নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ১৫ দিনৰ বাবে স্কুল কলেজ–শিক্ষা প্রতিষ্ঠান বন্ধ ঘোষণা

কামৰূপ মেট্র’ত ক’ৰোনা পজিটিভ এহেজাৰ অতিক্রম

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ অহা ১৫ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে কামৰূপ (ম) জিলাৰ সকলো শিক্ষানুষ্ঠান৷ এই সময়ছোৱাত জিলাখনৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে শিক্ষানুষ্ঠানসমূহৰ ছাত্রাৱাস–ছাত্রী নিৱাসো বন্ধ হৈ থাকিব৷ কামৰূপ (ম)ত এদিনত ক’ৰোনা আক্রান্তই এহেজাৰৰ ঘৰ অতিক্রম কৰাৰ পৰিপ্রেক্ষিতত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই পদক্ষেপ ল’বলৈ জিলা উপায়ুক্তগৰাকীক পৰামর্শ আগবঢ়াইছে৷ মন্ত্রীগৰাকীয়ে এহেজাৰ ক’ৰোনা সংক্রমিত লোক ধৰা পৰিলে অনুৰূপ ব্যৱস্থা গ্রহণ কৰিবলৈ সকলো জিলা উপায়ুক্তকে আহ্বান জনাইছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মেলযোগে ঘোষণা কৰিছিল যে কোনো এখন জিলাত এদিনত ক’ৰোনাত আক্রান্তৰ সংখ্যা এহেজাৰ হ’লে জিলাখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হ’ব৷ সোমবাৰে কামৰূপ (ম)ত ১,১৫৩গৰাকী লোকৰ দেহত ক’ৰোনাৰ সংক্রমণ ধৰা পৰাৰ পাছতে জিলাখনৰ সকলো শিক্ষানুষ্ঠান আৰু হোষ্টেল বন্ধ কৰি দিয়া হয়৷ ইফালে কটন বিশ্ববিদ্যালয়ত স্নাতক প্রথম ষাণ্মাসিকৰ পৰীক্ষাসমূহো পৰৱর্তী জাননী নিদিয়ালৈ পিছুৱাই দিয়া হৈছে৷
২৫ জিলাত অষ্টম শ্রেণীলৈ বন্ধ থাকিব পাঠদান
ৰাজ্যত ক’ৰোনা সংক্রমণ বৃদ্ধিৰ প্রতি লক্ষ্য ৰাখি শিক্ষা বিভাগে শিক্ষানুষ্ঠানৰ পাঠদান বন্ধ ৰখাৰ ক্ষেত্রত এক নতুন নির্দেশনা জাৰি কৰিছে৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই নির্দেশনাৰ কথা সদৰী কৰি কয় যে শিক্ষা বিভাগৰ নতুন নির্দেশনা অনুসৰি ক’ভিডৰ সংক্রমণৰ সংখ্যাই ১০০ স্পর্শ কৰা জিলাসমূহত প্রথম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ বন্ধ থাকিব পাঠদান৷ উল্লেখ্য যে পূর্বে শিক্ষা বিভাগে সংক্রমণৰ সংখ্যাই ১০০ স্পর্শ কৰা জিলাসমূহত পঞ্চম শ্রেণীলৈ পাঠদান বন্ধ ৰখাৰ ঘোষণা কৰিছিল৷ আজি পূর্বৰ নিয়ম সংশোধন ঘটাই অষ্টম শ্রেণীলৈ পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ শিক্ষামন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয়– ক’ৰোনা সংক্রমণৰ ১০০ সংখ্যাই ৰাজ্যৰ প্রায়কেইখন জিলাকে স্পর্শ কৰিছে৷ অৱশ্যে চিৰাং, বিশ্বনাথ, বাক্সা, মাজুলী, ডিমা হাছাও, চৰাইদেউ, হাইলাকান্দি, দক্ষিণ শালমাৰা আৰু পশ্চিম কার্বি আংলং জিলাত এতিয়াও সংক্রমণৰ সংখ্যা ১০০ হোৱা নাই৷ গতিকে এই ৯খন জিলাক বাদ দি ২৫খন জিলাত অষ্টম শ্রেণীলৈ পাঠদান সম্পূর্ণৰূপে বন্ধ থাকিব৷ আনহাতে, নৱম শ্রেণীৰ পৰা কলেজ–বিশ্ববিদ্যালয়্ পাঠদান ৫০ শতাংশ ছাত্র–ছাত্রীৰে চলিব৷

You might also like