চাৰি জিলালৈ সকাহঃ চিলাপথাৰত অক্সিজেন উৎপাদন প্লাণ্ট উদ্বোধন
নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিত দেশৰ চিকিৎসালয়ে চিকিৎসালয়ে অক্সিজেনৰ নাটনিয়ে ভয়াৱহ সমস্যাৰ উদ্ভৱ কৰাৰ সময়তে উজনিৰ কেইবাখনো জিলালৈ এক আশাৰ বতৰা কঢ়িয়াই ধেমাজি জিলাৰ চিলাপথাৰত স্থাপন কৰা হৈছে লুইত এৰো প্রডাক্ট নামৰ এটা গেছ উৎপাদন প্লাণ্ট৷ দৈনিক চাৰি টনকৈ গেছ উৎপাদনৰ ক্ষমতাসম্পন্ন ঔদ্যোগিক প্রকল্পটোৱে সাম্প্রতিক সময়ত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণত আক্রান্ত চিকিৎসাধীন ৰোগীৰ বাবে অতীৱ প্রয়োজনীয় অক্সিজেনৰ অভাৱ দূৰ কৰি আর্তজনক সকাহ দিবলৈ সক্ষম হ’ব৷ গেছ প্লাণ্টটোৱে উজনিৰ ধেমাজি, ডিব্রুগড, লখিমপুৰ জিলাকে ধৰি চুবুৰীয়া জিলাকেইখনত আগন্তুক দিনত ক’ৰোনাত আক্রান্ত ৰোগীৰ ক্ষেত্রত সৃষ্টি হ’ব পৰা অক্সিজেনৰ নাটনি দূৰ কৰি জীৱন ৰক্ষাত অভূতপূর্ব সহায় দিয়াটো নিশ্চিত৷
দৈনিক ৪ টন উৎপাদনক্ষম ১৪০০ সৰু–বৰ চিলিণ্ডাৰ মজুত থকা গেছ প্লাণ্টটোত অক্সিজেন, নাইড্র’জেন, মেডিকেল অক্সিজেনৰ উপৰি অন্যান্য গেছ উৎপাদনৰ ক্ষমতা থকা বুলি জানিব পৰা গৈছে৷ ডিব্রুগড জিলাৰ এজন উদ্যমী থলুৱা ব্যৱসায়ী হলিৰাম ফুকনে চিলাপথাৰ নগৰৰ চিলা জনজাতিত স্থাপন কৰা গেছ প্রকল্পটো যোৱা ২৩ এপ্রিলত শুভ উদ্বোধন কৰা হয়৷ লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, অৰুণাচলৰ সাংসদ টাপিৰ গাৰক্স, লিকাবালি সমষ্টিৰ বিধায়কৰ উপস্থিতিত গেছ উৎপাদন প্রকল্পটো উদ্বোধন কৰে অৰুণাচল প্রদেশৰ স্বাস্থ্যমন্ত্রী আলো বিৰাঙে৷ গেছ প্রকল্পটোৰ একোটা সৰু অক্সিজেন চিলিণ্ডাৰৰ মূল্য ১৫০ টকা কৰা হৈছে আৰু এই চিলিণ্ডাৰৰ জৰিয়তে এজন ৰোগীক তিনি ঘণ্টাৰ বাবে অক্সিজেন যোগান দিব পৰা যাব৷
একেদৰে একোটা ডাঙৰ অক্সিজেন চিলিণ্ডাৰৰ মূল্য ৫০০ টকা আৰু ইয়াৰ দ্বাৰা ৪জন ৰোগীক তিনি ঘণ্টাৰ বাবে অক্সিজেন দিব পৰা যাব৷ ঔদ্যোগিক গেছ প্লাণ্টটোৰ স্বত্বাধিকাৰ হলিৰাম ফুকনে ক’ৰোনা আক্রান্ত ৰোগীৰ বাবে উজনিৰ প্রায় তিনিখন জিলাৰ স্বাস্থ্য খণ্ডৰ বাবে প্রয়োজনীয় গেছ যোগান ধৰিবলৈ প্রস্তুত বুলি সদৰী কৰি চুবুৰীয়া অৰুণাচল প্রদেশৰো গেছ নাটনি সমস্যা দূৰ কৰিবলৈও সম্ভৱ অক্সিজেন চিলিণ্ডাৰ যোগান ধৰিব বুলি কয়৷ এই গেছ প্রকল্পটো ক’ৰোনা মহামাৰীৰ সময়ছোৱাত এক বৃহৎ সকাহ হিচাপে পৰিগণিত হৈছে আৰু ক’ভিড যুদ্ধত অক্সিজেনৰ অভাৱ দূৰ কৰাত ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ লগতে জনসাধাৰণলৈ এক আশাৰ বার্তা কঢ়িয়াই আনিছে৷