নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড পৰিস্থিতি অনুকূল হ’লে অনুষ্ঠিত হ’ব মেট্রিক পৰীক্ষা

শিক্ষা বিভাগৰ নির্দেশনালৈ অপেক্ষা ছেবা কর্তৃপক্ষৰ

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ সমগ্র ৰাজ্যৰ লগতে মহানগৰীতো এতিয়া দ্রুত হাৰত বৃদ্ধি পাইছে ক’ভিড আক্রান্তৰ সংখ্যা৷ ইতিমধ্যে গুৱাহাটী মহানগৰীত ক’ভিড আক্রান্তৰ সংখ্যাই এহেজাৰৰ ঘৰ অতিক্রম কৰাৰ পাছত বন্ধ হৈছে শিক্ষানুষ্ঠান৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পূর্বে ঘোষণা কৰা অনুসৰি এখন জিলাত ১,০০০তকৈ অধিক লোক ক’ভিডত আক্রান্ত হ’লে তেনে জিলাত শিক্ষানুষ্ঠানসমূহ বন্ধ হ’ব৷ শিক্ষামন্ত্রীৰ এই নির্দেশৰ পাছতে আজিৰে পৰা বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ সকলো শিক্ষানুষ্ঠান৷ এই শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ পৰাৰ পাছতে আগন্তুক মেট্রিক পৰীক্ষার্থী আৰু অভিভাৱকসকলৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎসুকতা৷ ক’ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ মাজত এইবাৰ মেট্রিক পৰীক্ষা অনুষ্ঠিত হ’বনে? যদি হয়, ক’ভিড পৰিস্থিতিৰ মাজত ছেবাই কিদৰে অনুষ্ঠিত কৰিব মেট্রিক পৰীক্ষা৷

শিক্ষার্থী–ভিভাৱকৰ মাজত সৃষ্টি হোৱা এনেবোৰ প্রশ্ণৰ মাজতে ‘নিয়মীয়া বার্তা’ৰ হাতত আহি পৰিছে এক গুৰুত্বপূর্ণ তথ্য৷ ছেবাৰ এক বিশ্বস্ত সূত্রই সদৰী কৰা অনুসৰি ক’ভিড পৰিস্থিতি অনুকূল হ’লে পূর্বনির্ধাৰিত সূচী অনুসৰিয়েই অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্রাছা পৰীক্ষা৷ ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগলৈ আজি ছেবাই এই সন্দর্ভত প্রেৰণ কৰিছে এখন পত্র৷ তাৰ মাজতে ছেবাৰ এক সূত্রত প্রকাশ কৰা অনুসৰি অহা ৪ মে’ত মেট্রিক পৰীক্ষা সন্দর্ভত শিক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু ছেবাৰ মাজত অনুষ্ঠিত হ’ব এখন গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকৰ পাছতে পৰীক্ষা সন্দর্ভত অহা ৬ মে’ত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে ছেবা কর্তৃপক্ষৰ৷ ইফালে ছেবাৰ এক বিশ্বস্ত সূত্রই সদৰী কৰা অনুসৰি পৰিস্থিতি জটিল হ’লেও এইবাৰ কোনোপধ্যে বাতিল নহয় মেট্রিক পৰীক্ষা, অৱশ্যে কিছু সালসলনি হ’ব পাৰে পূর্বনির্ধাৰিত পৰীক্ষাৰ সূচী৷ উল্লেখ্য যে এইবাৰ ৰাজ্যৰ ৮৭৮টা পৰীক্ষা কেন্দ্রত অৱতীর্ণ হ’ব ৪ লাখ ৩০ হাজাৰ ৩৩৮গৰাকী পৰীক্ষার্থী৷

You might also like