নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীঘ্রে বিক্রী কৰিব অ’এনজিচিৰ পান্না–মুক্তা–ৰত্না–আৰ্ ছিৰিজ তৈলক্ষেত্র

ক’ভিডৰ মাজতে ব্যক্তিগতকৰণ আৰম্ভ

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ দেশজুৰি ক’ভিডৰ বিভীষিকা অব্যাহত থকাৰ মাজতে ৰাজহুৱা খণ্ডৰ তৈলক্ষেত্র ব্যক্তিগতকৰণৰ বাবে কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে এটা বৃহৎ পদক্ষেপ৷ ভাৰতীয় তেল আৰু প্রাকৃতিক গেছ নিগম লিমিটেড, চমুকৈ অ’ এন জি চিৰ কেইবাখনো তৈলক্ষেত্র ব্যক্তিগতকৰণৰ বাবে ভাৰত চৰকাৰৰ পেট্র’লিয়াম মন্ত্রালয়ে প্রতিষ্ঠানটোলৈ প্রেৰণ কৰিছে এখন বিশেষ পত্র৷ পত্রখনত পান্না–মুক্তা, ৰত্না আৰু আৰ ছিৰিজৰ তৈলক্ষেত্রসমূহত থকা নিজৰ অংশীদাৰিত্ব বিক্রী কৰিবলৈ অ’ এন জি চি কর্তৃপক্ষক স্পষ্ট নির্দেশ দিয়া হৈছে৷ লগতে উক্ত তৈলক্ষেত্রসমূহত চলি থকা সকলো খনন শীঘ্রে বন্ধ কৰিবওৈ কোৱা হৈছে৷ তৈলক্ষেত্র ব্যক্তিগতকৰণৰ দিশত নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনৰ এয়া অত্যন্ত স্পষ্ট আৰু কঠোৰ পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ ইয়াৰ লগে লগে বিক্রীৰ বাবে সাজু কৰা তৈলক্ষেত্রসমূহৰ আন্তঃগাঁথনিৰ মূল্যমান নির্ধাৰণৰ কামো আৰম্ভ হৈছে৷

উল্লেখ্য যে ভাৰত চৰকাৰৰ পেট্র’লিয়াম মন্ত্রালয়ৰ অতিৰিক্ত সচিব অমৰ নাথে যোৱা ১ এপ্রিলত অ’ এন জি চিৰ চি এম ডি সুভাষ কুমাৰলৈ সাত দফীয়া পৰিকল্পনা সন্নিৱিষ্ট বিশেষ পত্রখন প্রেৰণ কৰিছিল৷ পত্রখনত ২০২৩–২৪ চনত এক তৃতীয়াংশ উৎপাদন বৃদ্ধিৰ স্বার্থত কেতবোৰ গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ এই পৰিকল্পনাৰ অংশ হিচাপে পশ্চিম উপকূলীয় আৰু ভূপৃষ্ঠত থকা পান্না–মুক্তা, ৰত্না আৰু আৰ ছিৰিজৰ তৈলক্ষেত্রসমূহ ব্যক্তিগত খণ্ডৰ হাতত বিক্রী কৰা হ’ব৷ এইদৰে তৈলক্ষেত্রসমূহ বিদেশী প্রতিষ্ঠানৰ হাতত গতোৱাৰ পথো প্রশস্ত হৈ পৰিব৷ প্রণিধনযোগ্য যে তৈলক্ষেত্র বিক্রীৰ বাবে এয়া হৈছে কেন্দ্রীয় চৰকাৰৰ তৃতীয়টো প্রচেষ্টা৷

ইয়াৰ পূর্বে ২০১৭ চনৰ অক্টোবৰ মাহত হাইড্র’কার্বনৰ সঞ্চালকপ্রধানে ৭৯১.২ মিলিয়ন টন খাৰুৱা তেল আৰু ৩৩৩.৪৬ বিলিয়ন কিউবিক মিটাৰ গেছসম্পন্ন ১৫খন লাভজনক তৈলক্ষেত্র ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ পৰিকল্পনা যুগুতাই উলিয়াইছিল৷ কিন্তু অ’ এন জি চিৰ তীব্র বিৰোধিতাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল৷ ইয়াৰ পৰৱর্তী পর্যায়ত ২০১৯ চনৰ ফেব্রুৱাৰীত কেন্দ্রীয় চৰকাৰৰ কেবিনেটে অ’ এন জি চিৰ ৬৪খন তৈলক্ষেত্র ব্যক্তিগতকৰণৰ সিদ্ধান্তত অনুমোদন জনায়৷ এই বিষয়টোক লৈও দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হয়৷ ইয়াৰ পাছত ৪৯খন তৈলক্ষেত্র অ’ এন জি চিক নিজৰ লগত ৰাখিবলৈ অনুমতি দিয়া হয় যদিও তিনি বছৰ প্রতিষ্ঠানটোৰ পাৰদর্শিতা চৰকাৰৰ নিৰীক্ষণত ৰখাৰ চর্ত আৰোপ কৰা হয়৷ তিনি বছৰ অতিক্রম নৌকৰোঁতেই কেন্দ্রীয় চৰকাৰে তৈলক্ষেত্র ব্যক্তিগতকৰণৰ বাবে তৃতীয়টো প্রচেষ্টা হাতত লৈছে৷

অৱশ্যে কেন্দ্রীয় চৰকাৰে ইয়াৰ কাৰণ হিচাপে যুক্তি আগবঢ়াইছে যে খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ আমদানিৰ ক্ষেত্রত বিদেশী ৰাষ্ট্রৰ ওপৰত নির্ভৰশীলতা কমাবৰ বাবে ব্যক্তিগতকৰণৰ সিদ্ধান্ত লোৱা হৈছে৷ ২০২৩–২৪ বর্ষৰ ভিতৰত ৪০ মিলিয়ন টন খাৰুৱা তেল আৰু ৫০ মিলিয়ন কিউবিক মিটাৰ প্রাকৃতিক গেছ ঘৰুৱাভাৱে উৎপাদনৰ লক্ষ্য লোৱা হৈছে৷ ইয়াৰে এক বৃহৎ অংশৰ উৎপাদন অ’ এন জি চিৰ পৰা আশা কৰা হৈছে৷ উল্লেখ্য যে ২০২০–২১ বর্ষত অ’ এন জি চিয়ে ২০.২ মিলিয়ন টন খাৰুৱা তেল উৎপাদন কৰিছিল৷ যিটো আছিল ২০১৮–১৯ বর্ষতকৈ ০.৪ মিলিয়ন টন কম৷ একেদৰে অ’ এন জি চিয়ে ২০১৮–১৯ বর্ষত ২৪.৬৭ বিলিয়ন কিউবিক মিটাৰ প্রাকৃতিক গেছ উৎপাদন কৰাৰ বিপৰীতে ২০২০–২১ বর্ষত ২১.৮৭ বিলিয়ন কিউবিক মিটাৰ গেছহে উৎপাদন কৰিবলৈ সক্ষম হয়৷ অ’ এন জি চিৰ উৎপাদন হ্রাস পোৱাটোকে কেন্দ্রীয় চৰকাৰে তৈলক্ষেত্র বিক্রীৰ অজুহাত হিচাপে দেখুৱাইছে৷

You might also like