বিপজ্জনকভাৱে উন্মুক্ত শ্রীৰামপুৰ–ছাগলীয়াঃ খোলা চেকগেটেৰে বহিঃৰাজ্যৰ পৰা হোৰাহোৰে অসমলৈ সোমায়েই আছে বাছ–ট্রাক–লঘু বাহন
- অসমৰ বাহিৰৰ পৰা অহা যাত্রী–ট্রাকচালকে ৰাজ্যত অবাধ হাৰত ক’ভিড সংক্রমণ
ঘটোৱাৰ আশংকা - দুদিনৰ ভিতৰতহে আন্তঃৰাজ্যিক সীমান্তত ক’ভিড টেষ্ট আৰম্ভ কৰাৰ ঘোষণা ডিজিপিৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ৰাজ্যখনত উদ্বেগজনকভাৱে ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে মঙলবাৰে এক নতুন এছঅ’পিৰ জৰিয়তে বিভিন্ন ক্ষেত্রত কেতবোৰ বাধা–নিষেধ আৰোপ কৰিছে৷ ক’ভিডৰ সংক্রমণ ৰোধৰ পদক্ষেপ হিচাপে চৰকাৰে স্বাভাৱিক জীৱন যাত্রাত কিছু বাধ্যবাধকতা আনিছে যদিও অসমকে ধৰি উত্তৰ–পূবৰ প্রৱেশদ্বাৰ অসম–পশ্চিমবংগ সীমান্তৰ শ্রীৰামপুৰ আৰু ছাগলীয়া আজিও হৈ আছে সম্পূর্ণ উন্মুক্ত৷ অথচ এই শ্রীৰামপুৰ আৰু ছাগলীয়া গেটেৰেই দেশৰ ভিন্ন প্রান্তৰ পৰা প্রতিদিনে হাজাৰ হাজাৰ ট্রাক আহি আছে৷
ৰাজ্য চৰকাৰে বহিঃৰাজ্যৰ পৰা অহা বিমান যাত্রীসকলক বিমানকোঠত আৰু ৰে’লযাত্রীসকলক ৰে’ল ষ্টেচনত ক’ভিড টেষ্টৰ ব্যৱস্থা কৰিছে৷ কিন্তু আজিৰ দিনটোলৈ শ্রীৰামপুৰ আৰু ছাগলীয়াৰে অসমত প্রৱেশ কৰা ট্রাক–বাছৰ চালক, হেণ্ডিমেন, কর্মচাৰী, আৰোহীৰ উক্ত স্থানত ক’ভিড পৰীক্ষাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই৷
ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই মঙলবাৰে দিছপুৰত আয়োজিত সংবাদ মেলত প্রকাশ কৰা অনুসৰি ৰাজ্যখনৰ বিভিন্ন প্রান্তত থকা ট্রাক টার্মিনাছত ক’ভিড টেষ্টৰ ব্যৱস্থা কৰা হৈছে৷ অহা দুদিনৰ ভিতৰত এই দুই স্থানত ক’ভিড টেষ্ট আৰম্ভ কৰা হ’ব৷ আৰক্ষী সঞ্চালকপ্রধানগৰা সেই ভাষ্যতেই ওলাই পৰিছে উন্মুক্ত সীমান্তত ঘটি থকা ভয়ানক কাণ্ড৷
পৰিবহণ বিভাগৰ এক সূত্রৰ পৰা জানিব পৰা মতে, প্রতিদিনে শ্রীৰামপুৰেৰে তিনি হাজাৰৰ পৰা চাৰি হাজাৰ বিভিন্ন ধৰণৰ যান–বাহন বহিঃৰাজ্যৰ পৰা অসম তথা উত্তৰ–পূর্বাঞ্চললৈ আহে৷ ইয়াৰে ডেৰ হাজাৰৰ পৰা দুহেজাৰ ট্রাকেই আহে৷ সেইদৰে শিলিগুৰি, কোচবিহাৰ আদি স্থানৰ পৰাও অজস্র বাছ অসমলৈ আহে৷ একেদৰে সৰু–বৰ সহস্রাধিক বাহনো প্রতিদিনে শ্রীৰামপুৰ সীমান্তৰে অসমত প্রৱেশ কৰে৷
আনহাতে, ছাগলীয়াৰে প্রতিদিনে ডেৰ হাজাৰৰ পৰা দুহেজাৰ বাহন অসমত প্রৱেশ কৰে৷ ইয়াৰে গড়ে ৬০০ৰ পৰা ৮০০ ট্রাক ছাগলীয়াৰে অসমলৈ আহে৷ বাছ, সৰু–বৰ বাহনো সেই প্রৱেশ পথেৰে নিতৌ অসমলৈ অহা–যোৱা কৰে৷ তদুপৰি ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বৰপেটা জিলাৰ বহু লোক বিভিন্ন ব্যৱসায়–বাণিজ্য সূত্রে সঘনাই পশ্চিমবংগৰ কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি জিলাৰ সৈতে সংস্পর্শত থাকে৷ গৰিষ্ঠসংখ্যকেই শ্রীৰামপুৰ আৰু ছাগলীয়া হৈ স্থলপথেদি অহা–যোৱা কৰে৷ এনে অৱস্থাত অত্যন্ত স্পর্শকাতৰ হোৱা সত্ত্বেও আজিপর্যন্ত চৰকাৰে শ্রীৰামপুৰ আৰু ছাগলীয়াত ক’ভিড টেষ্টৰ ব্যৱস্থা নকৰাটো অত্যন্ত উদ্বেগৰ বিষয় হৈ পৰিছে৷
মন কৰিবলগীয়া এয়ে যে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাত মঙলবাৰলৈকে ১২,২৩৫গৰাকী, আলিপুৰদুৱাৰ জিলাত ৭,৮৭২গৰাকী আৰু জলপাইগুৰি জিলাত ১৫,৬৬৭গৰাকী ক’ভিডত আক্রান্ত হৈছে৷
চুবুৰীয়া ৰাজ্যখনত ক’ভিডৰ সংক্রমণ অধিক উদ্বেগজনক হোৱাৰ পিছতো অসম চৰকাৰে আজিলৈকে সীমান্তত ক’ভিড টেষ্টৰ ব্যৱস্থা নকৰাটোৱেই ভয়াৱহ পৰিস্থিতিৰ ইংগিত বহন কৰিছে৷ কিয়নো সেই সীমান্তৰে বাছ–মটৰ, সৰু–বৰ ব্যক্তিগত বাহনেৰে অহা লোকসকলৰ লগতে বহিঃৰাজ্যৰ পৰা ট্রাকৰ চালক–হেণ্ডিমেনৰ কোনোধৰণৰ ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হোৱা নাই৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱা বছৰ হোৱা ক’ভিডৰ সময়তো পশ্চিম অসমৰ ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও জিলাৰ আক্রান্ত হোৱা বহু লোকৰে ট্রেভেল হিষ্ট্রী আছিল পশ্চিমবংগ৷ ইমানৰ পিছতো বংগ সীমান্তত ৰাজ্য চৰকাৰে যিদৰে গুৰুত্ব দিব লাগিছিল, তেনেদৰে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷