নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ দ্বিতীয় জোৱাৰৰ বাবে জগৰীয়া নির্বাচন আয়োগ, বিষয়াৰ বিৰুদ্ধে চলিব হত্যাৰ গোচৰ

দেশজুৰি ক’ৰোনাৰ ভয়াৱহ সংক্রমণত ক্রুদ্ধ মাদ্রাজ উচ্চ ন্যায়ালয়

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ দেশত ক’ভিড–১৯ মহামাৰী সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সংহাৰ চলি থকাৰ মাজতে সোমবাৰে মাদ্রাজ উচ্চ ন্যায়ালয়ে নির্বাচন আয়োগৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়াইছে৷ দেশজুৰি শেহতীয়াকৈ ক’ভিডৰ দ্রুত সংক্রমণ ঘটাৰ অন্তৰালত নির্বাচন আয়োগৰ অৰিহণা থকা বুলি তীব্র ক্ষোভ উজাৰিছে ন্যায়ালয়ে৷ অকল সেয়াই নহয়, ন্যায়ালয়ৰ তৰফৰ পৰা ক’ভিড মহামাৰীৰ মাজত নির্বাচন আয়োগে ৰাজনৈতিক সমাৱেশ অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰা বিষয়টোক তীব্র সমালোচনা কৰিছে৷ নির্বাচন আয়োগৰ বিষয়ববীয়া সাধাৰণ জনতাক হত্যা কৰাৰ গোচৰৰ সন্মুখীন হ’ব লাগিব বুলিও উল্লেখ কৰিছে ন্যায়ালয়ে৷ মাদ্রাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনার্জী আৰু ন্যায়াধীশ ছেণ্টিল কুমাৰ ৰামমূর্তিৰ বিচাৰপীঠে নির্বাচন আয়োগক অতি দায়িত্বশূন্য এক প্রতিষ্ঠান বুলিও আখ্যা দিছে৷

নির্বাচন আয়োগৰ আইনী পৰামর্শদাতাক সমালোচনা কৰি মুখ্য ন্যায়াধীশ বেনার্জীয়ে কয় যে দেশত ক’ভিড–১৯ৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ বাবে এই প্রতিষ্ঠানটো অকলেই জগৰীয়া৷ সম্ভৱতঃ আয়োগৰ বিষয়ববীয়াসকল হত্যাৰ গোচৰৰ সন্মুখীন হ’ব লাগিব বুলিও উল্লেখ কৰে বিচাৰপতিগৰাকীয়ে৷ লক্ষণীয়ভাৱে নির্বাচনী সমাৱেশবোৰ অনুষ্ঠিত কৰাৰ সময়ত আয়োগৰ বিষয়ববীয়াসকল আন এটা গ্রহত আছিল নেকি বুলি কটাক্ষও কৰিছে মুখ্য ন্যায়াধীশ বেনার্জীয়ে৷

নির্বাচনী প্রচাৰৰ সময়ত বিভিন্ন আদালতৰ নির্দেশ থকা সত্ত্বেও আয়োগে ফেচ মাস্ক পৰিধান, ছেনিটাইজাৰ ব্যৱহাৰ তথা সামাজিক দূৰত্ব মানি চলাৰ বিষয়বোৰক কার্যকৰী কৰিব নোৱাৰা বাবে মাদ্রাজ উচ্চ ন্যায়ালয়ে তীব্র ক্ষোভ উজাৰিছে৷ লক্ষণীয়ভাৱে ক’ভিড প্রট’কল অনুসৰণ নকৰিলে ২ মে’ত নির্বাচনৰ ভোটগণনাৰ ক্ষেত্রত মাদ্রাজ উচ্চ ন্যায়ালয়ে অনুমতি প্রদান নকৰে বুলিও স্পষ্ট কৰি দিছে৷ ২ মে’ত নির্বাচনৰ ভোটগণনা নিকা আৰু নিৰাপদভাৱে সম্পন্ন হ’ব লাগে বুলি দাবী কৰি উচ্চ ন্যায়ালয়ত জনোৱা এক আবেদনৰ শুনানি গ্রহণৰ সময়ত মাদ্রাজ উচ্চ ন্যায়ালয়ে এই মন্তব্য আগবঢ়াইছে৷ লক্ষণীয়ভাৱে মাদ্রাজ উচ্চ ন্যায়ালয়ৰ এই কঠোৰ মন্তব্য সত্ত্বেও কোনো ধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাই আয়োগে৷

You might also like