰ, আৰক্ষী অধীক্ষক অমনজিৎ কৌৰকে ধৰি কেইবাগৰাকী চৰকাৰী বিষয়া আৰু দলীয় নেতাৰ উপৰি অসম গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতি, অসম প্রদেশ সাংবাদিক সন্থায়ো অন্তিম শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্রয়াত ডাঃ বর্মনৰ মুখাগ্নি কৰে পুত্র দিগন্ত বর্মনে৷

You might also like